কৰ’নাৰ পাছত এতিয়া সমগ্ৰ বিশ্বতে কলেৰা ৰোগ বিয়পিবলৈ ধৰিছে(Cholera is spreading)। বছৰ বছৰ ধৰি নিয়ন্ত্ৰণত থকা কলেৰা ৰোগ এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে । যিটো এতিয়া এক চিন্তনীয় বিষয় হৈ পৰিছে । অনুমান কৰা হৈছে যে, চলিত বৰ্ষৰ প্ৰথম ৯ মাহত ২৬খন দেশত এই ৰোগ বৃদ্ধি পাইছে(Cholera is spreading) । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত ২০খনতকৈও কম দেশত কলেৰাই দেখা দিছিলে(History of cholera)।
কলেৰা হৈছে এক সংক্ৰামক ৰোগ, য’ত ৰোগীয়ে বমি আৰু ডায়েৰিয়া ৰোগত আক্ৰান্ত হয় । পানী আৰু পুষ্টিৰ অভাৱত এই ৰোগ কেতিয়াবা মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে । সাধাৰণতে বেয়া খাদ্য আৰু লেতেৰা পানীৰ বাবে কলেৰা বেক্টেৰিয়া বিয়পে । এনে পৰিস্থিতিত খাদ্য আৰু খোৱাপানী পৰিষ্কাৰ কৰি ৰখাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে ।
কলেৰা এক মাৰাত্মক ৰোগ আৰু ইয়াৰ পৰা হাত সাৰিবলৈ ইয়াৰ বিষয়ে সজাগ হোৱাটো অতি প্ৰয়োজনীয় । সেয়ে আজি আমি আপোনালোকক জনাম কলেৰা কেনেকৈ বিয়পে আৰু কেনেকৈ ইয়াৰ পৰা হাত সাৰিব পৰাৰ উপায় ৷
কলেৰাৰ কাৰণ
- আমাৰ খাদ্য বা পানীৰ যোগেদি আমাৰ শৰীৰত উপস্থিত হোৱা বেক্টেৰিয়াৰ দ্বাৰা কলেৰা বিয়পে ।
- ই মল আৰু প্ৰস্ৰাৱৰ যোগেদি বিয়পে(The cause of cholera) ।
- সাগৰীয় খাদ্য আৰু মাছৰ জৰিয়তেও কলেৰা বিয়পিব পাৰে ।
- যদি শাক-পাচলি আৰু চালাড ভালদৰে ধুব নোৱাৰে বা লেতেৰা পানীৰে ধুই দিয়ে, তেন্তে কলেৰাৰ আশংকা থাকে ।
- অনাময় ব্যৱস্থাৰ অভাৱ হোৱা অঞ্চলত কলেৰা বিয়পি পৰাৰ আশংকা অধিক ।
লক্ষণ