অসম

assam

ETV Bharat / sukhibhava

DIY Betel Face Packs: শীতকালত মুখক লগাওক পানৰ পেষ্ট, উজ্জ্বল হ’ব মুখৰ ছাল, দূৰ হ’ব এইসমূহ সমস্যা - গ্লোয়িং ছালৰ বাবে পান ফেচ পেক

পান আমাৰ ছালৰ বাবে কিমান উপকাৰী জানেনে বাৰু ? ঔষধি গুণেৰে সমৃদ্ধ পান ছালৰ বাবে অতি উপকাৰী ৷ পান এনেকৈ ব্যৱহাৰ কৰি ছালত লগাওক আৰু কেইদিন মানতেই চাওক ইয়াৰ ফলাফল ৷

DIY Betel Face Packs To Fight Skin Problems This winter
ঔষধি গুণেৰে সমৃদ্ধ পান ছালৰ বাবে অতি উপকাৰী

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:36 PM IST

ঔষধি গুণেৰে সমৃদ্ধ পান ছালৰ বাবে অতি উপকাৰী । পানৰ ব্যৱহাৰৰ দ্বাৰা শালমইনা পৰা সকাহ পোৱা যায়, মুখৰ দাগ আঁতৰ হয় আৰু মুখৰ ৰং উজ্জ্বল হয় । মুখত পানৰ পেষ্ট বনাই লগালে বহু ধৰণৰ সমস্যাৰ পৰা সকাহ পোৱা যায় । পানত প্ৰদাহ নিবাৰণকাৰী গুণো থাকে, যিয়ে ফুলাৰ সমস্যা হ্ৰাস কৰাত ফলপ্ৰসূ হয় । যদি আপুনি শীতকালত আপোনাৰ ছালখন সুন্দৰ তথা উজ্জ্বল কৰি ৰাখিব বিচাৰে তেন্তে এই ধৰণেৰে পান ব্যৱহাৰ কৰক ।

১/ পান -মৌ ফেচ পেক

উপকৰণ- ১ চামুচ পানৰ পেষ্ট, ১ চামুচ মৌ, অলপ হালধি গুড়ি, অলপ গোলাপৰ পানী ।

পদ্ধতি

- এই সকলোখিনি মিহলাই পেষ্ট প্ৰস্তুত কৰিব ।

- তাৰ পাচত মুখত লগাব আৰু ১০ মিনিটৰ পিচত ধুব ।

- সপ্তাহত এবাৰ লগালে ছালখন উজ্জ্বল হ’ব ।

২/ পান-মুলতানি মাটি

উপকৰণ- ১ চামুচ পানৰ পেষ্ট, ১/২ চামুচ মুলতানি মাটিৰ গুড়ি, ১/২ চামুচ বেচন, গোলাপৰ পানী ।

পদ্ধতি

- এটা বাটিত সকলো উপাদান মিহলাই পেষ্ট প্ৰস্তুত কৰিব ।

-মুখত লগাই শুকুৱাবলৈ দিব । ধুবলৈ ঠাণ্ডা পানী ব্যৱহাৰ কৰিব ।

- ২০-২৫ দিনত দুবাৰৰ পৰা তিনিবাৰ লগালে দ্ৰুত ফলাফল পাব ।

৩/ পান- ৰাইচ ফেচ পেক

উপকৰণ- ১ টা পানৰ পেষ্ট, ১ চামুচ চাউলৰ গুড়ি

পদ্ধতি

- পান ধুই তাৰ পৰা পেষ্ট বনাওক ।

পিচত তাত চাউলৰ গুড়ি মিহলাই ডাঠ পেষ্ট বনাই মুখত লগাওক ।

- ৫-১০ মিনিটৰ পিচত ধুই দিব । তাৰ পিচত চাব ফলাফল ৷

৪/ পান- এলোভেৰাৰ ফেচ পেক

উপকৰণ- ২ টা পানৰ পেষ্ট, সতেজ এলোভেৰা জেল, অলপ হালধি গুড়ি

পদ্ধতি

- পান ভালদৰে ধুই পিহি ল’ব।

- ইয়াত এলোভেৰা জেল আৰু হালধীৰ গুড়ি মিহলাই মুখ আৰু ডিঙিত লগাই ১০ৰ পৰা ১৫ মিনিট ৰখাৰ পিচত ধুই দিব ।

- সপ্তাহত দুবাৰ লগাওক, অতি সোনকালে পাৰ্থক্য দেখা যাব ।

লগতে পঢ়ক :Dry Itchy Scalp: শীতকালত মূৰৰ খজুৱতিয়ে আপোনাক আমনি কৰে নেকি ? এই সহজ পদ্ধতিৰে পাওক সমাধান

ABOUT THE AUTHOR

...view details