অসম

assam

ETV Bharat / sukhibhava

ক’ভিডৰ ভাইৰাছে কেৱল হাঁওফাঁওতে নহয় বৃক্ককো প্ৰভাৱিত কৰে

SARS-CoV-2 ভাইৰাছে এক নিৰ্দিষ্ট প্ৰকাৰৰ বৃক্কক পোনপটীয়াকৈ আক্ৰমণ কৰিব পাৰে ৷ এটা অধ্যয়নত পোৱা গৈছে যে গুৰুতৰ ক’ভিড-19 ৰ সমস্যা থকা ৰোগীসকলৰ ক্ষেত্ৰত বৃক্ক জনিত সমস্যা তীব্ৰ ৰূপত দেখা পোৱা যায় (How COVID Affects Kidneys ) ৷

By

Published : Apr 23, 2022, 7:27 PM IST

COVID
ক’ভিডৰ ভাইৰাছে কেৱল হাঁওফাঁওতে নহয় বৃক্ককো প্ৰভাৱিত কৰে

সকলোৱে জানে যে ক’ভিডে মুখ্যতঃ শ্বাস-প্ৰশ্বাস তন্ত্ৰক আক্ৰমণ কৰে ৷ কিন্তু এই ভাইৰাছে চিকিৎসকসকলক আচৰিত কৰি তুলিছিল কিয়নো তেওঁলোকে দেখিছিল যে এই SARS-CoV-2 ভাইৰাছে বৃক্কৰ গুৰুতৰ ক্ষতি সাধন কৰে ৷ ডিউক বিশ্ববিদ্যালয়ৰ জৈৱ চিকিৎসা অভিযান্ত্ৰিক আৰু ঔষধ বিভাগৰ সহকাৰী অধ্যাপক সমীৰা মুছাহে কয়, "চিকিৎসকৰ বৰ্ণনা শুনি মই আচৰিত হৈছিলোঁ যে কেনেকৈ এজন স্বাস্থ্যৱান ব্যক্তিয়ে হঠাতে বৃক্কজনিত সমস্যাত ভুগিব লগা হয় ৷ ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ ডায়েলাইছিচৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লগীয়া হয়" (Covid can directly affects kidney cells) ৷

তেওঁ লগতে কয় "এইটো স্পষ্ট আছিল যে ভাইৰাছটোৱে বৃক্কৰ কিবা ক্ষতি কৰি আছিল ( Causes damage to human kidney cells) ৷ কিন্তু মহামাৰীৰ পৰিপ্ৰেক্ষিতত কোনো নিশ্চিত নাছিল যে কি হৈ আছে ৷ " নতুন অধ্যয়নটোৰ বাবে দলটোৱে কৰা পৰীক্ষা ফ্ৰণ্টিয়াৰ্ছ ইন চেল এণ্ড ডেভেলপমেণ্টেল বায়’লজী আলোচনীত প্ৰকাশ হৈছিল ৷ এই অধ্যয়নটোৰ বাবে দলটোৱে SARS-CoV-2 ৰ এটা ছদ্মভাইৰাছ সংস্কৰণত কাম কৰিছিল ৷

যেতিয়া ছদ্মভাইৰাছটোক পোডোচাইট কোষবোৰৰ সৈতে পৰিচিত কৰোৱা হৈছিল , তেওঁলোকে দেখিলে যে ছদ্মভাইৰাছৰ স্পাইক প্ৰ'টিনে পোডোচাইটৰ পৃষ্ঠত থকা অসংখ্য ৰিচেপ্টৰৰ সৈতে পোনপটীয়াকৈ বান্ধ খাই পৰিছে । "আমি দেখিছিলো যে ভাইৰাছটো দুটা মুখ্য ৰিচেপ্টৰৰ সৈতে বান্ধি ৰাখিব পৰাকৈ সক্ষম, বিশেষকৈ পোডোচাইটৰ পৃষ্ঠত । এই ৰিচেপ্টৰবোৰ বৃক্কৰ কোষত প্ৰচুৰ পৰিমাণে থাকে ৷" গৱেষকসকলে এইদৰে কয় ৷

সাধাৰণতে ভাইৰাছটোৰ প্ৰভাৱ অতি দ্ৰুত । তেওঁলোকে এইটোও লক্ষ্য কৰিছিল যে ভাইৰাছ বৃদ্ধি হোৱাৰ লগে লগে বৃক্কৰ ওপৰতো প্ৰভাৱ বৃদ্ধি হয় । এবাৰ ভাইৰাছে কোষবোৰক আক্ৰমণ কৰাৰ পিছত, ই পোডোচাইটবোৰো ক্ষতিগ্ৰস্ত কৰে । আঙুলিৰ দৰে পোডোচাইটৰ দীঘল গাঁথনিক কোঁচ খোৱা হয় আৰু সংক্ৰমণ বৃদ্ধি হ'লে সেইবোৰো মৰি যায় ।

গৱেষকসকলে দেখিলে যে ই কেৱল পোডোচাইটৰ গাঁথনিগত ক্ষতি নকৰে, লগতে ভাইৰেল কণা তৈয়াৰ কৰিবলৈ পোডোচাইটৰ যোগান ব্যৱহাৰ কৰে ৷ গৱেষকসকলে কৈছিল যে ভাইৰাছে কোষবোৰ আক্ৰমণ কৰাৰ পিছত, ই পোডোচাইটবোৰ ক্ষতিগ্ৰস্ত কৰে ৷ যাৰ ফলত আঙুলিৰ দৰে দীঘল গাঁথনি সদৃশ পোডোচাইট যি তেজ ফিল্টাৰ কৰাত সহায় কৰে, সেইবোৰ সংকুচিত হৈ পৰে ।

যদি কোষবোৰৰ আঘাত অতি গুৰুতৰ হ'লহেঁতেন, পোডোচাইট বোৰ মৰি গ'লহেঁতেন । ডিউকৰ মেডিচিনৰ সহকাৰী অধ্যাপক মাৰিয়া ব্লাছিয়ে কয়, "গাঁথনিগত ক্ষতিৰ বাহিৰেও আমি দেখিছিলো যে ভাইৰাছে অতিৰিক্ত ভাইৰেল কণা প্ৰস্তুত কৰিবলৈ পোডোচাইটৰ আক্ৰমণ কৰিব পাৰে ৷ যিয়ে নতুন নতুন কোষবোৰলৈ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে" ৷

লগতে পঢ়ক:ডায়বেটিছ আৰু জ্ঞানেন্দ্ৰিয় ক্ষমতা কম থকা লোকসকলৰ হৃদৰোগৰ আশংকা অধিক

ABOUT THE AUTHOR

...view details