বৰ্তমান যুগত নিজৰ কামত অত্যন্ত ব্যস্ত প্ৰত্যেকগৰাকী লোক ৷ অবিৰতভাৱে কাম কৰাৰ বাবে প্ৰায়ে ভাগৰুৱা অনুভৱ হয়, যিটো স্বাভাৱিক কথা । কিন্তু দিনটোত যদি বাৰে বাৰে আপুনি ভাগৰুৱা অনুভৱ কৰিছে, তেন্তে ই স্বাস্থ্যৰ অৱনতিৰো লক্ষণ হ’ব পাৰে । একে সময়তে সকলো সময়তে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰা বা শুই থকাৰ পিচতো টোপনি অহাটো শৰীৰত বহু প্ৰকাৰৰ ভিটামিন কম হোৱাৰ লক্ষণ । স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে যদি বাৰে বাৰে এনেকুৱা হৈছে তেন্তে শীঘ্ৰেই ল’ব লাগে বিশেষজ্ঞৰ পৰামৰ্শ ৷
কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰাকৈ এনে হোৱাটো স্বাভাৱিক বুলি গণ্য কৰা নহয় । বহু সময়ত কেৱল শাৰীৰিক মানসিক চাপেও শৰীৰক ভাগৰুৱা কৰি তোলে । ইয়াৰ বাবে আপোনাৰ কৰ্মক্ষমতাও প্ৰভাৱিত হয় । শাৰীৰিক আৰু মানসিক অৱসাদ দূৰ কৰিবলৈ খাদ্যৰ তালিকাত কোনবোৰ ভিটামিন অন্তৰ্ভুক্ত কৰিব লাগে জানেনে ? যদি নাজানে তেন্তে জানি লওক এই প্ৰতিবেদনত...
ভিটামিন ডি
ভিটামিন ডিৰ অভাৱত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ অভাৱে শৰীৰ আৰু মন উভয়ৰে কাৰ্যক্ষমতাত প্ৰভাৱ পেলায় । ক্লান্তি, দুৰ্বলতা আৰু শৰীৰৰ বিষ এই ভিটামিনৰ অভাৱৰ লক্ষণ । ইয়াৰ অভাৱৰ বাবে টোপনি সম্পূৰ্ণ হোৱাৰ পিচতো গা গধুৰ হোৱা বা টোপনি অহাৰ সমস্যা হয় । কমলাৰ ৰস, গৰুৰ গাখীৰ আৰু দৈ ভিটামিন ডিৰ উৎকৃষ্ট উৎস ।