অসম

assam

ETV Bharat / sukhibhava

Food To Avoid Cholesterol: এই ১০ বিধ খাদ্যই শৰীৰৰ পৰা নাইকিয়া কৰিব বেয়া কলেষ্টেৰল

তেজত থকা বেয়া কলেষ্টেৰল আমাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু কিছুমান বিশেষ খাদ্য খালে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে আপুনি (Bad Cholesterol) ৷

Cholesterol lowering superfoods you must eat to avoid fat in blood vessels plaque heart attack
কলেষ্টেৰলৰ পৰা হাত সাৰিবলৈ খাদ্যৰ তালিকাত যোগ কৰক এইকেইবিধ খাদ্য

By

Published : Jun 11, 2023, 7:16 PM IST

কলেষ্টেৰল ভাল আৰু বেয়া দুয়োটাই হ’ব পাৰে । স্বাভাৱিক মাত্ৰাত ই শৰীৰৰ বাবে এক অপৰিহাৰ্য পদাৰ্থ । কিন্তু তেজত ইয়াৰ উপস্থিতি বেছি হ’লে ই হ’ব পাৰে বিপদৰ কাৰণ ৷ কেৱল ই আপোনাৰ জীৱনৰ বাবে বিপদাপন্ন হোৱাই নহয়,হৃদৰোগত আক্ৰান্ত হোৱাৰ কাৰণো হ’ব পাৰে ৷ উল্লেখ্য যে শৰীৰৰ প্ৰতিটো কোষত কলেষ্টেৰল থাকে আৰু খাদ্য হজম, হৰম’ন তৈয়াৰ আৰু ভিটামিন ডি উৎপাদনত গুৰুত্বপূৰ্ণ প্ৰাকৃতিক কাম কৰে । আমাৰ শৰীৰে ইয়াক উৎপন্ন কৰে যদিও খাদ্যৰ জৰিয়তেও ইয়াক লাভ কৰিব পাৰি (Cholesterol Lowering Foods to Add to Your Diet Today)।

কলেষ্টেৰল ২ প্ৰকাৰৰ

Low Density Lipoprotein (LDL) – ইয়াক বেয়া কলেষ্টেৰল বুলি কোৱা হয় ।

High Density Lipoprotein (HDL) – ইয়াক ভাল কলেষ্টেৰল বুলি কোৱা হয়।

কিমান হ’ব লাগে বেয়া কলেষ্টেৰলৰ মাত্ৰা ?

ইয়াৰ বাবে আপুনি লিপিড প্ৰফাইল টেষ্ট কৰিব লাগিব ।

যদি এল ডি এলৰ মাত্ৰা ১০০ তকৈ কম হয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই ।

যিসকলৰ শৰীৰত কোনো সমস্যা নাই তেওঁলোকৰ বাবে -১০০ৰ পৰা ১২৯ মিলিগ্ৰাম/ডেচিলিটাৰ উপযুক্ত, কিন্তু হৃদৰোগত আক্ৰান্ত থকাসকলৰ বাবে ই বিপদজনক।

-১৩০ৰ পৰা ১৫৯ মিলিগ্ৰাম/ডেচিলিটাৰ সীমাবদ্ধ উচ্চ মাত্ৰা হিচাপে গণ্য কৰা হয়।

-১৬০ৰ পৰা ১৮৯ মিলিগ্ৰাম/ডেচিলিটাৰ উচ্চ মাত্ৰা ।

-১৯০ৰ পৰা মিলিগ্ৰাম/ডেচিলিটাৰলৈকে অতি উচ্চ মাত্ৰা বুলি গণ্য কৰা হয়।

বেয়া কলেষ্টেৰল কমোৱাৰ ১০ টা খাদ্য

চিকিৎসকৰ মতে যদি আমি আমাৰ দৈনন্দিন খাদ্যৰ তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰো তেন্তে ই কলেষ্টেৰল হ্ৰাস কৰাত বহু পৰিমাণে সহায় কৰিব (Cholesterol Lowering Superfoods) । সাধাৰণতে এইবোৰত আঁহ ভিত্তিক খাদ্যৰ সংখ্যা বেছি হয় (Food To Avoid Cholesterol) ।

১/ ওটচ

২/ যৱ

৩/ গোটা শস্য

৪/ মাহজাতীয় শস্য

৫/ বেঙেনা

৬/ ভেণ্ডি

৭/ বাদাম

৮/ কেনোলা তেল

৯/ সৰিয়হ ভিত্তিক খাদ্য

১০/ চৰ্বিযুক্ত মাছ

কলেষ্টেৰল নিয়ন্ত্ৰণৰ অন্যান্য উপায়

স্বাস্থ্যসন্মত খাদ্যৰ উপৰিও তেজত থকা বেয়া কলেষ্টেৰল বহু দিশত হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে দৈনন্দিন জীৱনশৈলী আৰু ৰুটিনত পৰিৱৰ্তন আনিব লাগিব। অৱশ্যে ৪টা কথাত বিশেষ গুৰুত্ব দিব লাগিব

১/ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক

২/ নিয়মিত ব্যায়াম

৩/ ধূমপান কৰাৰ পৰা নিজকে বচাই ৰখা

৪/ ওজন নিয়ন্ত্ৰণ কৰি ৰাখক

লগতে পঢ়ক:Infertility problem: মহিলা-পুৰুষৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায় Heatwaveএ, সেয়ে আজিয়েই পৰিহাৰ কৰক এইসমূহ অভ্যাস

ABOUT THE AUTHOR

...view details