নৰসিংহৰ পাতৰ খাদ্যৰ সুগন্ধি আৰু সোৱাদ বৃদ্ধি কৰা বিশেষ গুণেৰে সমৃদ্ধ ৷ নৰসিংহ পাত ভজাৰ লগে লগে ইয়াৰ সুগন্ধি গোটেই ঘৰখনতে বিয়পি পৰে ৷ ই পুষ্টিকৰ হোৱা বাবে ইয়াক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ খোৱাৰ উপৰিও চুলি আৰু ছালৰ পৰা আৰম্ভ কৰি ডিটক্স পানী তৈয়াৰ কৰালৈকে নৰসিংহৰ পাত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় ৷ পুষ্টিৰ কথা ক’বলৈ গ’লে ফছফৰাছ, আইৰণ, কেলচিয়াম, ভিটামিন চি আৰু এ আদি বহুতো পুষ্টিকৰ উপাদান নৰসিংহৰ পাতত পোৱা যায় ৷
যদিও দক্ষিণ ভাৰতত নৰসিংহৰ পাত যথেষ্ট পৰিমানে ব্যৱহাৰ কৰা হয়, কিন্তু এতিয়া ভাৰতৰ ভিন্ন প্ৰান্তৰ লোকে ইয়াক খাদ্যত যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে ৷ বৰ্তমান সময়ত ডায়েবেটিছ ৰোগীৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাকে ধৰি বহু ৰোগত নৰসিংহৰ পাত উপকাৰী ৷ সেয়ে জানো আহক নৰসিংহ পাতৰ অন্য স্বাস্থ্য উপকাৰিতাসমূহৰ বিষয়ে ৷
- ৰক্তহীনতাত উপকাৰী
ৰক্তহীনতাৰ সমস্যা (হিম’গ্লবিনৰ অভাৱ) প্ৰায়ে মহিলাৰ ক্ষেত্ৰত দেখা যায় ৷ নৰসিংহ পাতত আইৰণ আৰু ভিটামিন চি পোৱা যায় ৷ ইয়াৰ দ্বাৰা কেৱল ৰক্তহীনতাত সহায় কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়, যাতে আপুনি বাৰে বাৰে বেমাৰত পৰাৰ পৰা হাত সাৰিব পাৰে ৷
- হজম শক্তি সুস্থ হৈ থাকিব
দৈনিক নৰসিংহ পাত খালে আপোনাৰ হজম শক্তি উন্নত হয়, যাৰ ফলত পেটৰ লগত জড়িত সমস্যা যেনে গেছ, কোষ্ঠকাঠিন্য, ক্ৰেম্প আদিৰ পৰা সকাহ পাব পাৰে ৷
- ৰাতিপুৱাৰ ৰোগৰ পৰা সকাহ দিব