এই বৰ্ষৰ বৰদিনত আনন্দৰ উল্লাস কৰিবলৈ বিশ্ববাসী সাজু হৈ উঠিছে(Christmas during pandemic) ৷ কিন্তু বিশ্বত পুনৰ এবাৰ ক'ভিড আগমণৰ খবৰে এই আনন্দত যেন বাধাৰ সৃষ্টি কৰিছে ৷ বিগত বৰ্ষতো ক'ভিড মহামাৰীৰ বাবে বিশ্ববাসী উৎসৱ-পাৰ্বন আদি সুকলমে পালনৰ পৰা বিৰত থাকিব লগীয়া হৈছিল (What to do if you see Covid symptoms) ৷
ভেকচিন আৰু চিকিৎসাৰ বাবেই ক’ভিড সম্পূৰ্ণৰূপে নিৰ্মূল নহ’লেও যথেষ্ট দুৰ্বল হৈ পৰিছে (Epidemic at Christmas)। বৰদিনৰ উল্লাস, নৱবৰ্ষৰ পূৰ্বে হৈ-হ্লাল্লা আৰু পাৰ্টি কৰা দিনবোৰ উৎসৱমুখৰ কেলেণ্ডাৰত আকৌ আহিব ধৰিছে (Covid 19 new variant) ।
কিন্তু পৰিস্থিতিৰ স্বাভাৱিক হোৱাৰ লগতে শীতকালত হোৱা চৰ্দি, কাহ, জ্বৰ আদিৰ দৰে সমস্যা সমূহ পুনৰ আহিবলৈ ধৰিছে ৷ Covid ৰ সমান্তৰালকৈ আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি উত্তৰ গোলাৰ্ধৰ দেশসমূহত বৰ্তমান ইনফ্লুৱেঞ্জাৰ, RSP (respiratory syncytial virus) আৰু সাধাৰণ চৰ্দিৰ সংখ্যাও বৃহৎ পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে । এই অধিকাংশ সংক্ৰমণৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে, যাৰ ফলত স্বাস্থ্য ব্যৱস্থাৰ ওপৰত হেঁচা পৰিছে (Covid or common cold)।
সামাজিক দূৰত্ব নথকাৰ অসুবিধা কিছুমানে লকডাউনৰ বাবে ইমিউনিটি হেৰুৱাৰ কথা কয় । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে মহামাৰীৰ সময়ত ঋতুভিত্তিক ভাইৰাছৰ সংস্পৰ্শৰ অভাৱত হয়তো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিছে, যাৰ ফলত বিশেষকৈ শিশুৰ মাজত কিছুমান সংক্ৰামক ৰোগৰ হাৰ অধিক হৈছে ।