অসম

assam

ETV Bharat / sukhibhava

Daily Horoscope For 28th September: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 28th September 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:00 AM IST

মেষ ৰাশি:আপোনাৰ গ্ৰহ আজি উজ্জল হৈ জিলিকি আছে ৷ আপুনি কোনো অনুষ্ঠানত প্ৰিয়জনৰ সৈতে ভাগ ল'বলগীয়া হ'ব ৷ ধনাগমনৰ যোগ ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে সাৱধানে থাকক ৷ শান্ত থাকক ৷

বৃষ ৰাশি:সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰ সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব । পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । আৰ্থিক লাভৰ যোগ । শিক্ষাৰ্থীৰ বাবে দিনটো শুভ ৷

মিথুন ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে । নিজৰ ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক । আৰ্থিক দিশত সাৱধানে চলক ৷

কৰ্কট ৰাশি:নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটো শান্তিৰে থকা উচিত । এনেকুৱা কৰাটো আপোনাৰ ক্ষতি কৰিব পাৰে । শিক্ষাৰ্থীৰ বাবে বৰ্তমান সময় শুভ নহয় । নিৰাশ নহ'ব চেষ্টা অব্যাহত ৰাখক ৷

সিংহ ৰাশি:আজি আপুনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি পিতৃৰ আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব । খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক । নিজৰ স্বাস্থ্যৰ যত্ন লওক ।

কন্যা ৰাশি: আজি আপুনি এক অসাধাৰণ মানসিকতা লৈ থাকিব । অহংকাৰৰ পৰা দূৰত থাকক । মানসিক অস্থিৰতাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । গতিকে নিজক ওপৰত নিয়ন্ত্ৰণ কৰি ৰাখক ।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো শুভ । আনন্দ-উল্লাসেৰে আপোনাৰ দিনটো পৰিপূৰ্ণ হৈ থাকিব । সামাজিক কামত জড়িত হৈ আপোনাৰ মন প্ৰফুল্লিত হৈ থাকিব ৷ বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব ৷ আৰ্থিক দিশত উন্নতি লাভ কৰাৰ লগতে ব্যৱসায়ত উন্নতি লাভ কৰিব ।

বৃশ্চিক ৰাশি:আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল হৈ থাকিব । আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব । সন্তানৰ সফলতাই আপোনাক আনন্দ দিব ।

ধনু ৰাশি:স্বাস্থ্যৰ যত্ন লওক । অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে আওকাণ নকৰিব ৷ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক । বিবাদৰ পৰা আঁতৰি থাকক । আৰাম কৰক ৷

মকৰ ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব । সাৱধানে থাকিব ৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব ৷ বিবাদৰ পৰা আঁতৰি থাকক ।

কুম্ভ ৰাশি:আজিৰ দিনটো শুভ । আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব । দিনটোক উপভোগ কৰক ৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । গাড়ী-বাহন ক্ৰয়ৰ বাবে সময়টো ভাল ।

মীন ৰাশি: এটা মিশ্ৰিত দিন , সকলো কাম আৰু ভাল কৰিবলৈ চেষ্ঠা কৰক ৷ সকলো ফালৰ পৰা উদ্বেগত ডুবি থকা যেন অনুভব হ'ব আৰু খঙৰ বাবে আপোনাৰ কথা বাৰ্তা কঠোৰ হৈ পৰিব ৷ সাৱধানে থাকক ৷

ABOUT THE AUTHOR

...view details