বৰ্তমান সময়ত সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত ৷ যাৰ বাবে মানুহে প্ৰতিদিনে বজাৰলৈ যাব নোৱাৰে ৷ এনে পৰিস্থিতিত মানুহে গোটেই সপ্তাহটোৰ বাবে শাক-পাচলি কিনি ফ্ৰীজত ৰাখে ৷ কিন্তু আপুনি জানেনে যে কিছুমান শাক-পাচলি ফ্ৰীজত ৰাখিলে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ৷ হয়, আপুনি কিছুমান শাক-পাচলি ফ্ৰীজত ৰখাৰ পৰা বিৰত থাকিব লাগে ৷ কিছুমান শাক-পাচলি আছে যিবোৰ ফ্ৰীজত ৰাখিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হয় ৷ জানো আহক কোনবোৰ শাক-পাচলি ফ্ৰীজত ৰখাটো উচিত নহয়-
এই শাক-পাচলি ফ্ৰীজত নাৰাখিব-
ৰঙালাও ফ্ৰীজত নাৰাখিব
ৰঙালাওত বিটা কেৰটিন থাকে যিটো শক্তিশালী এন্টিঅক্সিডেন্ট ৷ ৰঙালাওত ভিটামিন চি আৰু ফাইবাৰো থাকে ৷ উল্লেখ্য যে,ৰঙালাও মাহৰ পিছত মাহ ধৰি বাহিৰত ৰাখিব পাৰি ৷ কিন্তু ফ্ৰীজত ৰাখিলে ইয়াৰ সোৱাদ বেয়া হৈ যাব পাৰে আৰু ই অতি সোনকালে নষ্ট হ’ব পাৰে ৷ কেতিয়াও ৰঙালাও ফ্ৰীজত ৰখাৰ ভুল নকৰিব ৷ এইবিধ পাচলি ফ্ৰীজ অবিহনেও নষ্ট নহয় ৷ সেয়েহে ঠাণ্ডা ঠাইত ৰাখিব লাগে ৷