পুষ্টিকৰ গুণেৰে সমৃদ্ধ কাঠবাদামক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ খাদ্যত ইয়াক বহু ধৰণে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ উপৰিও কাঠবাদাম খাদ্য সজোৱাৰ বাবেও ব্যৱহাৰ কৰা হয় ৷ ভিটামিন-ই, ওমেগা-৩ ফেটি এচিড, প্ৰ’টিন, ভিটামিন-কে, ফাইবাৰ, জিংক আদি বহুতো পুষ্টিকৰ উপাদান ইয়াত পোৱা যায়, কিন্তু আপুনি জানেনে, অতিৰিক্ত কাঠবাদাম খালে স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে অত্যধিক কাঠবাদাম খোৱাৰ অপকাৰিতাৰ বিষয়ে জানি লওক-
পাচনতন্ত্ৰৰ সমস্যা
নিয়মিতভাৱে অধিক কাঠবাদাম খালে আপুনি পাচনতন্ত্ৰৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, পেট ফুলা, পেট বেয়া হোৱা আদিত ভুগিব পাৰে ৷ কাৰণ কাঠবাদামত অধিক পৰিমাণৰ আঁহ থাকে আৰু অত্যধিক আঁহ সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷
ওজন বৃদ্ধি পায়
বেছিকৈ কাঠবাদাম খালে ওজন বৃদ্ধি হ’ব পাৰে ৷ আচলতে ইয়াত অধিক পৰিমাণৰ চৰ্বি আৰু কেলৰি থাকে ৷ অৱশ্যে কাঠবাদামতো মনোচেচুৰেটেড ফেট পোৱা যায়, যিটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী৷ আপুনি আপোনাৰ খাদ্যত সীমিত পৰিমাণৰ কাঠবাদাম অন্তৰ্ভুক্ত কৰিব পাৰে ৷
এলাৰ্জী