অসম

assam

Daily Horoscope For 14th August: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

By

Published : Aug 14, 2023, 5:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল..

Daily Horoscope For 14th August 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:আজিআপুনি ব্যৱসায়ত প্ৰচুৰ লাভ কৰিব পাৰে ৷ আপুনি সুন্দৰভাৱে ধনৰ সকলো দিশ চম্ভালি ল’ব পাৰিব ৷ ই আপোনাক আনন্দিত কৰি তুলিব ৷ আবেলিটো পৰিয়াল আৰু বন্ধুৰ লগত বনভোজ বা আন ঠাইত ফুৰিবলৈ যাওক ৷ ধৰ্মীয় কামত কিছুসময় কটাওক ৷ দিনটো সুন্দৰভাৱে পাৰ হ’ব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি:আপোনাৰ মিঠা কথা বাৰ্তাই আনৰ মানসিক স্থিতি উন্নত কৰিব ৷ আপুনি মানুহৰ সহায়ক হ’ব ৷ আজি দিনটো তৰ্ক প্ৰতিযোগিতা আৰু আলোচনাত বহাৰ উত্তম সময় ৷ যদিও আপুনি বিচৰা ধৰণৰ ফল লাভত আপুনি ব্যৰ্থ হয় তেতিয়াও চিন্তাৰ কোনো কাৰণ নাই, ধৈয্য নেহেৰুৱাব ৷ সকলো বিষয় লাহে লাহে উন্নত হ’ব ৷ বাহিৰত খোৱা বন্ধ কৰক, হজম শক্তি হ্ৰাস হৈছে ৷ সাহিত্যত আপোনাৰ হেপাঁহ বৃদ্ধি হ’ব ৷ প্ৰিয়জনৰ সৈতে সময় কটাওক সম্পৰ্ক আৰু অধিক মধুৰ হৈ পৰিব ৷

মিথুন ৰাশি:আপুনি আজি সকলো ক্ষেত্ৰতে খেলি-মেলিত পৰিব পাৰে ৷ দিনটো পাৰ কৰাটো কঠিন হৈ পৰিব পাৰে ৷ মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ ধৰ্মীয় বা জ্ঞান বৰ্ধক আলোচনাত যাতে একো তৰ্ক বিতৰ্ক নহয় তাৰ প্ৰতি চকু ৰাখক ৷ পৰিয়ালৰ ডাঙৰ সকলৰ লগত উপৰি পুৰুষৰ সম্পতিৰ ক্ষেত্ৰত হোৱা আলোচনাত ভাগ নোলোৱাই ভাল ৷ অন্যথা আপুনি মানসিকভাৱে আঘাত পাব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে কিন্তু পাৰে যদি বাতিল কৰক ৷

কৰ্কট ৰাশি: আপোনাৰ ভাতৃ সুলভ মৰম দেখুৱাৰ সময় ৷ আপোনাৰ ভাতৃয়ে অকলশৰীয়া অনুভৱ কৰিছে আৰু আপোনাৰ লগে তেওঁক আনন্দিত কৰি তুলিব ৷ ব্যৱসায় বৃদ্ধিৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষণ কৰিব গতিকে বন্ধু আৰু প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কৰক ৷ সুন্দৰ ঠাইলৈ ভ্ৰমণ কৰিব যাব পাৰে ৷ আজি আপুনি কৰা সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব ৷ সামাজিক সন্মান বৃদ্ধি কৰাঁতো এই সময় উত্তম আৰু আপুনি ধনৰ ফালৰ পৰাও সবল হৈ উঠিব ৷

সিংহ ৰাশি:গণেশৰ কৃপাত আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ফল লাভত পলম হ’ব পাৰে বা কম হ’ব পাৰে ৷ আপোনাৰ দ্বাৰা বিচাৰ কৰোঁতেও ভুল হ’ব পাৰে, গতিকে সেই চিন্তা বাদ দি পৰিয়ালৰ লগত সময় কটোৱাত গুৰুত্ব দিয়ক আৰু সুখী হওক ৷ এনেও হ’ব পাৰে যে আপুনি লোৱা সিদ্ধান্তই আচলতে সঠিক ৷ দূৰ সম্পৰ্কীয় লোক আপোনাৰ বাবে সাহস হ’ব পাৰে ৷ টকা ঘটিবলৈ অধিক কাম কৰা বন্ধ কৰক ৷

কন্যা ৰাশি:এটা শান্তিৰ দিন ৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ সৈতে হৃদয়ৰ কথা পাতিব পাৰিব ৷ শৰীৰ উন্নত থাকিব আৰু আপুনি মানসিকভাৱে অদ্ভুত শান্তি লাভ কৰিব ৷ লক্ষ্মী দেৱীৰ কৃপা বৰষি থাকিব ৷ ধনৰ আগমন ঘটিব ৷ আজিৰ ভ্ৰমণ সুন্দৰ হ’ব ৷ সুন্দৰ সময় উপভোগ কৰক আৰু আনকো আনন্দ লাভত সহায় কৰক ৷

তুলা ৰাশি:আপোনাৰ খঙক দমন কৰক ৷ আজি কিছুমান আইনী কামত ব্যস্ত থাকিব পাৰে ৷ সাৱধানে থাকক ৷ আপোনাক লৈ কোনোবাই বেয়া মন্তব্য দিব পাৰে তাৰ প্ৰত্যুত্তৰ দিয়ক ৷ আপোনাৰ কিছুমান কামৰ বাবে আপুনি অনুসূচনাত পৰিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক আৰু চিন্তাৰ ফলত শৰীৰ বেয়া হ’ব পাৰে ৷ খৰচৰ বাবে সাজু থাকক ৷ চকুৰ চিকিৎসকৰ ওচৰলে যাবলগীয়া হ’ব পাৰে ৷ ধৰ্মীয় কাম-কাজ বা প্ৰাৰ্থনাই মনক স্থিৰ কৰি তুলিব ৷

বৃশ্চিক ৰাশি:শুভ ভাগ্য, বাস্তবিক আৰাম আৰু আনন্দ আপোনাৰ বাবে বাট চাই আছে ৷ আজি আপুনি বহুতো শিহৰণকাৰী ঘটনা দেখিব ৷ ভাল সময় উপভোগ কৰক ৷ বিবাহৰ বাবে উত্তম সময় ৷ আপোনাৰ সপোনৰ সংগীক সাখ্যাত কৰিব পাৰে ৷ ব্যৱসায় আৰু চাকৰি কৰা সকলৰ ভাল সময় ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণত যাব পাৰে ৷ সুখকৰ হ’ব ৷ প্ৰিয়জনৰ সৈতে সময় কটাওক সম্পৰ্ক আৰু অধিক মধুৰ হৈ পৰিব ৷

ধনু ৰাশি:আজি নিজকে আত্মবিশ্বাসী আৰু সুখী অনুভৱ কৰিব ৷ পিতৃৰ ফালৰ পৰা ধনৰ উপহাৰ পাব পাৰে ৷ বচৰ পৰা ভাল ব্যবহাৰ লাভ কৰিব ৷ ব্যৱসায় সংক্ৰান্তীয় আলোচনা সফল হ’ব আৰু আপুনি আৰম্ভ কৰিবলৈ বিচৰা ব্যৱসায়ৰ বাবে উচিত ধন লাভ কৰিব ৷ আপুনি আনৰ বাবে বহুত উপকাৰী হৈ পৰিব ৷ সকলো কাম সুন্দৰ ভাবে সফল হ’ব আৰু আনন্দৰ বাবে যথেষ্ঠ সময় লাভ কৰিব ৷ সোনকালে ঘৰ সোমাওক আপুনাৰ পত্নীয়ে আপুনালৈ আগ্ৰহেৰে বাট চাব ৷ সমাজিক জীৱনত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ৷

মকৰ ৰাশি: কষ্ট কৰা সকলৰ বাবে সুন্দৰ দিন ৷ এই সময় সকলো জ্ঞানী লোকৰ বাবে সফল সময় ৷ এই সময়ত কৰা সকলো কাৰ্য সফল হ’ব ৷ লিখক আৰু কলাৰ সৈতে জড়িত সকল সফল হ’ব ৷ আপুনি কলাৰ বিষয়ত কোনো কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰে ৷ সামাজিক কাম কৰা সকলে ভাল ফল নাপাব পাৰে ৷ সাৱধানে থাকক, যদিহে আপুনি ভাগৰুৱা অনুভৱ কৰিছে অলপ দিন কামৰ পৰা অব্যাহতি লওক ৷ অথবা অলপ শান্ত থাকক ৷ মানসিক অৱস্থা বেয়াৰ ফালে যাব পাৰে ৷ চিন্তাৰ কাৰণ নাই ৷

কুম্ভ ৰাশি:অতি বেচিটো বৰ ভাল নহয় ৷ আজি আপুনি মানসিকভাৱে ভাগি পৰাৰ সম্ভাৱনা আছে যিহেতু আপুনি অধিক চিন্তা কৰিব পাৰে ! শান্ত হওক ! সকলো সমস্যাৰে সমাধান আছে ৷ অন্যথা আপোনাৰ খং, উদ্দিগ্নতা আৰু বিপৰীতমূখী চিন্তাধাৰাই আপুনাক আৰু দিগদাৰ দিব ৷ শেষত আপুনি কিছুমান নকৰিব লগীয়া কাম কৰিব পাৰে এইকেইদিনতে পৰিয়ালত বিবাহৰ আয়োজন কৰা হ’ব পাৰে, কিন্তু আপুনি আপোনাৰ মানসিক অশান্তিৰ বাবে ভালদৰে আনন্দ কৰিব নোৱাৰিব ৷

মীন ৰাশি:আপোনাৰ সপোনবোৰ সফল হোৱৰ দিশত ৷ সেয়েহে আপুনি যদিহে কবি, সাহিত্যিক,মূৰ্তিকাৰ বা চিত্ৰশিল্পী হয় তেন্তে নিজৰ নিজৰ যুঁজত নামি পৰক ৷ ব্যৱসায়ী সকলৰ নতুন কাম আৰম্ভ কৰাৰ সু-সময়, আৰু বিদেশৰ লগত ব্যৱসায় কৰিব বিচাৰিছে যদি আগবাঢ়ক ৷ ভাল কামৰ ভাল পুৰস্কাৰ পোৱাৰ সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামত মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময়, বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷ তেওঁৰ সৈতে অধিক সময় কটাওক ৷ আপোনাৰ সামাজিক দিশতো উন্নতিৰ যোগ আছে ৷

ABOUT THE AUTHOR

...view details