মেষ ৰাশি: শুভ দিন ৷ সামাজিক কাম আৰু পৰোপকাৰি কামে আপোনাক আনন্দিত কৰি তুলিব ৷ অভিভাৱকৰ পৰা যথেষ্ট উপকৃত হ’ব ৷ প্ৰিয়জনৰ সৈতে ৰোমান্তিক ভ্ৰমনে তেওঁক আপোনাৰ আৰু ওচৰ চপায় আনিব ৷ সন্তানৰ সফলতাই আপোনাক উৎফুল্লিত কৰি তুলিব ৷ উপহাৰৰ বাবে আশা কৰক ৷
বৃষ ৰাশি:দিনটো শুভ ৷ নতুন ব্যৱসায় আৰম্ভ হ’ব ৷ ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ বাবে ভাল দিন ৷ পদোন্নতিৰ যোগ ৷ ঘৰুৱা পৰিৱেশত আপুনি কৰা সকলো কামতে আপোনাৰ পত্নী বা পতিৰ সহযোগিতা লাভ কৰিব ৷ দামী উপহাৰ আপোনালৈ কোনোবাই পঠিয়াই আছে ৷
মিথুন ৰাশি:দুদিন ধৰি কৰা কষ্টকৰ কামৰ পাছত আপুনি এলাহ অনুভৱ কৰিব ৷ বেমাৰে আপোনাক চিন্তাত পেলাব ৷ সন্তানৰ ওপৰত চকু ৰখা দৰকাৰ ৷ পেটৰ অসুবিধাত ভুগিব পাৰে আৰু টকাৰ নাটনিয়ে আপোনাক চিন্তাত পেলাব পাৰে ৷ আপোনাৰ সহকৰ্মীসকলে আপোনাৰ প্ৰতি ভাল ব্যবহাৰ কৰিব কিন্তু আপুনিমনত ভাবিব তেওঁলোক আপোনাৰ প্ৰতি অদৰকাৰত চিন্তিত ৷
কৰ্কট ৰাশি:শান্ত থাকক ৷ আগৰ ভাল সময়ৰ কথা মনলৈ আনি এতিয়া আপোনাৰ ফাললৈ অহা বেয়া সময়ক আদৰণি জনাওক ৷ নতুন ব্যৱসায় আৰম্ভণি বাতিল কৰক আৰু হ’বলগা অপাৰেচন অলপ দিন পিচলৈ নিয়ক ৷ মানসিক অশান্তি আৰু ঘৰুৱা পৰিৱেশে আপোনাৰ হৃদয়ত গভীৰ চাপৰ সৃষ্টি কৰিব ৷ অলপ ধৈয্য ধৰক ৷
সিংহ ৰাশি:গ্ৰহৰ দশাত আজি সকলো ফালৰ পৰা খেলি-মেলিৰ সৃষ্টি হ’ব ৷ আপোনাৰ সহযোগীৰ বেয়া ব্যৱহাৰত আপুনি অসন্তুষ্ট হ’ব ৷ সাৱধান হওক, তেওঁ আপোনাক থগিব পাৰে ৷ ভাগ্যক্ৰমে আপোনাৰ শৰীৰে আপোনাক সহায় কৰিব, কিন্তু এই কথা আপোনাৰ পত্নীৰ ক্ষেত্ৰত প্ৰযোয্য নহয় ৷ জ্ঞানবৰ্ধক আলোচনা লাভজনক হ’ব ৷ সাগৰৰ পাৰত খোজ কাঢ়ক আৰু চিন্তামুক্ত হওক ৷
কন্যা ৰাশি:গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব ৷ সমগ্ৰ দিন আপোনাৰ বাবে লাভজনক হ’ব ৷ শৰীৰ ভালে থাকিব, ধনৰ দিশত লাভজনক সময় আৰু সামাজিক জীৱনৰ বাধা আঁতৰিব ৷ কামত সকলোৰে সহযোগীতা লাভ কৰিব তথা ভাল খবৰে আপোনাৰ আনন্দ বৃদ্ধি কৰিব ৷