সনাতন ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ হৈছে দীপাৱলী । এই পোহৰৰ উৎসৱ ১৪ বছৰ নিৰ্বাসনৰ অন্তত অযোধ্যালৈ ভগৱান ৰামৰ আগমনৰ লগে লগে পালন কৰা হৈছিল । অযোধ্যাবাসীয়ে চাকি জ্বলাই আৰু ৰংগোলী সজাই ভগৱান ৰামক আদৰণি জনায় । তেতিয়াৰ পৰাই আৰম্ভ হ’ল এই দিপোৎসৱ পালনৰ পৰম্পৰা ।
কিন্তু দীপাৱলীত চাকি জ্বলোৱাৰ উপৰিও দীপাৱলীৰ লগত জড়িত বহুতো গুৰুত্বপূৰ্ণ পৰম্পৰা আছে, যিবোৰ বহু প্ৰজন্মৰ পৰা চলি আছে । ইয়াৰ ভিতৰত দীপাৱলীৰ পূৰ্বে ঘৰ চাফা কৰা, দীপাৱলীৰ দিনা ঘৰখন সজাই পৰাই তুলা, নতুন কাপোৰ পিন্ধা, পিঠা-পনা বনোৱা আৰু লক্ষ্মী দেৱীক পূজা কৰা আদি । ইয়াৰ বাহিৰেও দীপাৱলীৰ লগত জড়িত আন এক গুৰুত্বপূৰ্ণ পৰম্পৰা হৈছে ফটকা ফুটোৱা ।
ফটকাৰ ইতিহাস
দীপাৱলীত আতচবাজী জ্বলোৱা আৰু ফটকা জ্বলোৱাৰ পৰম্পৰা বছৰ বছৰ ধৰি চলি আহিছে । কিন্তু ইতিহাসৰ দৃষ্টিকোণৰ পৰা ভাৰতত ফটকাৰ ইতিহাস বৰ পুৰণি নহয় । বৰঞ্চ যেতিয়া পৃথিৱীত আতচবাজী আৱিষ্কাৰ হৈছিল আৰু বিশেষ অনুষ্ঠানত ফটকা ফুটাই সুখ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল, এই প্ৰথাক লৈ বহুতৰে ভিন্ন দৃষ্টিভংগী আছে । তথ্য অনুসৰি সামৰিক বাহিনীত বাৰুদৰ ব্যৱহাৰ ষষ্ঠদশ শতিকাৰ পৰাই আৰম্ভ হৈছিল । ধৰি ল’ব পাৰি যে সেই সময়ত বাৰুদ আতচবাজী হিচাপে ক’ৰবাত নাগৰিকসকলেও ব্যৱহাৰ কৰিছিল নিশ্চয় । কিন্তু এইটো নিশ্চিত যে সেইবোৰ বৰ বৃহৎ পৰিসৰত ব্যৱহাৰ কৰা হোৱা নাছিল ।