মেষ ৰাশি:গণেশৰ উপদেশ মতে আপুনি আপোনাৰ আক্ৰমণমূলক আচৰণ ত্যাগ কৰক ৷ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে ৷ আপুনি কৰা কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব ৷ কামেই আপোনাক সমগ্ৰ দিন আগুৰি থাকিব ফলত আপুনি পৰিয়ালক সময় দিয়াত ব্যৰ্থ হ’ব ৷ মনলৈ বিপৰীত চিন্তা আহিবলৈ নিদিব ৷ পেটৰ বিষত ভুগিব পাৰে ৷ যদি পাৰে ভ্ৰমণ বাতিল কৰক ৷ চৰকাৰী কাম সম্পূৰ্ণ কৰত সফল হ’ব ৷
বৃষ ৰাশি: আপোনাৰ আজি নিজৰ ওপৰত বিশ্বাস বাঢ়িব আৰু লক্ষ্য স্থিৰ হ’ব ৷ যিয়ে আপোনাক উচিত ফল প্ৰদান কৰিব ৷ পিতৃ-মাতৃৰ পৰা ভাল খবৰ পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব ৷ চৰকাৰী কামত সফল হ’ব ৷ সন্তানৰ লগত খৰচ বাঢ়িলেও আপোনাৰ আয় বৃদ্ধি হ’ব ৷ কলা আৰু খেলৰ ক্ষেত্ৰত সফলতা দেখুৱাব পাৰিব ৷
মিথুন ৰাশি:নতুন কাম হাতত লোৱাৰ উচিত সময় ৷ চৰকাৰৰ পৰা পাবলগীয়াখিনি পাব ৷ কাৰ্যক্ষেত্ৰত আপোনাৰ বচৰ পৰা ভাল প্ৰতিক্ৰিয়া পাব ৷ আজি এটা সৰু ভ্ৰমনত যাব পাৰে ৷ আপোনাৰ প্ৰতিবেশী আৰু প্ৰিয়জনৰ লগত অলপ তৰ্কা-তৰ্কী হ’ব পাৰে ৷ আপোনাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি হ’ব ৷ আপোনাৰ প্ৰতিদন্দীসকল পৰাজিত হ’ব, আপুনি বিচৰা ধৰণে আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু দিনটো ভালৰ পৰা আৰু ভালৰ দিশে গতি কৰিব ৷
কৰ্কট ৰাশি: বিপৰীত চিন্তাধাৰা পৰিত্যাগ কৰক ৷ আপুনি শাৰীৰিকভাৱে আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ আপুনি কোনো বিষয়তে আজি সন্তুষ্টি লাভ নকৰে ৷ চকুৰ পৰা দিগদাৰ পাব ৷ ঘৰুৱা পৰিবেশ দিনটো বেয়া হৈ থাকিব ৷ পৰিয়ালৰ সদস্য সকলৰ লগত তৰ্কৰ পৰা আঁতৰত থাকক অন্যথা আপোনাক তেওঁলোকে ভুল বুজিব পাৰে ৷ অতি মাত্ৰা কষ্ট কৰিলেও ছাত্ৰ ছাত্ৰী সকলে উপযুক্ত ফল লাভ নকৰে ৷ বে-আইনী কামৰ পৰা দুৰত থাকক ৷ খৰচ যিমান পাৰি সিমান কমাবলৈ চেষ্টা কৰক ৷
সিংহ ৰাশি:আজি আপুনি সম্পূৰ্ণ বিশ্বাসেৰে উজ্বলি উঠিব ৷ আপুনি কাম হাতত লোৱাৰ আৰু কাম এৰাৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে আচনি হাতত লব পাৰিব ৷ আপোনাৰ অগ্ৰজ সকল আপোনাৰ বাবে লাভজনক হ’ব ৷ সামাজিক ক্ষেত্ৰত নাম আৰু সন্মান বুটলিবলৈ সক্ষম হ’ব ৷ কথা কওঁতে সাৱধান হওক ৷ খং ত্যাগ কৰক ৷ শৰীৰৰ যত্ন লওক ৷
কন্যা ৰাশি:আত্মময্যদা হানি হ’ব পাৰে, সাৱধানে থাকক ৷ আপুনি শাৰীৰিক আৰু মানসিক ভাবে দুৰ্বল অনুভৱকৰিব ৷ আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত নিতিগত পাৰ্থক্যই গা কৰিব পাৰে , যি আপোনাক চিন্তাত পেলাব ৷ খং আৰু আক্ৰমনাত্মক আচৰনে আপোনাৰ দিন বেয়া কৰি তুলিব ৷ ধৰ্মীয় কামত খৰচ কৰিব লগিয়া হ’ব ৷ শৰীৰৰ যত্ন লওক , দুৰ্ঘটনাৰ যোগ আছে ৷ যিমান পাৰি সিমান অযুক্তিসংগত তৰ্ক বিতৰ্ক ৰ পৰা আঁতৰি থাকক ৷