বৰ্তমান প্ৰায় মানুহৰ ক্ষেত্ৰত দেখা দিয়া এটা সমস্যা হৈছে ওজন বৃদ্ধি । সেয়েহে, মানুহে ওজন কমাবলৈ যৎপৰোনাস্তি চেষ্টা কৰে আৰু দৈনিক ওজন কমোৱাৰ নতুন নতুন পদ্ধতিও অৱলম্বন কৰে ৷ বহুতে পুৱা সাৰ পোৱাৰ লগে লগে দাঁত ব্ৰাছ কৰি গৰম পানীত নেমুৰ ৰস দি খালী পেটত পান কৰে । আন কিছুমানে আকৌ কেৱল এগিলাচ গৰম পানী খায়, যাতে তেওঁলোকৰ পেট পৰিষ্কাৰ হৈ থাকে । ইয়াৰে একাংশই আকৌ খালী পেটত গৰম পানী খালে কলেষ্টেৰল কম হয় বুলি বিশ্বাস কৰে । কিন্তু এই কথা কিমান দূৰ সঁচা ? ইয়াৰ ফলত স্বাস্থ্যৰ অপকাৰ হয় নে উপকাৰ হয় ? জানি লওক এই সকলো প্ৰশ্নৰ উত্তৰ ৷
যদি আপুনি গ্ৰীষ্মকালত পুৱা গৰম পানী পান কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । পানী খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী, প্ৰায়ে কোৱা হয় যে পানী খোৱাৰ ফলত শৰীৰটো হাইড্ৰেটেড হৈ থাকে ।
কিন্তু গৰম পানী খোৱাৰ কি কি উপকাৰিতা আছে ?
1) হজম শক্তি উন্নত হয়
গৰম পানী খালে ই সোনকালে হজম হয় । ফলত নিয়মীয়াকৈ মলত্যাগ কৰাত সহায়ক হয় আৰু কোষ্ঠকাঠিন্যৰ আশংকা হ্ৰাস পায় ।
2) ডিটক্স
গৰম পানীয়ে শৰীৰ বিষমুক্ত কৰাত সহায় কৰে ।
3) ওজন কমি যোৱা