অসম

assam

ETV Bharat / sukhibhava

এইসমূহ খাদ্য খোৱাৰ পিচত আপুনিও অধিক পানী খাই নেকি ? তেন্তে আজিৰে পৰা ত্যাগ কৰক এই অভ্যাস - খাদ্য খোৱাৰ লগে লগে পানী খালে কি হয়

Health Tips: প্ৰায়ে তেলীয়া আৰু টেঙা খাদ্য খোৱাৰ লগে লগে মানুহে অত্যধিক পানী খাবলৈ আৰম্ভ কৰে, কিন্তু এনে কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । ইয়াৰ ফলত পাচনতন্ত্ৰত প্ৰভাৱ পৰে । যদি আপুনিও এই কাম কৰে তেন্তে আজিৰে পৰাই এই অভ্যাস সলনি কৰক । কোনবোৰ বস্তু খাই লগে লগে পানী খাব নালাগে জানো আহক ।

Do not drink water after eating these foods
এইসমূহ খাদ্য খোৱাৰ পিচত ভুলতো নাখাব পানী

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 2:23 PM IST

কিছুমান মানুহৰ এনেকুৱা হয় যে পানী খোৱা অবিহনে তেওঁলোকৰ খাদ্য সম্পূৰ্ণ নহয় । অৱশ্যে যেতিয়াই আমি খাদ্য খাওঁ তেতিয়া এগিলাচ পানী লৈ বহিব লাগে, যাতে ডিঙিত লাগি ধৰিলে লগে লগে পানী খাই তাৰ পৰা সকাহ পাব পাৰি ।

অৱশ্যে বহুতে খাদ্য খোৱাৰ লগে লগে অত্যধিক পানী খায়, যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয় । স্বাস্থ্য বিশেষজ্ঞৰ মতে খাদ্য খোৱাৰ এঘণ্টা আগতে পানী খাব লাগে, খাদ্য খোৱাৰ সময়ত বা খোৱাৰ লগে লগে অত্যধিক পানী খালে স্বাস্থ্যৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে । গতিকে জানো আহক কোনবোৰ খাদ্য খোৱাৰ পিচত বেছি পৰিমাণে পানী খাব নালাগে ।

মছলাযুক্ত খাদ্য

মানুহে প্ৰায়ে অতি মছলাযুক্ত খাদ্য খোৱাৰ ঠিক পিচতেই অত্যধিক পানী খায়, ইয়াৰ ফলত আপোনাৰ বহুত ক্ষতি হ’ব পাৰে । মছলাযুক্ত খাদ্য খোৱাৰ পিচত পানী খালে মুখত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে ।

তেলীয়া খাদ্য

তেলীয়া খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগে । ইয়াৰ ফলত পেটত গধুৰতা আৰু ফুলাৰ সমস্যা হ’ব পাৰে । খাদ্য খোৱাৰ ৩০ মিনিট পিচত পানী খালে স্বাস্থ্যৰ বাবে ভাল ।

কাৰ্বনেটেড পানীয়

কিছুমান মানুহে খাদ্য খোৱাৰ ঠিক পিচতেই কাৰ্বনেটেড পানী বা চ’ডা খাবলৈ ভাল পায়, কিন্তু ইয়াৰ ফলত পেট ফুলা আৰু গেছৰ সমস্যা হ’ব পাৰে । ইয়াৰ ফলত বদহজমো হ’ব পাৰে ।

বহুত বেছি খাদ্য খোৱাৰ পিচত পানী খাব নালাগে

প্ৰায় মানুহে যেতিয়াই খাদ্য খায়, তাৰ পিচত লগে লগে যথেষ্ট পানী সেৱন কৰে ৷ ইয়াৰ ফলত আপোনাৰ পেটৰ গধুৰতা আৰু অধিক বৃদ্ধি পাব পাৰে । খাদ্য খোৱাৰ লগে লগে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰা বিৰত থাকিব লাগে ।

টেঙা ফল

টেঙা ফল অৰ্থাৎ কমলা, আঙুৰ আৰু নেমু আদিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, এইসমূহ ফল অধিক ৰসাল আৰু ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে । এই ফলবোৰ খোৱাৰ লগে লগে অত্যধিক পৰিমাণৰ পানী খালে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক:হঠাৎ হাঁচি আহি চকুৰে পানী ওলাই নেকি, তেন্তে এইসমূহ খাদ্য সামগ্ৰীৰে দূৰ কৰক এনে সমস্যা

ABOUT THE AUTHOR

...view details