দীপাৱলীৰ দিনা দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰা হয় । লক্ষ্মীক ৰাশি অনুযায়ী পূজা কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়(Diwali 2022)।
হিন্দু ধৰ্মৰ সকলো উৎসৱৰ ভিতৰত দীপাৱলী উৎসৱ হৈছে অন্যতম(Diwali puja timing) ৷ সমগ্ৰ দেশতে পোহৰৰ এই উৎসৱ অতি উল্লাসেৰে উৎযাপন কৰা হয় । দীপাৱলীৰ এই পাঁচটা দিনত দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰৰ বিশেষ পূজা কৰা হয়(Diwali customs and traditions) । দীপাৱলীৰ দিনা দেৱী লক্ষ্মী ঘৰে ঘৰে আহে বুলি বিশ্বাস কৰা হয়(Diwali subh muhurat) ।
দীপাৱলীত দেৱী লক্ষ্মীক আদৰিবলৈ বিভিন্ন ৰং ব্যৱহাৰ কৰি ঘৰৰ বাহিৰত ৰংগোলী বনোৱা হয়(Diwali Puja 2022) । দীপাৱলীৰ দিনা গ্ৰহণ কৰা কিছুমান পদ্ধতি অতি সফল বুলি ধাৰণা কৰা হয় । দীপাৱলীৰ বিশেষ দিনটোত ৰাশিফল অনুসৰি দেৱী লক্ষ্মীক পূজা কৰি সকলো কামনা পূৰণ কৰিব পাৰি(Diwali Puja According To Zodiac Sings) । তেন্তে জানো আহক কোনটো ৰাশিৰ লোকে কিদৰে লক্ষ্মী দেৱীৰ পূজা কৰিব লাগে ৷
ৰাশি অনুসৰি দেৱী লক্ষ্মীক পূজা কৰক
মেষ ৰাশি: মংগল হৈছে মেষ ৰাশিৰ গুৰু । যদি এই ৰাশিৰ লোকসকলে দেৱী লক্ষ্মীক সন্তুষ্ট কৰিব বিচাৰে তেন্তে দেৱী লক্ষ্মীক পূজাত ৰঙা ফুল আগবঢ়াওক । ইয়াৰ লগতে পূজা-অৰ্চনাত লক্ষ্মী স্তোত্ৰ পাঠ কৰক । সমান্তৰালকৈ হনুমান পূজা কৰাতোও আপোনালোকৰ বাবে অতি উত্তম হ’ব ।
বৃষ ৰাশি: এই ৰাশিৰ গুৰু হৈছে শুক্ৰ । এই ৰাশিৰ লোকসকলে লক্ষ্মী দেৱীক পূজা কৰি পূৰ্ণ বিধিৰে মন্ত্ৰ জপ কৰিব লাগে । পূজা কৰাৰ পিছত ওমঃ মহালক্ষ্ম্যই নমঃ
মন্ত্ৰ জপ কৰিব লাগে ।
মিথুন:মিথুন ৰাশিৰ অধিপতি হৈছে বুধ । এই ৰাশিৰ লোকসকলে দীপাৱলীৰ দিনা দেৱী লক্ষ্মী আৰু গণেশক যথাযথভাৱে পূজা কৰি মোদকক প্ৰসাদ হিচাপে আগবঢ়াব লাগে । ইয়াৰ পৰা আপুনি ধন লাভ কৰিব ।
কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ এই দিনটোত চন্দ্ৰই আধিপত্য বিৰাজ কৰে । এই ৰাশিৰ লোকসকলে দীপাৱলীৰ দিনা লক্ষ্মী পূজাথ পদুম ফুল আগবঢ়াব লাগে । ইয়াৰ ফলত সকলো কামতে আপুনি সফলতা লাভ কৰিব ।