চুলিৰ ৰঙে এজন ব্যক্তিৰ ব্যক্তিত্ব সলনি কৰিব পাৰে । কিছুমানে নিজৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন আনিবলৈ চুলিত ৰং কৰে,তেনেহ'লে আন কিছুমানে আকৌ চুলিৰ ৰং ব্যৱহাৰ কৰি আনতকৈ কিছু বেলেগ দেখিবলৈ চেষ্টা কৰে । কিন্তু এই চুলিৰ ৰং আমাৰ বাবে কিমান উপকাৰী সেই বিষয়ে সবিশেষ জানো আহক ।
ফ্লৰিয়ান হুৰেল হৈছে এজন প্ৰতিষ্ঠিত মেকআপ আৰ্টিষ্ট আৰু চুলিৰ বিশেষজ্ঞ যিয়ে বিভিন্ন প্ৰজেক্ট যেনে Harper's Bazaar, Vogue, Elle, Grazia, Femina and আৰু ৰেড কাৰ্পেট ইভেণ্ট যেনে Cannes, IFFA আদিত কাম কৰিছে ।
17 বছৰতকৈ অধিক সময় ধৰি মুঠ আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাৰে দীৰ্ঘদিনীয়া শিক্ষাবিদ হিচাপে কাম কৰি আহিছে আৰু "Schwarzkopf Professional" ৰ গ্লোবেল এম্বেছাদৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে । IANSlifeৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ফ্ল’ৰিয়ানে ৰয়েল ইগোৰা লঞ্চাৰ Schwarzkopf Professional হেয়াৰ কালাৰৰ বিষয়ে কথা পাতিছিল । চুলিৰ ৰং ব্যৱহাৰ কৰা সন্দৰ্ভত তলত ফ্লৰিয়ানৰ কিছুমান টিপছ দিয়া হ’ল ।
প্ৰশ্ন : ঘৰত কোনটো DIY (Do It Yourself) চুলিৰ ৰং কৰা পদ্ধতি আটাইতকৈ নিৰাপদ ? ঘৰত কেনেকৈ চেলুন-মানৰ লুক পাব ?
উ: চুলিত ৰং কৰাটো এটা কলা আৰু ইয়াক সঁচা অৰ্থত আয়ত্ত কৰিবলৈ সময় লাগে । মই ব্যক্তিগতভাৱে আপোনাক চুলিত ৰং কৰাৰ বাবে চেলুন এখনলৈ গৈ বিশেষজ্ঞসকলক নিজৰ কাম কৰিবলৈ দিবলৈ পৰামৰ্শ দিম ।
প্ৰশ্ন : চুলিত আকৰ্ষণীয় ৰং লাভ কৰাৰ একমাত্ৰ উপায় Bleaching নেকি ?
উ: কোনোপধ্যে নহয়! চুলিৰ আকাংক্ষিত ৰং লাভ কৰিবলৈ চুলিত Bleach কৰিব নালাগে(Do not bleach your hair) । Schwarzkopf ৰ দৰে পেছাদাৰী ব্ৰেণ্ড, এই ব্ৰেণ্ডসমূহে ৰঙৰ ফৰ্মুলেচনৰ ওপৰত কাম কৰে যিয়ে আপোনাৰ চুলিৰ ক্ষতি নকৰে আৰু লগতে চুলিৰ গুৰি সুৰক্ষিত কৰি ৰাখে । Schwarzkopf Professional Hair Color সকলো ধৰণৰ চুলিৰ বাবে অতি ফলপ্ৰসূ। ইগোৰা ৰয়েলৰ আচৰিত প্ৰদৰ্শন আৰু ১০০ শতাংশ নিৰ্ভৰযোগ্যতাও আছে । বেছিভাগ কলাৰ ফাইবাৰ বণ্ড প্ৰযুক্তিৰে তৈয়াৰ কৰা হয়, যাৰ ফলত চুলি আধালৈ ফাটিব নোৱাৰে ।