কোষ্ঠকাঠিন্য এক সাধাৰণ স্বাস্থ্যজনিত সমস্যা ৷ এই সমস্যা বহু কাৰণত হ’ব পাৰে, যেনে- পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ নকৰা, পৰ্যাপ্ত পৰিমাণৰ ফল-মূল আৰু শাক-পাচলি খাব নোৱাৰা বা শাৰীৰিকভাৱে সক্ৰিয় নোহোৱা ৷ কেতিয়াবা কিছুমান ঔষধ বা চিকিৎসাজনিত অৱস্থাৰ বাবেও কোষ্ঠকাঠিন্য হ’ব পাৰে ৷ কোষ্ঠকাঠিন্য প্ৰতিৰোধৰ বাবে বহুতে হাইড্ৰেটেড হৈ থকা, প্ৰচুৰ পৰিমাণে আঁহযুক্ত সুষম খাদ্য খোৱা আৰু নিয়মিত ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে ৷ অৱশ্যে এই সন্দৰ্ভত বিশেষজ্ঞই এবিধ বিশেষ ফল খালে কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাব পাৰি বুলি উল্লেখ কৰে ৷ জানো আহক এই ফলবিধনো কি ?
খেজুৰে দূৰ কৰিব কোষ্ঠকাঠিন্য
এই সন্দৰ্ভত খাদ্য বিশেষজ্ঞৰ মতে, যদি আপুনি কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাব বিচাৰে বা ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে, তেন্তে নিয়মিতভাৱে খেজুৰ খাওক, এই ফলটোক মিঠাতকৈ অধিক পুষ্টিকৰ বুলি গণ্য কৰা হয় ৷ ইয়াৰ দ্বাৰা পেটৰ সমস্যা দূৰ হোৱাই নহয়, শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰা হয় ৷ আচলতে খেজুৰত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ ফলত পাচনতন্ত্ৰ উন্নত হয় ৷
এইবোৰ বস্তু সেৱন কৰাৰ পৰা বিৰত থাকক
চিকিৎসকে কয় যে, কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিবলৈ হ’লে আমি কেৱল স্বাস্থ্যকৰ খাদ্য খোৱাই নহয়, বহুতো অস্বাস্থ্যকৰ খাদ্য সামগ্ৰীও খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ সেইবোৰ কথা কি জানো আহক-
১/ ভজা বস্তু