অসম

assam

ETV Bharat / sukhibhava

Chest Pain: বুকুৰ বিষ অনুভৱ কৰে নেকি ? তেতিয়াহ’লে সাৱধান ! - হৃদৰোগৰ প্ৰধান লক্ষণ

দৈনন্দিন জীৱনত প্ৰায়ে মানুহে বিভিন্ন বেমাৰ আজাৰৰ সন্মুখীন হোৱা দেখা যায় ৷ ইয়াৰ ভিতৰত এটা হৈছে বুকুৰ বিষ ৷ কিন্তু আপুনি জানেনে বাৰু এই বুকুৰ বিষ কিয় হয় ? যদি নাজানে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷

Chest pain: 6 causes, symptoms, and when to see a doctor
বুকুৰ বিষ কাৰণ

By

Published : May 22, 2023, 11:21 AM IST

চিটাৰা ডেস্ক, 22 মে’: বেয়া জীৱনশৈলী আৰু বেয়া খাদ্যৰ বাবে বৰ্তমান সময়ত মানুহৰ শৰীৰত যিকোনো সমস্যাই দেখা দিয়ে ৷ ইয়াৰে ভিতৰত এটা হৈছে বুকুৰ বিষ । আপুনি জানানে বুকুৰ বিষ যে হৃদৰোগৰ প্ৰধান লক্ষণ ? সেয়াহে বুকুৰ বিষ হ’লে ইয়াক কেতিয়াও আওকাণ নকৰিব (Chest Pain) ৷ অৱশ্যে এয়া হৃদৰোগ নহ’লেও অন্য ৰোগৰ লক্ষণো হ’ব পাৰে ৷ গতিকে বুকুৰ বিষ কিয় হয় জানো আহক এই প্ৰতিবেদনত ৷

এইসমূহ সমস্যাৰ পৰাও হয় বুকুৰ বিষ

১) এঞ্জাইনা হ’লেও বুকুৰ বিষ হয় (Angia) । হৃদযন্ত্ৰত তেজৰ প্ৰভাৱ কমি গ’লে এনে হয় (Types of Chest Pain)। এঞ্জাইনাত বিষ হ’লে চাপ, গধুৰতা, টান হোৱাৰ দৰে অনুভৱ হয় । এঞ্জাইনাক ইস্কেমিক বুকুৰ বিষ বুলিও কোৱা হয়।

২) কষ্টোকণ্ড্ৰাইটিছতো বুকুৰ বিষ অনুভৱ হয় (Costochondritis) । কামিহাড় আৰু স্তনৰ হাড়ৰ সংযোগস্থলত প্ৰদাহ হ’লে কষ্টোকণ্ড্ৰাইটিছ হয় ।

3) নিউমোনিয়াৰ বাবেও হ’ব পাৰে বুকুৰ বিষ (Pneumonia) । আচলতে নিউমোনিয়াৰ বাবে হাওঁফাওঁত উপস্থিত বায়ুৰ মোনাত বায়ু ভৰি পৰে । ইয়াৰ বাবে ৰোগীৰ কাহ আৰু উশাহ লোৱাত অসুবিধা হয় । লগতে বুকুৰ বিষ হয় গতিকে সময়মতে চিকিৎসা নকৰিলে ৰোগীগৰাকীৰ মৃত্যুও হ’ব পাৰে (What causes chest pain) ।

৪) পেনিক এটেক বা উদ্বেগ অনুভৱ কৰিলেও বুকুৰ বিষ অনুভৱ হয় (Panic Attack)। এই ধৰণৰ অৱস্থাত ব্যক্তিয়ে দ্ৰুত উশাহ লোৱাৰ লগতে বুকুৰ বিষ অনুভৱ কৰে ।

৫) বুকুৰ বিষৰ আন এটা কাৰণ হ’ল এচিড ৰিফ্লাক্স (Gastroesophageal Reflux) । পেটৰ এচিড খাদ্যনলীত উপনীত হ’লে বুকুৰ বিষ হয় । এই পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যোৱাটো প্ৰয়োজনীয় ।

6) এই ধৰণৰ বুকুৰ বিষ এজন ব্যক্তিয়ে অনুভৱ কৰে যেতিয়া খাদ্যনলী অৰ্থাৎ খাদ্যৰ পাইপ সৰু হ’বলৈ আৰম্ভ কৰে।

লগতে পঢ়ক:Migraine Pain : গ্ৰীষ্মকালীন গৰমৰ ফলত হোৱা মূৰৰ বিষৰ পৰা কেনেকৈ মুক্তি পাব ? জানি লওক

ABOUT THE AUTHOR

...view details