অসম

assam

ETV Bharat / sukhibhava

Mushroom Manchurian recipe: ভাইদুজত সহজতে তৈয়াৰ কৰক মাছৰুম মানচুৰিয়ান - মাছৰুম মানচুৰিয়ান তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় উপাদান

দেশৰ ভিন্ন প্ৰান্তত 26 আৰু 27 তাৰিখে উদযাপন হ'ব ভাতৃ-ভগ্নীৰ মৰম তথা বিশ্বাসৰ উৎসৱ ভাইদুজ । এইবাৰ 26 তথা 27 অক্টোবৰ ২০২২ অৰ্থাৎ বুধবাৰ আৰু বৃহস্পতিবাৰে এই উৎসৱ উদযাপন কৰা হ’ব । এনে অৱস্থাত যদি আপোনাৰ ভাতৃ চাইনিজ খোৱাৰ প্ৰতি আকৰ্ষিত হয়, তেন্তে এই উৎসৱটো বিশেষ কৰি তুলিবলৈ আপুনি মাছৰুম মানচুৰিয়ান তৈয়াৰ কৰিব পাৰে । মাছৰুম মানচুৰিয়ান বনাবলৈ যিমান সহজ সিমানেই খাবলৈও সুস্বাদু । গতিকে মাচৰুম মানচুৰিয়ান কেনেকৈ ঘৰতে সহজতে তৈয়াৰ কৰিব পাৰি জানো আহক ।

Chinese food lovers try this recipe of Mushroom Manchurian on Bhai Dooj
ভাইদুজত সহজতে তৈয়াৰ কৰক মাছৰুম মানচুৰিয়ান

By

Published : Oct 25, 2022, 6:15 PM IST

দেশৰ ভিন্ন প্ৰান্তত 26 আৰু 27 তাৰিখে উদযাপন হ'ব ভাতৃ-ভগ্নীৰ মৰম তথা বিশ্বাসৰ উৎসৱ ভাই দুজ । এইবাৰ 26 তথা 27 অক্টোবৰ ২০২২ অৰ্থাৎ বুধবাৰ আৰু বৃহস্পতিবাৰে এই উৎসৱ উদযাপন কৰা হ’ব । এনে অৱস্থাত যদি আপোনাৰ ভাতৃ চাইনিজ খোৱাৰ প্ৰতি আকৰ্ষিত হয়, তেন্তে এই উৎসৱটো বিশেষ কৰি তুলিবলৈ আপুনি মাছৰুম মানচুৰিয়ান তৈয়াৰ কৰিব পাৰে । মাছৰুম মানচুৰিয়ান তৈয়াৰ কৰিবলৈ যিমান সহজ সিমানেই খাবলৈও সুস্বাদু । গতিকে মাচৰুম মানচুৰিয়ান কেনেকৈ ঘৰতে সহজতে তৈয়াৰ কৰিব পাৰি জানো আহক(Mushroom Manchurian recipe) ।

ভাইদুজত সহজতে তৈয়াৰ কৰক মাছৰুম মানচুৰিয়ান

মাছৰুম মানচুৰিয়ান তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় উপাদান-

আধা কাপ মৈদা

তিনি চামুচ কৰ্ণফ্লাৱাৰ

আদা-নহৰুৰ পেষ্ট

আধা চামুচ ক’লা জালুক

চ'য়া চচ

আধা কাপ পানী

২৫০ গ্ৰাম মাচৰুম

সেউজীয়া পিয়াঁজ মিহিকৈ কাটি লোৱা

কেঁচা জলকীয়া মিহিকৈ কাটি লোৱা

নহৰু দুটা মিহিকৈ কাটি লোৱা

আদা মিহিকৈ কাটি লোৱা

জালুকৰ গুৰি

কেপচিকাম টুকুৰা টুকুৰ কৰি কাটি লোৱা

মাছৰুম মানচুৰিয়ান তৈয়াৰৰ পদ্ধতি-

মাছৰুম মানচুৰিয়ান তৈয়াৰ কৰিবলৈ প্ৰথমে বেটাৰটো প্ৰস্তুত কৰক(Mushroom Manchurian) । ইয়াৰ বাবে সকলো বেটাৰৰ মিশ্ৰণখিনি এটা বাটিত থোৱাৰ পিছত তাত মৈদা, কৰ্ণফ্লাৱাৰ মিহলাই দিব লাগে । তাত আদা-নহৰুৰ পেষ্ট যোগ কৰক । জালুকৰ গুড়ি আৰু চ'য়া চচ একেলগে মিহলাই পানী দিব । বেটাৰটো বেছি পাতল বা বেছি ডাঠ নহয় যাতে সেয়া লক্ষ্য কৰিব । মাছৰুমখিনি ভালদৰে ধুই ল'ব ।

এতিয়া কেৰাহীত তেল গৰম কৰক । মাছৰুমখিনি বেটাৰত ডুবাই গৰম তেলত দি মধ্যমীয়া জুইত সোণালী ৰঙৰ হোৱালৈকে ভাজিব । একেদৰে সকলো মাছৰুমখিনি ভাজি কাষত ৰাখক । এতিয়া আন এখন কেৰাহীত তেল গৰম কৰি তাত কটা পিঁয়াজখিনি সোণালী ৰঙৰ হোৱালৈকে ভাজিব ।

ইয়াৰ পিছত কটা সেউজীয়া পিয়াঁজ, কেঁচা জলকীয়া, আদা,নহৰু দি কম জুইত ভাজিব । এতিয়া জালুকৰ গুৰি, নিমখ আৰু নিমখ সোৱাদ অনুসৰি দি চ'য়া চচ দিব । যদি আপুনি গ্ৰেভিৰ দৰে মানচুৰিয়ান খাব বিচাৰে তেন্তে অলপ পানী দি ঢাকি ৰান্ধিব । ৰন্ধাৰ পিছত পানীখিনি শুকাব ধৰিলে তাত ভাজি ৰখা মাছৰুম খিনি মিহলাই ভালদৰে মিহলাই ঢাকি থৈ প্ৰায় তিনি-চাৰি মিনিট মান ৰান্ধিব । আপোনাৰ টেষ্টি মাছৰুম মানচুৰিয়ান খাবলৈ ৰেডি হৈ গৈছে । গৰমা গৰমে নুডলছ আৰু ভাজিৰ সৈতে পৰিবেশন কৰিব পাৰে ।

লগতে পঢ়ক:Bhai Dooj 2022: 26 নে 27 তাৰিখ জানি লওক ভাই দুজৰ সঠিক দিন

ABOUT THE AUTHOR

...view details