মেষ ৰাশি: আপোনাৰ আজিৰ দিনটো শুভ আৰু ঘটনাবহুল । কিন্তু মানসিক অস্থিৰতাৰ বাবে আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ মন স্থিৰ কৰিব নোৱাৰিব, আত্মবিশ্বাস আৰু দৃঢ়তাৰে সৈতে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব । সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক । অফিচৰ কামত ভ্ৰমণ হ’ব পৰাৰ সম্ভাৱনা আছে । এই ভ্ৰমণ চিঠি আৰু নথি-পত্ৰ আদি তৈয়াৰ কৰাৰ কামত লাগিব পাৰে । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে । কোনোবাৰ সৈতে, বিশেষকৈ কোনো মহিলাৰ সৈতে উত্তপ্ত বিবাদ হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰিব ।
বৃষ ৰাশি: আজি গোটেই দিন আপোনাক ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব লাগিব । বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত আপোনাৰ হাতৰপৰা সুযোগ গুচি যাব পাৰে । সকলৰ সৈতে বুজাবুজিৰে পাৰস্পৰিক সদ্ভাৱ বৰ্তাই ৰাখি চলক । ভ্ৰমণ পিছুৱাই দিয়াৰ ইংগিত আছে । আজিৰ দিনটো বিশেষকৈ লেখক, শিল্পী আৰু পৰামৰ্শদাতাসকলৰ বাবে শুভ । নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ।
মিথুন ৰাশি:আজি আপোনাৰ বাবে আৰ্থিক লাভ অপেক্ষা কৰি আছে । আজি আপুনি সুখাদ্য ভোজন কৰিব, নিজৰ পছন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফূৰ্তি কৰি সময় কটাব । উপহাৰ পাব । স্বাস্থ্য উত্তম । অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে গতিকে সাৱধানে থাকক । আজি হতাশা আৰু লাজৰ চিকাৰ নহ’ব । আত্মবিশ্বাসী আৰু উদ্দেশ্য লৈ চলক ।
কৰ্কট ৰাশি: আজি আপুনি বিভ্ৰান্ত হৈ থাকিব আৰু মনত আপোনাৰ খেলিমেলি লাগি থাকিব । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক । আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ উদ্দেশ্যৰ সংঘাত হ’ব পাৰে । অধিক ব্যয়ৰ সম্ভাৱনা আছে । সাংসাৰিক প্ৰয়োজনত আপুনি অধিক খৰছ কৰিবলগীয়া হ’ব পাৰে । মুখত লেকাম টানি ৰাখক আৰু ভুল বুজাবুজি দূৰ কৰক । আপোনাৰ স্বাস্থ্যই দিগদাৰ দিব পাৰে । সংবেদনশীলতাৰে কাম কৰক, নিজৰ নাম আৰু ধন নষ্ট হ’বলৈ নিদিব ।
সিংহ ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে লাভৰ যোগ আছে । বন্ধুসকলে বিশেষকৈ মহিলাসকলে আপোনাৰ কথা চিন্তা কৰিব আৰু আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব । সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে । আপুনি মন স্থিৰ কৰিব নোৱাৰা হ’লে সুযোগ আপোনাৰ হাতৰপৰা গুচি যাব পাৰে । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক । ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে । আজিৰ দিনটোৰ সৰহ ভাগ সময় চিন্তাত মগ্ন হৈ থাকিব ।
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আৰু সদয় । আজি কোনো প্ৰকল্প বা উদ্যোগ হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব । বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে । ব্যৱসায়ীসকলে প্ৰচুৰ লাভ কৰিব । পিতৃৰ ফালৰপৰা লাভ আৰু উপকাৰ পাব । পৰিয়ালত সুখ আৰু শান্তি বৰ্তাই থাকিব ।