মেষ ৰাশি:আজি আপুনি তজবজীয়া হৈ থাকিব । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব । আজি আপুনি যি কামেই কৰিব, তাতেই সফল হ’ব যেন লাগিছে । আপোনাৰ ঘৰোৱা পৰিৱেশ উলহ-মালহেৰে পৰিপূৰ্ণ হৈ থাকিব । পিতৃ-মাতৃৰপৰা ভাল খবৰ পাব পাৰে । তেওঁলোকৰ দ্বাৰা আজি আপুনি উপকৃতও হ’ব পাৰে । আৰ্থিক লাভৰ যোগ আছে । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰাৰ কাৰণে দিনটো ভাল । তেওঁলোকৰপৰা উপহাৰো পাব পাৰে, যাৰ ফলত আপুনি আনন্দ পাব ।
বৃষ ৰাশি: আনৰ দৃষ্টিভংগীকো গুৰুত্ব দিয়ক । যি ক’ব ভাবি চিন্তি ক’ব, তেতিয়াহে তাৰ ফল পাব । প্ৰিয়জন আৰু ভাইভনীৰ ক্ষেত্ৰতো একে কথা প্ৰযোজ্য । আপুনি আঁকোৰগোজ হৈ থাকিলে আপুনি প্ৰত্যাশিত এক অসাধাৰণ সুযোগ হেৰাই পেলাব পাৰে । আপুনি তথাপি আজি স্ববিৰোধিতাত ভুগিব । নতুনকৈ একো আৰম্ভ নকৰিব ।
মিথুন ৰাশি:আজিৰ দিনটো আপুনি উজ্জ্বল এক আশা লৈ আৰম্ভ কৰিব । আপোনাৰ মুখৰ হাঁহি হেজাৰ হেজাৰ মানুহৰ অন্তৰক উজলাই তুলিব । আজি আপোনাৰ স্বাস্থ্য বৰ ভাল থাকিব, মনত এক আনন্দ বিৰাজ কৰিব, বন্ধুসকলৰ সৈতে বহুত ভাল কোনো পৰিকল্পনা গ্ৰহণ কৰিব । প্ৰাণৱন্ত পোছাক পিন্ধক, আনক দেখুওৱাৰ কাৰণে নহয় বৰঞ্চ নিজক ভাল লগাবলৈ এই পোছাক পিন্ধক । এপ্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে । আৰ্থিক দিশত ভালে । আজিৰ দিনটো বৰ সুন্দৰ আৰু সমৃদ্ধশালী । এনে দিনত মনলৈ নেতিবাচক ভাৱ আহিবলৈ নিদিব । ব্যয়বৃদ্ধি হ’ব ।
কৰ্কট ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে বৰ অনুকূল নহয় । আজি আপুনি উদ্বিগ্ন হৈ থাকিব । কোনো গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ় সিদ্ধান্ত লোৱাটো বৰ জটিল যেন লাগিছে । আপোনাৰ ওচৰত এতিয়া বিভিন্ন ধৰণৰ কাম বা চাকৰীৰ প্ৰস্তাৱ আছে, তাৰে মাজত কোনটো ল’ব সেই সিদ্ধান্ত ল’ব লাগিব । নিজৰ স্বাস্থ্য বেয়া নকৰিব আৰু মানসিক শান্তিক বিঘ্নিত হ’বলৈ নিদিব । অপ্ৰত্যাশিত ঘটনাৰপৰা সাৱধানে থাকক ।
সিংহ ৰাশি:সিদ্ধান্তহীনতাই প্ৰবল হৈ থাকিব । নতুনকৈ কোনো কাম আৰম্ভ নকৰিব। অলপ সময় লৈ চিন্তা কৰক, আৰু আপোনাৰ সন্মুখত থকা বিকল্পসমূহক ভাবি-চিন্তি চাওঁক, কোনটো আপোনাৰ কাৰণে ভাল হ’ব । কোনো বান্ধৱীয়ে কফি খাবলৈ বা কোনো পাৰ্টিত যাবলৈ নিমন্ত্ৰণ কৰিলে সেই নিমন্ত্ৰণ গ্ৰহণ নকৰাকৈ নাথাকিব । এইবোৰ নিমন্ত্ৰণত গ’লে আপোনাৰ লাভ হ’ব পাৰে । ধন আৰু ব্যৱসায়িক ক্ষেত্ৰত সময়টো সৌভাগ্যশালী ।
কন্যা ৰাশি:আজিৰ দিনটো সৌভাগ্যশালী, শুভ যোগাযোগ আৰু সুযোগৰ সম্ভাৱনা আছে ভাগ্যশালী কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে । কোনো কাম যদি আগৰেপৰা ৰৈ আছিল, সেয়া আজি সম্পন্ন হ’ব আৰু সকলোৱে গম পাব । বৃত্তিধাৰী, কাৰিকৰৰ কাৰণে পৰ্যাপ্ত সুযোগা আহিব । আপোনাৰ জীৱিকা আৰু ব্যৱসায়ক ইতিবাচক গতি দিব পৰা অংশীদাৰিত্ব, স্বীকৃতি, পদোন্নতি ইত্যাদি যি কোনো ধৰণৰ কাৰণৰ যোগ আছে । আপোনাৰ বয়োজ্যেষ্ঠসকলে আপোনালৈ কোনো লাভ কঢ়িয়াই আনিব । স্বাস্থ্য ভালে থাকিব । পাৰিবাৰিক, দাম্পত্য সম্পৰ্ক ৰঙিয়াল আৰু মৰমিয়াল হৈ থাকিব । স্বামী-স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ লগত আলোচনাত মিলিত হ'লে লাভদায়ক হ’ব । যি কোনো আমোলাতান্ত্ৰিক কাম অতি সহজতে সম্পন্ন হ’ব । চৰকাৰী বিনিয়োগ প্ৰকল্পত বিনিয়োগ কৰাৰ বাবে সময়টো ভাল ।