পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আদা স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ই ওজন কমোৱাতো সহায় কৰে ৷ হয়, যদি আপুনি ওজন কমাব পৰা খাদ্য অনুসৰণ কৰি আছে তেন্তে আদাও অন্তৰ্ভুক্ত কৰিব পাৰে ৷ এইটো ব্যৱহাৰ কৰিলে আপুনি ওজন দ্ৰুত গতিত কমাব পাৰে ৷
বিশেষকৈ চৰ্দি আৰু কাহৰ বাবে ঘৰুৱা ঔষধ হিচাপে আদা ব্যৱহাৰ কৰা হয় যদিও ই আপোনাক ওজন কমোৱাতো সহায় কৰিব পাৰে ৷ ওজন নিয়ন্ত্ৰণৰ বাবে আদাক কি ধৰণেৰে ব্যৱহাৰ কৰিব পাৰি জানো আহক-
আদাৰ চাহ
যিসকল লোকে ওজন কমাব বিচাৰে, আদাৰ চাহ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ ওজন কমাবলৈ নিয়মিতভাৱে পুৱা বা গধূলি আদাৰ চাহ খাব পাৰে ৷ এই চাহত নেমুৰ ৰসো মিহলাই লব পাৰে ৷ যিটো ওজন হ্ৰাস কৰাত ফলপ্ৰসূ ৷
আদা আৰু নেমুৰ পানী
প্ৰায়ে মানুহে ওজন কমাবলৈ পুৱা নেমুৰ পানীৰে আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত ওজন কমাব পৰা খাদ্যত আদা আৰু নেমুৰ পানী খাব পাৰে ৷ ইয়াৰ বাবে আদা আৰু নেমুৰ ৰস গৰম পানীত মিহলাই প্ৰতিদিনে পুৱা ডিটক্স ড্ৰিংক হিচাপে খাব লাগে ৷