অসম

assam

Daily Horoscope For 31st August: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:33 AM IST

Updated : Aug 31, 2023, 6:26 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 31st August 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:আজি গোটেই দিনটো আপুনি মানসিকভাৱে তজবজীয়া হৈ থাকিব ৷ আপোনাৰ সাংসাৰিক জীৱন আনন্দদায়ক হৈ থাকিব ৷ আজি আপুনি ভ্ৰমণ কৰিব পাৰে আৰু জুতিলগা খাদ্য ভোজন কৰিব ৷ হেৰাই যোৱা কোনো বস্তু বিচাৰি পাব পাৰে ৷ নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰক ৷

বৃষ ৰাশি:আজি গোটেই দিন আপুনি মানসিকভাৱে আৰামত থাকিব ৷ আপুনি নিজৰ কামৰ নিখুঁত পৰিকল্পনাৰ সৈতে প্ৰণালীবদ্ধভাৱে আগুৱাই যাব পাৰিব ৷ অসমাপ্ত হৈ থকা কামবোৰ আজি আপুনি সম্পন্ন কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত সহযোগীসকলৰ পৰা কাৰ্যকৰী সাহায্য পাব ৷ পিতৃ-মাতৃৰপৰা সু-সংবাদ পাব ৷ আজি আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ নতুন কাম আজি হাতত নল’ব ৷ ব্যয় প্ৰচণ্ড পৰিমাণে বৃদ্ধি পাব ৷ সম্ভৱ হ’লে মানুহৰ সৈতে বিবাদত নোসোমাব ৷

কৰ্কট ৰাশি:আজি আপুনি ভাবি-চিন্তি কাম কৰক ৷ আপোনাৰ শাৰীৰিক শক্তি আৰু মানসিক শান্তি বৰ্তাই ৰখাটো আপোনাৰ বাবে জটিল হ’ব পাৰে ৷ হৃদৰোগ বা অন্যান্য কোনো ৰোগৰ বাবে আপুনি বিষ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ ফলত আপুনি মনত দুখ পাব পাৰে ৷ অধিক ব্যয়ৰ যোগ আছে ৷ আপোনাৰ বদনাম হ’ব পাৰে ৷ অনিদ্ৰাই আপোনাক আমনি দিব পাৰে ৷

সিংহ ৰাশি:আজি আপুনি সফলভাৱে নিজৰ কাম সম্পন্ন কৰিব পাৰিব আৰু নিজৰ প্ৰতিযোগীসকলক পৰাস্ত কৰিব পাৰিব ৷ সেয়ে আজি আপুনি আনন্দত থাকিব ৷ ভাই-ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হৈ থাকিব ৷ প্ৰিয়জন আৰু বন্ধুৰ সৈতে সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ আজি আপোনাৰ আৰ্থিক লাভো হ’ব পাৰে ৷ আজি আপুনি শান্ত হৈ থাকিব ৷ স্ত্ৰীভাগ্য আজি আপোনাৰ ওপৰত প্ৰসন্ন ৷ নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ ৷

কন্যা ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আপুনি নিজৰ মিঠা মাতেৰে নিজৰ চাৰিওফালে থকা লোকৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব ৷ আপোনাৰ ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ তথাপি সংঘাতৰ সামান্য সম্ভাৱনাকো এৰাই চলিবলৈ নিজকে নিয়ন্ত্ৰণত ৰাখক ৷ আপুনি আজি সুচলভাৱে আৰ্থিক দিশবোৰ চম্ভালি ল’ব পাৰিব ৷ নেতিবাচক চিন্তা এৰাই চলক ৷ আজি আপুনি বন্ধু আৰু প্ৰিয়জনক লগ পাব পাৰে ৷ সৰু-সুৰা ভ্ৰমণ হোৱাৰ যোগ আছে ৷

তুলা ৰাশি: আজি আপুনি যিকোনো কামেই আত্মবিশ্বাসৰ বলত কৰি যাব পাৰিব ৷ আপুনি আজি নিজৰ আৰ্থিক দিশটোক সফলভাৱে চম্ভালি লৈ যাব পাৰিব ৷ আজি আপুনি শাৰীৰিক আৰু মানসিক আনন্দ লাভ কৰিব ৷ আপুনি নিজৰ বিশ্বাসত অটল থাকিব ৷ সৃজনশীল ক্ৰিয়াকলাপত যুক্ত হোৱাৰ যোগ ৷

বৃশ্চিক ৰাশি:খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ কিন্ত আপুনি মন কৰিব আপোনাৰ খৰচ ভাল কামৰ বাবে কৰা হৈছে, যেনে ভ্ৰমন, আনন্দ আৰু খেলা-ধূলাত ৷ কিন্তু আপোনাৰ শৰীৰে আপোনাৰ লগ নিদিব ৷ ফলত আপুনি সম্পূৰ্ণ আনন্দ উপভোগ কৰাত ব্যৰ্থ হ’ব ৷ অস্ত্ৰোপচাৰ কৰিবলগা হ’লে অলপ দিন ৰৈ দিয়ক ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ পৰিয়ালৰ ঘনিষ্ট জনৰ ব্যবহাৰত আপোনাৰ খং উঠিব পাৰে ৷ সাৱধানে থাকক অন্যথা আপুনি বিপদত পৰিব পাৰে ৷ সামাজিক ভাৱে অপদস্থ হ’বলগীয়া হ’ব পাৰে ৷

ধনু ৰাশি:আজি আপুনি কামৰ বোজাৰ মাজত থাকিব লাগিব ৷ কামৰ বোজা বৃদ্ধি হ’লেও শেষ নোহোৱালৈকে ৰক্ষা নহ’ব, কিন্তু কামৰ অন্তত আপুনি আনন্দ অনুভৱ কৰিব ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব আৰু প্ৰেমৰ উমেৰে ভৰা হ’ব ৷ বন্ধুৰ লগত খোজকঢ়া, পাহাৰ বগোৱা, দৌৰা আদি খেলত অংশগ্ৰহণ কৰিব পাৰিব ৷ বিবাহ প্ৰাৰ্থী সকলৰ প্ৰেম বিবাহ হ’ব পাৰে ৷ সন্তান আৰু মহিলা বন্ধুৰ পৰা লাভ হ’ব ৷

মকৰ ৰাশি:দিনটো শুভ ৷ জুই আৰু পানীৰ পৰা সাৱধানে থাকক ৷ দুপৰীয়াৰ পৰা কামবোৰ সফল হ’ব ৷ পদোন্নতিৰ যোগ দেখা যায় আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হ’ব পাৰে আৰু আপোনাৰ আনন্দ বাঢ়িব ৷ ধনৰ ক্ষেত্ৰত আপুনি বিপদমুক্ত হ’ব আৰু সন্মান লাভ কৰিব ৷ পাৰিবাৰিক পৰিবেশ সুন্দৰ হ’ব ৷

কুম্ভ ৰাশি:শৰীৰৰ ওপৰত চকু দিয়ক ৷ অন্যথা আপুনি দুৰ্বল আৰু কম কাৰ্যক্ষম অনুভৱ কৰিব, তাৰ ফল আপুনি মানসিকভাৱে উপলব্ধি কৰিব ৷ ওপৰৰ অফিচাৰ বা প্ৰতিদন্দী সকলৰ পৰা সাৱধানে আঁতৰি থাকিব আৰু বুদ্ধিৰে কামত আগবাঢ়িব ৷ তেওঁলোকে আপোনাক অবহেলা কৰিব পাৰে ৷ সন্তানৰ বাবে উদ্বিগ্নতা বৃদ্ধি হ’ব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বিদেশৰ পৰা বহু দিনৰ পৰা প্ৰতীক্ষা কৰি থকা খবৰ আহিব পাৰে ৷

মীন ৰাশি:গণেশৰ কৃপাত এই দিনটো আপোনাৰ বাবে মধ্যমীয়া হ’ব ৷ হাতত লোৱা কামত অলপ বেছি মনোযোগ দিয়ক ৷ নিজৰ কামখিনি নিজেই কৰিবলৈ চেষ্ঠা কৰক ৷ কাৰো ওপৰত বৰ বিশ্বাস নকৰিব ৷ আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ৷ কিন্তু ধনৰ ক্ষেত্ৰত ভাল দিন, হঠাৎ নভবাকৈ ধনাগমন হ’ব পাৰে ৷ ব্যৱসায়ত সোমায় থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰে ৷ অযথা খৰচৰ মাত্ৰা কমাওক ৷ মানসিক শক্তিৰ উন্নতিৰ বাবে যোগ বা ধ্যান আৰু পাৰ্থনা কৰিব পাৰে ৷

Last Updated : Aug 31, 2023, 6:26 AM IST

ABOUT THE AUTHOR

...view details