অসম

assam

ETV Bharat / sukhibhava

Healthy Diet: আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা, বৃদ্ধ বয়সলৈকে হৈ থাকিব ৰোগমুক্ত - বৃদ্ধ বয়সত কেনেকৈ সুস্বাস্থ্য বজাই ৰাখিব পাৰি

বৃদ্ধ বয়সলৈকে নিজকে সুস্থ কৰি ৰাখিবলৈ আপুনি খোৱা-বোৱাত যথেষ্ট সচেতন হোৱাটো দৰকাৰ ৷ কিদৰে আমি খাদ্যাভ্যাস সলনি কৰি দীৰ্ঘসময়লৈ স্বাস্থ্যৱান হৈ থাকিব পাৰো, আজি সেই বিষয়ে জানো আহক-

Change your diet today, you will stay disease free till old age
আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা, বৃদ্ধ বয়সলৈকে হৈ থাকিব ৰোগমুক্ত

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:23 PM IST

শৰীৰটো সুস্থ-সবল কৰি ৰাখিবলৈ শাৰীৰিক কাৰ্যকলাপৰ সমান্তলাৰকৈ স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷কিন্তু ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবেই আমি বহু ৰোগত আক্ৰান্ত হওঁ ৷ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এক গিলাচ পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ই শৰীৰটোক সম্পূৰ্ণৰূপে হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে ৷ বৃদ্ধ বয়সলৈকে নিজকে সুস্থ কৰি ৰাখিবলৈ আপুনি খোৱা-বোৱাত যথেষ্ট সচেতন হোৱাটো দৰকাৰ ৷ কিদৰে আমি খাদ্যাভ্যাস সলনি কৰি দীৰ্ঘসময়লৈ স্বাস্থ্যৱান হৈ থাকিব পাৰো, আজি সেই বিষয়ে জানো আহক-

খালী পেটত চাহৰ সলনি পানী খাব

বেছিভাগ মানুহে ৰাতিপুৱা সাৰ পাই উঠি চাহ বা কফি খাবলৈ ভাল পায় ৷ প্ৰকৃততে ই শৰীৰৰ বাবে অতি বিপদজনক ৷সেয়েহে সদায় ৰাতিপুৱা আপুনি এক গিলাচ পানীৰে দিনটো আৰম্ভ কৰিব ৷এনে কৰিলে শৰীৰেও শক্তি লাভ কৰিব আৰু বৃক্কয়েও ভালদৰে কাম কৰিব ৷

যথেষ্ট পৰিমাণে প্ৰ'টিন খাব

চিকিৎসকৰ মতে, স্বাস্থ্য ভালে ৰখাৰ বাবে আমি ৰাতিপুৱা খাদ্য গ্ৰহণত সচেতন হোৱাটো দৰকাৰ ৷ ৰাতিপুৱা এনে খাদ্য আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে য'ত উচ্চ পৰিমাণৰ প্ৰ'টিন থাকে ৷ কিয়নো ৰাতিপুৱাৰ আহাৰত প্ৰ'টিন গ্ৰহণ কৰিলে ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে ৷ ই ভোক নিয়ন্ত্ৰণ কৰাৰ লগতে আপোনাৰ মনোভাৱ ইতিবাচক কৰি ৰখাত সহায় কৰে ৷ কেৱল এয়াই নহয়, ইয়াৰ দ্বাৰা আপুনি ওজনো নিয়ন্ত্ৰণ কৰিব পাৰে ৷

প্ৰতিদিনে এটা ফলৰ প্ৰয়োজন

দৈনিক কমেও এটা ফল খাবলৈ চেষ্টা কৰিব ৷ ফল খালে আপোনাৰ শৰীৰে আঁহ, ভিটামিন, খনিজ লাভ কৰিব ৷যি হজম আৰু স্বাস্থ্য দুয়োটাই ভালে ৰখাত সহায়ক ৷

চিৰিৰ ব্যৱহাৰ

এক গৱেষণা অনুসৰি, যদি আপুনি দিনত তিনিবাৰকৈ ২০ ছেকেণ্ডত ৬০ টা চিৰি বগায়, তেনেহ'লে ই কাৰ্ডিঅ' ফিটনেছ ৫ শতাংশ বৃদ্ধি কৰে ৷ আপোনাৰ সামগ্ৰিক ফিটনেছৰ বাবে কাৰ্ডিঅ' ফিটনেছ আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ ই হৃদৰোগৰ আশংকা হ্ৰাস কৰে আৰু পেশীবোৰ শক্তিশালী কৰি ৰাখে ৷

গ্ৰীণ টি খাব

যদি আপুনি চাহ, কফিৰ সলনি গ্ৰীণ টি খায়, তেন্তে আপুনি ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব পাৰে ৷ ইয়াত থকা এণ্টিঅক্সিডেণ্ট গুণাগুণৰ বাবে ই আপোনাক কঠিন ৰোগবোৰৰ পৰা আঁতৰাই ৰাখিব ৷

লগতে পঢ়ক:Krishna Janmashtami 2023: সমগ্ৰ দেশতে বিখ্যাত শ্ৰীকৃষ্ণৰ এইসমূহ মন্দিৰ; এবাৰ হ’লেও নিশ্চয় ভ্ৰমণ কৰক

ABOUT THE AUTHOR

...view details