মানুহে নিজৰ বংশক আগুৱাই নিবলৈ বিবাহ কৰায় আৰু তাৰ পিছত এজন পুৰুষ আৰু এগৰাকী মহিলাই একেলগে তেওঁলোকৰ দৰে পৰৱৰ্তী প্ৰজন্মক জন্ম দিয়ে ৷ সন্তান জন্ম দিবলৈ মাতৃ থকাটো অতি প্ৰয়োজনীয় ৷ মাতৃ অবিহনে সন্তানৰ কল্পনাও কৰিব নোৱাৰি ৷ কিন্তু এয়া বৰ্তমানৰ কাহিনী ৷ বৰ্তমান বিজ্ঞানীসকলে দাবী কৰিছে যে, ২০২৮ চনৰ ভিতৰত মাতৃয়ে সন্তান জন্ম দিয়াৰ আৰু প্ৰয়োজন নহ’ব ৷ বৈজ্ঞানিকে কয় যে, ২০২৮ চনত ল’ৰা-ছোৱালীক লেবত সম্পূৰ্ণৰূপে সাজু কৰিব পৰা যাব ৷
জাপানী বিজ্ঞানীসকলে লেবত শুক্ৰাণু আৰু ডিম্বাণু বিকশিত কৰাৰ অতি ওচৰ চাপিছে ৷ আনহাতে স্বাভাৱিকতে প্ৰতিমাহে নাৰীৰ অণ্ডকোষৰ পৰা এটা ডিম্বাণুমুক্ত হৈ জৰায়ুত প্ৰৱেশ কৰে আৰু সেই ডিম্বাণুটো পুৰুষৰ বীৰ্যত অন্তৰ্ভুক্ত শুক্ৰাণুৰ দ্বাৰা নিষিক্ত হয় ৷ ইয়াৰ পিছত ক্ৰমান্বয়ে ডিম্বাণুটো ভ্ৰূণলৈ পৰিৱৰ্তিত হয় আৰু ৯ মাহৰ যাত্ৰাত ইয়াৰ বিকাশ ঘটে আৰু শিশুৰ জন্ম হয় ৷ কিন্তু এতিয়া বিজ্ঞানীসকলে লেবতে শুক্ৰাণু আৰু ডিম্বাণু তৈয়াৰ কৰাৰ ওচৰ চাপিছে ৷ লেবত উৎপাদিত ডিম্বাণুটো লেবত উৎপাদিত শুক্ৰাণুৰে নিষিক্ত কৰি কৃত্ৰিম গৰ্ভলৈ বিকশিত কৰা হ’ব ৷ এইদৰে কেইমাহমানৰ ভিতৰতে বিজ্ঞানীসকলে লেবত সম্পূৰ্ণৰূপে মানুহ সৃষ্টি কৰাত সফল হ’ব ৷
জাপানৰ কিউছু বিশ্ববিদ্যালয়ৰ অধ্যাপক কাটছুহিকো হায়াছিয়ে নিগনিৰ ওপৰত ইয়াৰ পৰীক্ষা সফলতাৰে কৰিছে ৷ তেওঁৰ বিশ্বাস যে অহা ৫ বছৰত তেওঁ এই প্ৰযুক্তিৰ সহায়ত মানুহো সৃষ্টি কৰিব পাৰিব ৷ কিন্তু এই গৱেষণাৰ সন্দৰ্ভত নৈতিক প্ৰত্যাহ্বান আৰু উদ্বেগো আহিছে ৷ যদি এইটো সম্ভৱ হয় তেন্তে যিকোনো ব্যক্তিয়ে যিকোনো বয়সতে সন্তান জন্ম দিব পাৰে ৷ ইয়াৰ উপৰিও পিতৃ-মাতৃয়ে জিন সম্পাদনাৰ জৰিয়তে সন্তানৰ কিছুমান বিশেষ ধৰণৰ গুণ ডিজাইন কৰিবলৈ দাবী কৰিব পাৰে ৷ ইয়াৰ ফলত নিখুঁত সন্তানৰ ধাৰণাটোৰ জন্ম হ’ব, যিটো স্বাভাৱিকতে সম্ভৱ নহয় ৷
নিগনিৰ ওপৰত এই পৰীক্ষা সফল হৈছিল