অসম

assam

Hair Care Tips: আপুনিও আপোনাৰ চুলিত প্ৰয়োগ কৰে নেকি কেমিকেলযুক্ত ৰং তেন্তে হৈ যাওক সাৱধান, হ’ব পাৰে এই লোকচান

By

Published : Jul 11, 2023, 3:09 PM IST

Updated : Jul 11, 2023, 3:16 PM IST

Chemical Hair Color: আজিকালি বেয়া খাদ্যাভ্যাস আৰু ব্যস্ততাৰে ভৰা জীৱনশৈলীৰ বাবে কম বয়সতে মানুহৰ চুলি বগা হৈ আহিছে । এনে পৰিস্থিতিত যদি আপুনিও চুলিত যথেষ্ট পৰিমাণে ৰাসায়নিক ৰং প্ৰয়োগ কৰে, তেন্তে সাৱধান হওক ।

Do you also apply color to your hair? These can be big losses, take care in these ways
আপুনিও আপোনাৰ চুলিত প্ৰয়োগ কৰে নেকি কেমিকেলযুক্ত ৰং তেন্তে হৈ যাওক সাৱধান, হ’ব পাৰে এই লোকচান

বেয়া খাদ্যাভ্যাসৰ বাবে মানুহৰ কম বয়সতে চুলি বগা হ’বললৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত মানুহে বগা চুলি লুকুৱাবলৈ বিভিন্ন ৰাসায়নিক ৰং চুলিত প্ৰয়োগ কৰে । কিন্তু চুলিৰ ৰং প্ৰয়োগ কৰিলে শৰীৰত বহুতো ৰোগৰ আশংকাও বহুগুণে বৃদ্ধি পায় । এনে পৰিস্থিতিত যদি আপুনিও চুলিত যথেষ্ট পৰিমাণে ৰাসায়নিক ৰং প্ৰয়োগ কৰে, তেন্তে এতিয়া পৰা আৰু সাৱধান হোৱা উচিত । সেয়ে আজি এই প্ৰতিবেদনত ৰাসায়নিক ৰং প্ৰয়োগ কৰা ফলত কেনে ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে সেই বিষয়ে উল্লেখ কৰা হৈছে ৷

চুলিত চুলিৰ ৰং প্ৰয়োগ কৰাৰ অপকাৰিতা-

শ্বাস-প্ৰশ্বাসৰ সমস্যা-

যদি আপোনাৰ হাঁপানীৰ সমস্যা আছে, তেন্তে চুলিত ৰাসায়নিক ৰং প্ৰয়োগ কৰাৰ পৰা বিৰত থকা উচিত । কাৰণ হাঁপানী ৰোগীৰ ৰাসায়নিক পদাৰ্থৰ বাবে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে ।

চকুৰ ক্ষতি

দৈনিক চুলিত ৰাসায়নিক ৰং ব্যৱহাৰ কৰিলে চকুৰ যথেষ্ট ক্ষতিসাধন হ’ব পাৰে । কাৰণ আমি প্ৰতিটো ৰং প্ৰয়োগ কৰিলে চকুত প্ৰৱেশ কৰিব পাৰে । যাৰ ফলত দৃষ্টিশক্তিত বেয়া প্ৰভাৱ পৰিব পাৰে । সেইবাবেই চুলিত ৰং ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক ।

চুলিৰ বৃদ্ধিৰ ওপৰত প্ৰভাৱ পৰে

চুলিত ৰাসায়নিক ৰং প্ৰয়োগ কৰিলে চুলিৰ বৃদ্ধি বন্ধ হৈ পৰে । যাৰ বাবে ইহঁতৰ বৃদ্ধি সোনকালে নহয় । আনহাতে চুলিৰ ৰং প্ৰয়োগ কৰিলেও চুলি দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে ।

চুলিত ৰাসায়নিক ৰঙৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক এই সামগ্ৰী

যদি আপুনি চুলিত ৰাসায়নিক ৰং ব্যৱহাৰ কৰে, তেন্তে তাৰ পৰিৱৰ্তে আপুনি চুলিত এলোভেৰা জেল আৰু মৌ ব্যৱহাৰ কৰিব পাৰে । ইয়াক ব্যৱহাৰ কৰিলে আপোনাৰ ছালখনে শীতলতা লাভ কৰে, যাৰ ফলত খজুৱতিৰ সমস্যাও দূৰ হয় ।

লগতে পঢ়ক:OMG 2 Teaser Out: এইবাৰ কান্তি চৰণ মুতগ’লক ৰক্ষা কৰিবলৈ মহাদেৱৰ ৰূপত আহিব অক্ষয় কুমাৰ

লগতে পঢ়ক:Allergies: এলাৰ্জিৰ পৰা হাত সাৰি থাকিবলৈ আমি কি কৰা উচিত, চিকিৎসকৰ পৰা জানি লওক

Last Updated : Jul 11, 2023, 3:16 PM IST

ABOUT THE AUTHOR

...view details