অসম

assam

ETV Bharat / sukhibhava

ক’ভিড-19ৰ ভেকচিন ল’বলৈ কৰা দ্বিধাবোধ সৰুকালৰ মানসিক চাপৰ সৈতে জড়িত - মানসিক চাপত ভোগা সকলে ভেকচিন ল’ব নিবিচাৰে

এটা অধ্য়য়নে সূচাইছে, ক’ভিড-19 ৰ টীকাকৰণলৈ ভয় কৰা বা ভেকচিন ল’বলৈ অমান্তি কৰা বিষয়টো সৰু কালৰ কিছুমান মানসিক অত্যাচাৰ যেনে অৱহেলা, ঘৰুৱা হিংসা, মাদক দ্ৰব্যৰ সেৱন ইত্যাদিৰ সৈতে জড়িত (COVID19 vaccine hesitancy linked to childhood trauma) ৷

childhood trauma
ভেকচিন ল’বলৈ অমান্তি কৰা বিষয়টো সৰু কালৰ মানসিক চাপৰ সৈতে জড়িত

By

Published : Feb 4, 2022, 12:19 PM IST

বি এম জে অ’পেন শীৰ্ষক জাৰ্নেলখনত প্ৰকাশ পোৱা এটা অধ্যয়নে কৈছে যে মানসিক চাপত ভূগি অহা লোকসকলৰ মাজত ভেকচিনক লৈ দ্বিধাবোধ, কোনো ধৰণৰ মানসিক চাপৰ কেতিয়াও সন্মুখীন নোহোৱা লোকসকলৰ তুলনাত তিনিগুণ অধিক ৷ ইউ.কেৰ বাংগৰ বিশ্ববিদ্যালয়ৰ গৱেষক আৰু সহকৰ্মীসকলে গৱেষণা কৰিছিল যে বৰ্তমানৰ স্বাস্থ্য়, ক’ভিড-19ৰ প্ৰতিবন্ধকতা আৰু বেমাৰটোৰ সংক্ৰমণৰ পৰা বাচিবলৈ ল’বলগা ভেকচিনৰ সৈতে সৰু কালৰ মানসিক চাপৰ কিবা সম্পৰ্ক আছে নেকি? গৱেষকৰ দলটোৱে 2020 চনৰ ডিচেম্বৰৰ পৰা 2021 চনৰ মাৰ্চলৈকে যেতিয়া ক’ভিড মহামাৰীৰ সংক্ৰমণৰ পৰা দেশক ৰক্ষা কৰিবলৈ কঠোৰভাৱে প্ৰতিবন্ধকতা জাৰি কৰা আছিল তেতিয়াই ইউ.কেৰ ৱালেছ্ত বাস কৰা বয়সস্থ লোকসকলৰ মাজত ৰাষ্ট্ৰীয় প্ৰতিনিধি টেলিফোনিক জৰীপ এটা চলাইছিল ৷

জৰীপটোত 6,763 গৰাকী ব্যক্তিৰ ভিতৰত 2,285 গৰাকী ব্যক্তিৰ উত্তৰ শেষৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছিল যিসকলে জৰীপটোৰ সকলো ধৰণৰ চৰ্ত পূৰণ কৰিছিল ৷ এই জৰীপটোত 18 বছৰ বয়সৰ পূৰ্বতে সন্মুখীন হোৱা প্ৰায় 9 বিধ মানসিক চাপ ক্ৰমান্বয়ে শাৰিৰীক, মৌখিক, যৌন উৎপীড়ন, পিতৃ-মাতৃ পৃথকে থকা, ঘৰুৱা হিংসা, মাদক দ্ৰব্য সেৱন ইত্যাদিৰ লগতে কোনোবা মানসিক বিকাৰগ্ৰস্তৰ সৈতে নতুবা কোনোবা কয়দীৰ সৈতে থকাৰ কথাও সোধা হৈছিল ৷ জৰীপটোৱে ব্যক্তিগত অনুসন্ধাৰ লগতে দীৰ্ঘম্যাদী স্বাস্থ্যৰ অৱস্থা আৰু ক’ভিড-19ৰ প্ৰতিবন্ধকতা, ভেকচিন এইবোৰৰ ওপৰতো প্ৰশ্ন কৰিছিল ৷

পাব্লিক হেল্থ ৱেলছ আৰু লিভাৰপুল হোপ বিশ্ববিদ্যালয়ৰ গৱেষকসহ দলটোৱে অনুসন্ধানত লাভ কৰিছিল যে প্ৰতি 5 জনৰ ভিতৰত প্ৰায় 1 জনে মানসিক চাপ অনুভৱ কৰিছিল, 6 জনৰ ভিতৰত প্ৰায় 1 জনে প্ৰায় 2 ৰ পৰা 3 টা মানসিক চাপ পাইছিল আৰু 10 জনৰ ভিতৰত 1 জনে 4 টা বা ততোধিক মানসিক চাপত ভূগিছিল । অধ্যয়নটোৰ মতে সৰু কালৰ বৰ্ধিত মানসিক চাপৰ ফলত ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (এন.এইচ.এছ.) ই জাৰি কৰা ক’ভিড-19 তথ্যৰ ওপৰত নিম্ন স্তৰৰ বিশ্বাস কৰিছিল মানসিক চাপত থকা লোকসকলে ৷ তেনে ব্যক্তিসকলে চৰকাৰী নিষেধাজ্ঞাবোৰ অনুচিত বুলি অনুভৱ কৰিছিল ৷

মাস্ক পৰিধানৰ বিৰোধিতা সেইসকল লোকে বেছিকৈ কৰিছিল যিসকলে সৰুতে 4 টা বা তাতকৈ অধিক মানসিক চাপত ভূগিছিল ৷ গৱেষকসকলে কৈছে যে চাৰিটাতকৈ অধিক মানসিক অত্যাচাৰৰ সন্মুখীন হোৱা ব্যক্তিসকলৰ মাজত সামাজিক দূৰত্বক শেষ কৰাৰ প্ৰৱণতা বেছি আছিল ৷

অধ্যয়নটোত প্ৰকাশ পাইছে যে ভেকচিন ল’বলৈ দ্বিধাবোধ কৰা প্ৰৱণতা সেইসকল লোকৰ মাজত তিনিগুণ অধিক আছিল যিসকল কম বয়সীয়া আছিল আৰু সৰুতে চাৰিটা বা তাতকৈ অধিক মানসিক চাপৰ মুখামুখি হৈছিল (COVID19 vaccine hesitancy linked to childhood trauma) ৷

ABOUT THE AUTHOR

...view details