মেষ ৰাশি:দিনটো শুভ ৷ বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ নতুন সম্বন্ধ আহিব পাৰে ৷ সন্তানৰ কামত মন দিয়ক তেওঁলোকে ভাল ফল দেখুৱাব ৷ চৰকাৰী কামত ভাল ফল দেখুৱাব পাৰিব ৷ প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব ৷
বৃষ ৰাশি:চাকৰিয়াল সকলৰ কামৰ ক্ষেত্ৰত ভাল ফল দেখুওৱাৰ সময় ৷ নতুন ক্ষেত্ৰত কাম সহজ গতিত চলিব ৷ সহকৰ্মী আৰু বচৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ পদোন্নতি হ’ব বা পুৰস্কাৰ লাভ কৰিব পাৰে ৷ আগতে হৈ নুঠা কামবোৰ আজি পূৰণ হ’ব ৷ বৈবাহিক জীৱন সুন্দৰ আৰু চৰকাৰী কামত সফল হ’ব ৷ প্ৰিয়জনৰ সৈতে সময় কটাব পাৰে ৷
মিথুন ৰাশি:সাৱধান! নতুন আৰম্ভণি শুভ নহয় ৷ এলাহতে বেছি সময় যাব আৰু আপোনাৰ কামত তাৰ প্ৰভাৱ পৰিব ৷ পেটৰ সমস্যা আৰু আৰু আন শাৰীৰিক অশুবিধাই বিপদত পেলাব ৷ চকু ৰাখক,খৰচৰ মাত্ৰা অধিক হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷ প্ৰিয়জনৰ সৈতে মনোমালিন্য হ’ব পাৰে ৷
কৰ্কট ৰাশি:পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ আপোনাৰ খঙে আপোনাক বিপদজনক পৰিবেশলৈ লৈ যাব পাৰে ৷ দিনৰ শেষলৈ বজাৰলৈ যোৱাৰ আয়োজন বন্ধ কৰক ৷ অসামাজিক আৰু বে-আইনী কাম-কাজৰ পৰা দূৰত থাকক ৷ মন্ত্ৰ পাঠ আৰু প্ৰাৰ্থনা আৰু আন ধৰ্মমূলক কামে মনক স্থিৰ কৰক ৷
সিংহ ৰাশি:বিবাহিতসকলৰ ইজনৰ লগত আনজনৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব আৰু দুখী অনুভৱ কৰিব ৷ আপোনাৰ সংগীৰ শৰীৰ ভালে নাথাকিব পাৰে ৷ ধৈয্য আৰু শান্ত হৈ থকাই আপোনাৰ বাবে এতিয়া প্ৰধান কাম ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ’ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ পৰা বিপদত পৰিব পাৰে ৷ আইনী কাম কাজত ভাল ফল নাপায় ৷ সামাজিক কামত আপোনাক অপবাদ পাব পাৰে ৷ হৃদয়বান হওক ৷
কন্যা ৰাশি: এই দিনটো আপোনাৰ বাবে শিহৰণকাৰী দিন ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি পূৰ্ণ পৰিবেশে আপোনালৈ বাট চাই আছে ৷ আপোনাৰ সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ ভাল কামেৰে আপুনি নিজৰ পৰিচয় দিব পাৰিব ৷ সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আগৰ পৰা ভোগ কৰি অহা অসুবিধাৰ পৰা ৰক্ষা পৰাৰ বাতৰি পাব ৷ বিবাহিত মহিলাসকলে মাকৰ ঘৰৰ ভাল বাৰ্তা লাভ কৰিব ৷ সহজতে ক’বলৈ হ’লে খৰচ কমাওক তেতিয়া শেষলৈকে ভোগ কৰিবলৈ পাব ৷