যেতিয়া এটাতকৈ অধিক ৰোগে এজন ব্যক্তিক আক্ৰমণ কৰে তেতিয়া ই কেৱল ব্যক্তিগৰাকীৰ শাৰিৰীক আৰু মানসিক সমস্যা বৃদ্ধি কৰাই নহয় তেখেতৰ যৌন জীৱনতো প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় ৷ কেতিয়াবা ৰোগৰ কাৰণ অথবা ইয়াৰ চিকিৎসাৰ বাবে, পুৰুষ আৰু মহিলা উভয়ে বিভিন্ন ধৰণৰ যৌন সমস্যাৰ সন্মুখীন হয় ৷
কো-মৰবিড ৰোগসমূহে যৌন জীৱনক প্ৰভাৱান্বিত কৰে নেকি?
বয়স বৃদ্ধি আৰু দৈনন্দিন জীৱনৰ চাপসমূহে মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে, যিয়ে আমাৰ জীৱন আৰু জীৱনধাৰণ প্ৰণালীসমূহত গুৰুতৰ প্ৰভাৱ পেলায় ৷ এই সমস্যাসমূহে প্ৰত্যক্ষভাৱে আমাৰ যৌন জীৱনকো প্ৰভাৱান্বিত কৰে ৷ বিশেষজ্ঞ আৰু চিকিৎসকলকলে বিশ্বাস কৰে, যদি কোনো ব্যক্তিৰ দেহত এটাতকৈ অধিক স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে যি সাধাৰণতে কোম-অৰবিড হিচাপে পৰিচিত ৷ তেন্তে এই ক্ষেত্ৰত বিভিন্ন কাৰণত ক্ৰমান্বয়ে পৰুষ-নাৰী উভয়ৰে যৌন ৰুচিসমূহ হ্ৰাস পাবলৈ ধৰে ৷ কিন্তু এই কো-মৰবিড সমস্যাসমূহ কি আৰু ই কেনেকৈ যৌন জীৱনত প্ৰভাৱান্বিত কৰে? এই সন্দৰ্ভত সুখীভৱৰ দলে হায়দৰাবাদৰ মাইক্ৰ’চাৰ্জিকেল এন্ড্ৰ’লিষ্ট ডা৹ ৰাহুল ৰেড্ডীৰ সৈতে মত বিনিময় কৰিছে ৷
কোম-অৰবিড সমস্যাসমূহ কি?
ডা৹ ৰেড্ডীয়ে বৰ্ণনা কৰা অনুসৰি একেটা সময়তে এজন ব্যক্তিৰ দেহত কেইবাটাও ৰোগৰ লক্ষণে দেখা দিয়াটোক কো-মৰবিড সমস্যা বুলি জনা যায় ৷ এই ৰোগসমূহ শাৰিৰীক আৰু মানসিক উভয় ধৰণৰ হ’ব পাৰে ৷ এই ৰোগসমূহৰ ঔষধৰ বাবে বিভিন্ন সময়ত আমাৰ শৰীৰিক অৱস্থা,আমাৰ স্নায়ু আৰু বাসনা উৎপন্ন হোৱাৰ ক্ষমতাক প্ৰভাৱান্বিত কৰে ৷ যাৰ বাবে বহু লোকৰে যৌন ক্ৰিয়াকলাপ প্ৰায় বন্ধ হয় বাবে তেঁওলোক এইক্ষেত্ৰত সন্তুষ্ট নহয় ৷
কোম-অৰবিড সমস্যাসমূহ আৰু যৌন জীৱনত ইয়াৰ প্ৰভাৱ
1. মধুমেহ
মধুমেহ হ’ল এনে এক স্বাস্থ্যজনিত সমস্যা যিয়ে আমাৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায় ৷ মধুমেহ ৰোগৰ ফলত শাৰিৰীক আৰু মানসিক সমস্যাসূহ বৃদ্ধি পোৱাৰ উপৰিও যৌন সম্পৰ্কৰ ওপৰতো প্ৰভাৱ পেলায় ৷ উদাহৰণ স্বৰূপে যৌন মিলনৰ সময়ত যদি কোনো ব্যক্তিৰ ‘চুগাৰ লেভেল’ বৃদ্ধি পায় তেন্তে এইক্ষেত্ৰত পুৰুষে নিজৰ উত্থান(erection) হেৰুৱাব পাৰে তথা মহিলাসকলে যৌন উত্তেজনাৰ অভাৱত ভুগাৰ সম্ভাৱনা থাকে ৷ কেৱল এয়াই নহয় বহু সময়ত মধুমেহ ৰোগৰ বাবে পুৰুষত্বহীনতা, যৌন মিলনৰ অক্ষমতা তথা গৰ্ভধাৰণৰ অক্ষমতাৰ সমস্যায়ো দেখা দিব পাৰে ৷