নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ:বিগত ২৪ ঘন্টাত দেশত ৭৯৭ জন নতুনকৈ Covid-19 আক্ৰান্ত ৰোগী ধৰা পৰাৰ লগতে দেশত প্ৰায় সক্ৰিয় ৰোগীৰ সংখ্যা ৪,০৯১ জনলৈ বৃদ্ধি পায় ৷ চলিত বৰ্ষৰ ১৯ মে’ৰ পিছত দেশত এদিনত সৰ্বাধিক কৰ’না সংক্ৰমণৰ সংখ্যা ৷ শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য প্ৰদান কৰে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে শুকুৰবাৰে পুৱা ৮ বজালৈকে আপডেট কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ক’ৰনা সংক্ৰমণৰ বাবে ৫জন লোকৰ মৃত্যু হৈছে ৷
ভাৰতত নতুনকৈ ৭৯৭ জন Covid-19 আক্ৰান্ত, ৫ জন ৰোগীৰ মৃত্যু: মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত কেৰালাত দুজন আৰু মহাৰাষ্ট্ৰ, পুডুচেৰী আৰু তামিলনাডুত Covid-19ৰ বাবে এজনকৈ ৰোগীৰ মৃত্যু হৈছে ৷ ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১৯ মে’ত দেশত ৮৬৫জন নতুনকৈ সংক্ৰমণৰ ঘটনা পঞ্জীয়ন হৈছিল ৷ ঠাণ্ডা আৰু Coronavirusৰ নতুন ভেৰিয়েন্ট JN.1 বাবে শেহতীয়াকৈ সংক্ৰমণৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷ ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা ভাৰতত মুঠ Covid-19 আক্ৰান্তৰ সংখ্যা ৪,৫০,১০,৯৪৪ জন, মৃত্যুৰ সংখ্যা ৫,৩৩,৩৫১ জন । নতুন Covid sub-variantৰ উত্থান আৰু ঠাণ্ডা বতৰৰ বাবে আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।