অসম

assam

ETV Bharat / sukhibhava

কোনবোৰ ঔষধ আপুনি একেলগে গ্ৰহণ কৰিলে বৃক্কৰ ক্ষতি হ'ব পাৰে ? - ibuprofen can cause permanent damage to the kidneys

'Mathematical Biosciences' নামৰ এক আলোচনীত প্ৰকাশ পোৱা মতে কিছুমান ঔষধৰ সংমিশ্ৰণে আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে (Some medicine combination can cause acute kidney injury)। বিশেষকৈ উচ্চ ৰক্তচাপ থকা লোকসকলে ব্যৱহাৰ কৰা ডায়ৰেটিক আৰু ৰেনিন-এঞ্জিওটেনচিন (RSA)ৰ সৈতে আইবুপ্ৰফেন পেইনকিলাৰ গ্ৰহণ কৰিলে বৃক্কৰ ক্ষতি হ'ব পাৰে । কম্পিউটাৰ-চিমুলেটেড ঔষধৰ পৰীক্ষণে এই সন্দৰ্ভত কি দেখুৱাইছে ?

ibuprofen
কিছুমান ঔষধৰ সংমিশ্ৰণে আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে

By

Published : May 5, 2022, 8:36 PM IST

ৱাটাৰ্লু বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তিনিবিধ ঔষধ ক্ৰমে মূত্ৰাশয়ৰ ৰোগত ব্যৱহৃত দৰৱ (ডায়ৰেটিক), ৰেনিন-এঞ্জিওটেনচিন (RSA) আৰু আইবুপ্ৰফেন আৰু বৃক্কৰ ওপৰত সেইবোৰৰ প্ৰভাৱৰ ওপৰত বিশেষ কম্পিউটাৰ-চিমুলেটেড ঔষধৰ পৰীক্ষণ কৰিছে (Effects of medicines on kidneys)। এই পৰীক্ষণত তেওঁলোকে দেখিছে যে কিছুমান স্বাস্থ্যজনিত সমস্যা থকা ব্যক্তিৰ ক্ষেত্ৰত এই ঔষধৰ মিশ্ৰণে বৃক্কৰ ক্ষতি কৰিব পাৰে (Some medicine combination can cause acute kidney injury)। এই ক্ষতি কিছুমান ক্ষেত্ৰত স্থায়ীও হ'ব পাৰে ।

উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে ডায়ৰেটিক আৰু RSA ইনহিবিটৰ সাধাৰণতে একেলগে দিয়া হয় আৰু এইবোৰ বিভিন্ন ফাৰ্মাচিউটিকেল ব্ৰেণ্ডৰ অধীনত উপলব্ধ । জনপ্ৰিয় ব্ৰেণ্ড আইবুপ্ৰফেনৰ দৰে পেইনকিলাৰ বেছিভাগ ফাৰ্মাচী আৰু দোকানত উপলব্ধ ।

ৱাটাৰ্লু আৰু কানাডাৰ ১৫০ গৰাকী গৱেষকৰ ভিতৰত অন্যতম অধ্যাপক অনিতা লেটনে কয় যে, ঔষধৰ এই সংমিশ্ৰণ গ্ৰহণ কৰা সকলোৰে ক্ষেত্ৰত সমস্যা নহ'ব পাৰে । কিন্তু গৱেষণাই দেখুৱাইছে যে আপুনি সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন । কম্পিউটাৰ-চিমুলেটেড ঔষধৰ পৰীক্ষণে ফলাফলবোৰ অতি সোনকালে দেখুৱাব পাৰে যি পৰীক্ষা মানৱ শৰীৰত অধিক সময় ল'ব পাৰে । লেটন আৰু তেওঁ দলে চিকিৎসকসকলক ঔষধৰ জটিলতাৰ দৰে সমস্যাৰ বাবে গণিত আৰু কম্পিউটাৰ বিজ্ঞান ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে ।

গৱেষণাটোৰ জৰিয়তে বিশেষকৈ উচ্চ ৰক্তচাপৰ বাবে ঔষধ গ্ৰহণ কৰি থকা বহুলোকৰ কথা কোৱা হৈছে । তেওঁলোকে উল্লেখ কৰা মতে তেনে লোকৰ বহুতে অতি সহজতে আইবুপ্ৰফেনৰ দৰে পেইনকিলাৰ গ্ৰহণ কৰে । লেটনে কোৱা মতে ডায়ৰেটিক হৈছে এনে এবিধ ঔষধ যিয়ে শৰীৰত কমকৈ পানী ধৰি ৰখাত সহায় কৰে ।

বৃক্কৰ ক্ষতিৰ এক মুখ্য কাৰক হৈছে ডিহাইড্ৰেটেড হোৱা আৰু তাৰ পিছত RSA ইনহিবিটৰ আৰু আইবুপ্ৰফেনে বৃক্কৰ আৰু বেছি ক্ষতি কৰে । লেটনে উল্লেখ কৰা মতে যদি আপুনি উচ্চ ৰক্তচাপৰ এই ঔষধবোৰ গ্ৰহণ কৰে আৰু পেইনকিলাৰৰ প্ৰয়োজন হয়, তাৰ সলনি এচিটামিনোফেন গ্ৰহণ কৰক ।

লগতে পঢ়ক :দুখনকৈ মাস্ক পৰিধানে প্ৰতিৰোধ কৰিব নোৱাৰে কৰ’ণাক !

ABOUT THE AUTHOR

...view details