আমাৰ জীৱনত পানী কিমান গুৰুত্বপূৰ্ণ সেই কথা সকলোৱে জানে ৷ কেৱল এয়াই নহয়, আমাৰ শৰীৰত ৭৫ শতাংশ পানীয়েই থাকে ৷ পানী অবিহনে আমি জীয়াই থকাটো অসম্ভৱ ৷ স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে মানুহে যিমানেই পানী খায় সিমানেই তেওঁৰ স্বাস্থ্যৰ বাবে ভাল ৷ পৰ্যাপ্ত পৰিমাণৰ পানী খালে শৰীৰ বহু ৰোগৰ পৰা আঁতৰত থাকে ৷
পানী খালে দিনটো সতেজ অনুভৱ হয় ৷ প্ৰতিজন ব্যক্তিয়ে দিনটোত কমেও ২ৰ পৰা ৩ লিটাৰ পানী খাব লাগে বুলি চিকিৎসকে পৰামৰ্শ দিয়ে ৷ আচলতে শৰীৰত পানীৰ অভাৱৰ বাবে কোষবোৰত অক্সিজেন সঠিকভাৱে লাভ নকৰে ৷ কিন্তু পানী খোৱাৰ সমান্তৰালকৈ পানী খোৱাৰ সময়ত কিবা ভুল হৈছে নে নাই সেয়াও জনাটো উচিত ? কাৰণ ভুল পদ্ধতিৰে পানী খোৱাৰ ফলত কিছুমান গুৰুতৰ ৰোগো হ’ব পাৰে ৷ এই কথা পোহৰলৈ আহিছে এক প্ৰতিবেদনত ৷ কোৱা হৈছে যে যদি আপুনি ভুল পদ্ধতিৰে পানী খায় তেন্তে আপুনি ডিঙিৰ কেন্সাৰৰ সন্মূখীন হ’ব পাৰে ৷ এই ভুলসমূহ নো কি জানো আহক...
পানী খোৱাৰ সময়ত কৰা ভুল-
১/ প্লাষ্টিকৰ বটলত পানী খাব নালাগে
আজিকালি প্লাষ্টিকৰ ব্যৱহাৰ বহুত বাঢ়িছে ৷ এনে পৰিস্থিতিত মানুহে পানী খোৱাৰ বাবে প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰে ৷ কিন্তু হয়তো আপুনি নাজানে যে প্লাষ্টিকৰ বটল আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক ৷ এনে এটা অধ্যয়নত দেখা গৈছে যে প্লাষ্টিকৰ বটলত মাইক্ৰ’প্লাষ্টিক বৃহৎ পৰিমাণে থাকে ৷ ইয়াৰ বাবে প্লাষ্টিকৰ কেমিকেলসমূহ পানীৰ লগত মিহলি হৈ পৰে আৰু ইয়াৰ ফলত তেজত মাইক্ৰ’প্লাষ্টিক প্ৰদূষণ বিয়পি পৰে ৷ ইয়াৰ বাবে পানীয়ে ডিঙিৰ অংগ অৰ্থাৎ খোৱা পথৰ ক্ষতি কৰে আৰু কেন্সাৰ হোৱাৰ আশংকা থাকে ৷