অসম

assam

ETV Bharat / sukhibhava

আপুনিও খাদ্য এলুমিনিয়াম ফয়েলত পেক কৰে নেকি ? তেন্তে সাৱধান!

Aluminum Foil Disadvantage: আমি সাধাৰণতে ৰুটি-পৰঠা আদি কোমল কৰি ৰাখিবৰ বাবে এলুমিনিয়াম ফয়েলৰ ব্যৱহাৰ কৰো ৷ ইয়াক গ্ৰীলিং কৰাৰ সময়ত ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰি ভ্ৰমণৰ সময়ত খাদ্য পেক কৰালৈকে সকলো কামতে ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি জানেনে যে ই স্বাস্থ্যৰ পক্ষে কেনেধৰণৰ বিপদৰ সৃষ্টি কৰিব পাৰে ৷

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 11:20 AM IST

Do you also pack food in aluminum foil? then know its side effects
আপুনিও খাদ্য এলুমিনিয়াম ফয়েলত পেক কৰে নেকি ? তেন্তে সাৱধান!

বহুতো বস্তু আছে যিবোৰ আমি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰো ৷ ইয়াৰে এটা হ’ল এলুমিনিয়াম ফয়েল ৷ যদি আপুনিও দুপৰীয়াৰ আহাৰ তৈয়াৰ কৰিছে তেন্তে আপুনি নিশ্চয় আপোনাৰ খাদ্য এলুমিনিয়াম ফয়েলত পেক কৰে ৷ ই আপোনাৰ ৰুটি-পৰঠা আদি কোমল কৰি ৰাখে ৷ ইয়াক গ্ৰীলিং কৰাৰ সময়ত ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰি ভ্ৰমণৰ সময়ত খাদ্য পেক কৰালৈকে সকলো কামতে ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি জানেনে যে ই স্বাস্থ্যৰ পক্ষে কেনেধৰণৰ বিপদৰ সৃষ্টি কৰিব পাৰে ৷

খাদ্য পেক কৰাৰ আটাইতকৈ সাধাৰণ উপায় হ'ল এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰা ৷ মানুহে এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰাটো সুবিধাজনক বুলি বিবেচনা কৰিলেও তেওঁলোকে পাহৰি যায় যে এই ফয়েল কাগজখনে নিজৰ লগত বহু সমস্যা কঢ়িয়াই আনে, বিশেষকৈ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৷ আজি আমি ইয়াৰ ফলত হোৱা অসুবিধাৰ বিষয়ে জানিম ৷

এলুমিনিয়াম ফয়েলত খাদ্য সংৰক্ষণৰ পাৰ্শ্বক্ৰিয়া

বিশেষজ্ঞসকলৰ মতে, এলুমিনিয়াম ফয়েলৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ যেতিয়া আমি খাদ্য গৰম কৰি ৰাখিবলৈ এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰো তেতিয়া আমি গৰম খাদ্যখিনি তাত ভাঁজ কৰি লওঁ ৷ যেতিয়া গৰম খাদ্য এলুমিনিয়াম ফয়েলৰ সংস্পৰ্শলৈ আহে তেতিয়া এলুমিনিয়ামৰ মৌল খাদ্যত প্ৰৱেশ কৰে ৷ এই ধৰণৰ খাদ্য বহু সময় ধৰি খালে আপোনাৰ স্মৃতিশক্তিত প্ৰভাৱ পৰিব পাৰে ৷

বিশেষজ্ঞসকলে কয় যে, এলুমিনিয়াম ফয়েলত খাদ্য পেক কৰাটো ঠিকেই আছে, কিন্তু দীৰ্ঘসময়লৈকে ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে ৷ বিশেষকৈ যেতিয়া এচিডিক খাদ্য আৰু নিমখীয়া খাদ্য এলুমিনিয়াম ফয়েলত দীৰ্ঘসময়লৈকে ৰখা হয় তেন্তে ৰাসায়নিক বিক্ৰিয়াৰ ফলত ইয়াৰ সোৱাদ সলনি হ’ব পাৰে আৰু যকৃত আৰু বৃক্কৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ পেক কৰা খাদ্যত দীৰ্ঘসময় ধৰি আৰ্দ্ৰতা জমা হোৱাৰ বাবে বেক্টেৰিয়া বৃদ্ধিৰ সমস্যাও হ’ব পাৰে ৷ একে সময়তে ছাইট্ৰিক বা টেঙা বস্তুবোৰ এলুমিনিয়াম ফয়েলত মেৰিয়াই ল’লে টেঙা বস্তুবোৰে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰে আৰু ৰাসায়নিক বিষক্ৰিয়াৰ ফলত পেটৰ ক্ষতি হয় ৷ ইয়াৰ ফলত পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে ৷

এলঝাইমাৰ ৰোগ-

ভাৰতৰ অধিকাশ লোকেই এলুমিনিয়াম ফয়েল থকা পাত্ৰত গৰম খাদ্য পেক কৰে, কিন্তু আপুনি জানেনে যে গৰম খাদ্য কেতিয়াও ফয়েল পেপাৰ বা এলুমিনিয়াম ফয়েলত ঢাকিব নালাগে ? কাৰণ গৰম উষ্ণতাই ফয়েলখনক গলাই দিয়ে আৰু ইয়াৰ মৌলবোৰ খাদ্যৰ লগত মিহলি হৈ পৰে ৷ এইবোৰে এলঝেইমাৰ আৰু ডিমেনচিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷ কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে এলুমিনিয়ামৰ অত্যধিক ব্যৱহাৰে এলঝেইমাৰ ৰোগৰ বিকাশত অৰিহণা যোগাব পাৰে ৷ মগজুত এলুমিনিয়াম জমা হ’ব পাৰে, যাৰ ফলত এমাইল’ইড প্লেক গঠন হয়, যিটো এলঝেইমাৰ ৰোগৰ এটা চিহ্ন ৷

শ্বাস-প্ৰশ্বাসজনিত ৰোগ-

এলুমিনিয়ামৰ ধোঁৱাৰ সংস্পৰ্শলৈ আহিলে হাঁপানী, ক্ৰনিক ব্ৰংকাইটিছ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ আদি শ্বাস-প্ৰশ্বাসজনিত ৰোগ হ’ব পাৰে ৷ এলুমিনিয়ামক গৰম কৰিলে বা জ্বলাই দিলে ধোঁৱা নিৰ্গত হয়, যেনে এলুমিনিয়াম ফয়েল গ্ৰীলিং বা বেকিংৰ বাবে ব্যৱহাৰ কৰিলে ৷ এই ধোঁৱাত উশাহ ল’লে নাক, ডিঙি আৰু হাওঁফাওঁত বিষ হ’ব পাৰে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ’ব পাৰে ৷

বৃক্কৰ ৰোগ-

এলুমিনিয়ামেও বৃক্কৰ কাৰ্যত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত বৃক্কৰ বহুতো ৰোগ হ’ব পাৰে ৷ দীৰ্ঘসময়লৈকে উচ্চ মাত্ৰাৰ এলুমিনিয়ামৰ সংস্পৰ্শলৈ আহিলে বৃক্কৰ ক্ষতি হ’ব পাৰে, যাৰ ফলত বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পায় আৰু বৃক্কৰ ক্ৰনিক ৰোগ হ’ব পাৰে ৷

হাড়ৰ লগত জড়িত ৰোগ-

উচ্চ মাত্ৰাৰ এলুমিনিয়ামৰ সংস্পৰ্শলৈ আহিলে হাড়ৰ স্বাস্থ্যতো প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত অষ্টিঅ’পৰ’ছিছ আৰু অষ্টিঅ’মেলেচিয়াৰ দৰে হাড়ৰ ৰোগ হ’ব পাৰে ৷ হাড়ৰ কলাত এলুমিনিয়াম জমা হৈ হাড়ৰ ঘনত্ব আৰু শক্তি হ্ৰাস কৰিব পাৰে ৷

ৰক্তহীনতা-

এলুমিনিয়ামৰ ফলত ৰক্তহীনতাও হ’ব পাৰে, যিটো অৱস্থাত শৰীৰত ৰক্তকণিকাৰ সংখ্যা কমি যায় ৷ এলুমিনিয়ামে হাড়ৰ মজ্জাত ৰক্তকণিকা উৎপাদনত বাধাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত তেজৰ অক্সিজেন কঢ়িয়াব পৰা ক্ষমতা হ্ৰাস পায় ৷ ৰক্তহীনতাৰ লক্ষণসমূহ হ’ল ক্লান্তি, দুৰ্বলতা আৰু উশাহ লোৱাত কষ্ট ৷

কোষ্ঠকাঠিন্যৰ সমস্যা-

এলুমিনিয়ামে পাচনতন্ত্ৰতো প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত পেট পকোৱা, বমি আৰু ডায়েৰিয়া আদি পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয় ৷ এলুমিনিয়ামে পেট আৰু অন্ত্ৰৰ আৱৰণত জ্বলা-পোৰাৰ বাবে প্ৰদাহ আৰু ক্ষতিৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ উপৰিও এলুমিনিয়ামে পুষ্টিকৰ পদাৰ্থ শোষণত বাধাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত পুষ্টিহীনতা আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় ৷

লগতে পঢ়ক:বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ে কিদৰে নিজৰ ছাল-চুলিৰ যতন লয় জানো আহক

ABOUT THE AUTHOR

...view details