মেষ ৰাশি: আজি আপুনি নিজৰ খঙৰ ওপৰত কাবু ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে ৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ'ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব ৷ কামৰ হেঁচাত আপুনি আপোনাৰ পৰিয়ালক দিবলগীয়া সময় দিব নোৱাৰিব ৷ চৰকাৰী কাম কাজত সফলতা লাভ কৰিব ৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে ৷
বৃষ ৰাশি: গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ নতুন ব্যৱসায় আৰম্ভ হ’ব ৷ ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ বাবে ভাল দিন ৷ পদোন্নতিৰ যোগ ৷ ঘৰুৱা পৰিৱেশত আপুনি কৰা সকলো কামতে আপোনাৰ পত্নী বা পতিৰ সহযোগিতা লাভ কৰিব ৷ দামী উপহাৰ আপোনালৈ কোনোবাই পঠিয়াই আছে ৷
মিথুন ৰাশি: দুদিন ধৰি কৰা কষ্টকৰ কামৰ পাছত আপুনি এলাহ অনুভৱ কৰিব ৷ বেমাৰে আপোনাক চিন্তাত পেলাব ৷ সন্তানৰ ওপৰত চকু ৰখা দৰকাৰ ৷ পেটৰ অসুবিধাত ভুগিব পাৰে আৰু টকাৰ নাতনিয়ে আপোনাক চিন্তাত পেলাব পাৰে ৷ আপোনাৰ সহকৰ্মীসকলে আপোনাৰ প্ৰতি ভাল ব্যবহাৰ কৰিব কিন্তু আপুনিমনত ভাবিব তেওঁলোক আপোনাৰ প্ৰতি অদৰকাৰত চিন্তিত ৷
কৰ্কট ৰাশি:শান্ত থাকক ৷ আগৰ ভাল সময়ৰ কথা মনলৈ আনি এতিয়া আপোনাৰ ফাললৈ অহা বেয়া সময়ক আদৰণি জনাওক ৷ নতুন ব্যৱসায় আৰম্ভণি বাতিল কৰক আৰু হ’বলগা অপাৰেচন অলপ দিন পিচলৈ নিয়ক ৷ মানসিক অশান্তি আৰু ঘৰুৱা পৰিৱেশে আপোনাৰ হৃদয়ত গভীৰ চাপৰ সৃষ্টি কৰিব ৷ অলপ ধৈয্য ধৰক ৷
সিংহ ৰাশি:গ্ৰহৰ দশাত আজি সকলো ফালৰ পৰা খেলি-মেলিৰ সৃষ্টি হ’ব ৷ আপোনাৰ সহযোগীৰ বেয়া ব্যৱহাৰত আপুনি অসন্তুষ্ট হ’ব ৷ সাৱধান হওক, তেওঁ আপোনাক থগিব পাৰে ৷ ভাগ্যক্ৰমে আপোনাৰ শৰীৰে আপোনাক সহায় কৰিব, কিন্তু এই কথা আপোনাৰ পত্নীৰ ক্ষেত্ৰত প্ৰযোয্য নহয় ৷ জ্ঞানবৰ্ধক আলোচনা লাভজনক হ’ব ৷ সাগৰৰ পাৰত খোজ কাঢ়ক আৰু চিন্তামুক্ত হওক ৷
কন্যা ৰাশি: গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব ৷ সমগ্ৰ দিন আপোনাৰ বাবে লাভজনক হ’ব ৷ শৰীৰ ভালে থাকিব, ধনৰ দিশত লাভজনক সময় আৰু সামাজিক জীৱনৰ বাধা আঁতৰিব ৷ কামত সকলোৰে সহযোগীতা লাভ কৰিব তথা ভাল খবৰে আপোনাৰ আনন্দ বৃদ্ধি কৰিব ৷
তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক । সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভৱান হ’ব । যাৰ ফলত আপোনাৰ মন ভালে থাকিব । লক্ষ্যণীয়ভাৱে আয়বৃদ্ধিৰ যোগ আছে । বন্ধুসকলৰ মনোৰঞ্জনৰ কাৰণে ব্যয় কৰিলে তাৰ প্ৰচুৰ লাভ পাব । ক’ৰবাত ফুৰিবলৈ গ’লে বা বনভোজনত গ’লে আজিৰ দিনটো অধিক স্মৰণীয় আৰু আনন্দদায়ক হৈ থাকিব । আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে । সুখাদ্য ভোজনৰ সম্ভাৱনা আছে ।
বৃশ্চিক ৰাশি: আপোনাৰ জীৱনলৈ এটা নাটকীয় পৰিবৰ্তন অহাৰ সময় ৷ আপোনাৰ সহযোগী আপোনাৰ ওচৰলৈ ঘূৰি আহিব ৷ মহিলা ব্যৱসায়ীসকলৰ সৈতে থকা মিটিং বাতিল কৰক ৷ টকা আৰু সন্মান হানিৰ যোগ ৷ কাগজত চহী কৰাৰ পূৰ্বে দুবাৰ পৰীক্ষা কৰক ৷
ধনু ৰাশি:ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব আৰু তেওঁলোকৰ আৰ্শীবাদ আপুনি লাভ কৰিব ৷ বহুদিনৰ পুৰণি বন্ধুক লগ পাব আৰু তেওঁৰ লগত কফি খাবলৈ যাওক আৰু অনুভৱ কৰক আপোনালোক দুজন কিমান একে ৷
মকৰ ৰাশি: আপুনি শ্বেয়াৰ বজাৰত লগোৱা টকাই আপোনাক প্ৰচুৰ লাভ দিব ৷ ধনৰ দিশত শুভ ৷ পঢ়া-শুনা কৰাসকলৰ বাবে বৰ ভাল সময় নহয়, একে সময়তে শৰীৰ আপোনাৰ বাবে শুভ নহয় ৷ বিপৰীত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক, মনত সাহস জন্মাওক যে ভাল সময় এদিন আহিবই ৷
কুম্ভ ৰাশি:আপোনাৰ ভাগ্য তৰাই আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব ৷ বেয়াভাব মনলৈ আহিবলৈ নিদিব, উপহাৰৰ আশা কৰক ৷ আপোনাৰ ব্যৱসায়ৰ উন্নতিয়ে আপোনাক ধনলাভ দিব ৷ প্ৰিয়জনৰ পৰা উপহাৰৰ আশা কৰিব পাৰে ৷ শৰীৰে আপোনাক কোনো অসুবিধাত নেপেলায় ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে তেওঁলোকৰ লগত একেলগে ব্যৱসায় কৰাৰ কথা চিন্তা কৰিব পাৰে ৷ বিবাহৰ যোগ দেখা যায় ৷
মীন ৰাশি: আইনী কামত সাৱধান হওক ৷ চমু ৰাস্তাত ধন ঘটাৰ পথ নলৈ দীঘল আৰু বিশ্বাসী পথ বাছি লওক ৷ অদৰকাৰী আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখক ৷ ঘৰৰ পৰা আৰু প্ৰিয়জনৰ পৰা আঁতৰত থকাই আপোনাক অশান্তি দিব আৰু আপোনাৰ মনোযোগ হানি হ’ব ৷ বিশেষ নজনাকে ক’তো টকা জমা নাৰাখিব ৷ সকলো ক্ষেত্ৰতে চকু আৰু কাণ খুলি ৰাখক ৷ ধৰ্মীয় আৰু সামাজিক কামত খৰচ বৃদ্ধি হ’ব ৷