ছাইনাছাইটিছৰ বিষয়ে জনাৰ পূৰ্বে আমি ছাইনাছৰ বিষয়ে জানিব লাগিব । আমাৰ মুখমণ্ডলৰ হাড়বিলাকৰ মাজত কিছুমান গহ্বৰৰ নিচিনা খালী ঠাই বা বায়ুমোনা থাকে, যিবিলাক আমাৰ নাকগহ্বৰৰ সৈতে সংযোজিত হৈ থাকে । এই গহ্বৰবিলাকৰ মাজত বায়ু সোমাই থাকে বাবে আমি আমাৰ লাওখোলাটোৰ ওজন অনুভৱ নকৰো আৰু আমি নাকেৰে শ্বাস-প্ৰশ্বাসত লোৱা বায়ুক হাওঁফাওঁলৈ যোৱাৰ আগতে এই ছাইনাছাবিলাকে আৰ্দ্ৰতা প্ৰদান কৰে(Causes and symptoms of Sinusitis and its treatment)৷
এই খালী গহ্বৰ বা বায়ুমোনাবিলাকক ছাইনাছ বুলি কোৱা হয়(Cause of Sinusitis)। এই ছাইনাছবিলাকক শ্লেষ্মা আৱৰণে আৱৰি থাকে । এই ছাইনাছ বা ছাইনাছবিলাকক আৱৰি থকা শ্লেষ্মা আৱৰণৰ প্ৰদাহ বা সংক্ৰমণকে ছাইনাছাইটিছ বুলি কোৱা হয় । ছাইনাছৰ প্ৰদাহ বা সংক্ৰমণ এলাৰ্জী, প্ৰদূষিত বাতাৱৰণ যেনে-ধুলি-মাকতি, বেক্টেৰিয়া, ভাইৰাছ বা কেতিয়াবা ভেঁকুৰৰ সংক্ৰমণৰ পৰা হ’ব পাৰে । সময়চক্ৰৰ ওপৰত ভিত্তি কৰি ছাইনাছাইটিছক মুখ্যত: তিনিটা ভাগত বিভক্ত কৰা হয় ।
Acute বা নতুনকৈ হোৱা ছাইনাছাইটিছ:এই সংক্ৰমণ প্ৰায় চাৰি সপ্তাহলৈ থাকে ।
Sub Acute ছাইনাছাইটিছ: এই সংক্ৰমণ প্ৰায় চাৰি সপ্তাহলৈ থাকিব পাৰে ।
Chronic বা জীৰ্ণ ছাইনাছাইটিছ: জীৰ্ণ ছাইনাছাইটিছ খুব কমসংখ্যক লোকৰ মাজত দেখা যায়। সাধাৰণতে এমাহৰ পৰা এবছৰ পৰ্যন্ত থাকিব পাৰে।কেতিয়াবা নাকৰ পৰ্দাৰ বিকৃতি (Deviated Nasal Septum)বা নাকৰ ভিতৰত হোৱা বৃদ্ধি (Polyp),দাঁতৰ সংক্ৰমণ ইত্যাদি কাৰণতো ছাইনাছাইটিছ হ’ব পাৰে।
ছাইনাছাইটিছৰ চিহ্ন আৰু লক্ষণ:
- মূৰৰ বিষ বা মুখমণ্ডলৰ বিষ ।
- নাকৰ পৰা ডাঠ স্ৰাৱ ওলায়। নতুন ছাইনাছাইটিছত এই স্ৰাৱ সেউজীয়া ৰঙৰ হয়,পুঁজ আৰু তেজ মিহলি হৈ থাকিব পাৰে । জীৰ্ণ ছাইনাছাইটিছত নাকগহ্বৰৰ পৰা সংক্ৰমিত শ্লেষ্মা মুখগহ্বৰৰ ভিতৰলৈকে নিৰ্গত হ’ব পাৰে ।
- জ্বৰ
- নাকৰন্ধ্ৰ বন্ধ হৈ যায়,নাকেৰে গোন্ধ নোপোৱা হয়,
- শ্বাস-প্ৰশ্বাস গোন্ধযুক্ত হ’ব পাৰে বা মুখখন দুৰ্গন্ধযুক্ত হ’ব পাৰে,
- কাহ (সাধাৰণতে ৰাতিৰ ভাগত)
- শৰীৰৰ বিষ,দুৰ্বলতা ,মূৰ ঘূৰণি,দাঁতৰ বিষ,কাণৰ বিষ,চকুৰ বিষ,গলৰ বিষ বা গল বহি যোৱা ইত্যাদি।
ছাইনাছাইটিছ হোৱাত উদগনি যোগোৱা কাৰকবোৰ :
ধুলি-মাকতি, এলাৰ্জী, প্ৰদূষিত বাতাৱৰণ,ধূমপান,শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা অৱস্থা,যেনে-এইডছ ,যক্ষ্মা,ডায়েবেটিছ ইত্যাদি,শ্বাসতন্ত্ৰৰ সংক্ৰমণ,ৰাসায়নিক উত্তেজক পদাৰ্থ যেনে-দোকানত পোৱা কিছুমান নেজেল স্প্ৰে,চিগাৰেটৰ ধোঁৱা, ক্ল’ৰিনৰ ধোঁৱা,ক্ল’ৰিনযুক্ত পানীৰ পুখুৰীত সাঁতুৰি ফুৰা ইত্যাদি । ছাইনাছাইটিছ সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত হোৱা দেখা যায় । পাঁচ বছৰৰ তলৰ শিশুৰ এই বেমাৰ সাধাৰণতে নহয় ।
ছাইনাছাইটিছৰ ফলত হ’ব পৰা জটিলতা:
চকুৰ গহ্বৰৰ সংক্ৰমণ (দৃষ্টিশক্তিও লোপ পাব পাৰে),হাড়ৰ সংক্ৰমণ,বিশেষকৈ কপাল আৰু মুখমণ্ডলৰ হাড়বিলাকৰ,মধ্যকাণৰ সংক্ৰমণ,মগজুৰ সংক্ৰমণ (মেনিনজাইটিছ পৰ্যন্ত হ’ব পাৰে),ব্যক্তিত্বৰ পৰিৱৰ্তন,সংজ্ঞাহীন হ’ব পাৰে,দৃষ্টিশক্তিৰ অসুবিধা,ক’মা,মৃত্যু (সম্ভৱ)।
ছাইনাছাইটিছৰ বাবে ল’বলগীয়া সাৱধানতা:
তলত দিয়া নিয়মবিলাক মানি চলিলে ছাইনাছাইটিছ হোৱাত কিছু পৰিমাণে বাধা দিব পৰা যায়-
- নিজৰ হাত দুখন সঘনাই ধোৱাৰ অভ্যাস কৰিলে বীজাণুৰ সংক্ৰমণ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায় ।
- ধূম্ৰপান ত্যাগ কৰা উচিত ।
- শিশুৰ নিয়মিত টিকাকৰণ কৰিব লাগে ।
- ঠাণ্ডাৰ দ্বাৰা আক্ৰান্ত হ’লে বা শ্বাসনলীৰ সংক্ৰমণ হ’লে তৎক্ষণাৎ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে ।
- ঠাণ্ডাৰ দিনত বিশেষ সাৱধানতা ল’ব লাগে ।
- যিমান দূৰ সম্ভৱ নিজকে ধুলি-মাকতি,ধোঁৱা,প্ৰদূষক আদিৰ পৰা বচাবলৈ মুখত মাস্ক ব্যৱহাৰ কৰিব লাগে ।
- দাঁতৰ সংক্ৰমণ হ’লে যিমান সোনকালে পাৰি চিকিৎসা কৰিব লাগে ।
- ডিহাইড্ৰেচন নহ’বলৈ যথেষ্ট পৰিমাণে পানী খাব লাগে ।
- কফবৰ্ধক খাদ্যবস্তু আৰু জীৱনশৈলী পৰিত্যাগ কৰিব লাগে। যেনে-ঠাণ্ডা খাদ্যবস্তু,ক’লড ড্ৰিংকছ,ঠাণ্ডা পানীৰে গা ধোৱা,দিনত শোৱা অভ্যাস,অধিক শোৱা,আৰামপ্ৰিয় জীৱন যাপন, চৰ্বিজাতীয়, মিঠা, টেঙা, নিমখজাতীয় আৰু সোনকালে হজম নোহোৱা খাদ্যবস্তু অধিক সেৱন কৰিব নালাগে ।
- ঋতু অনুযায়ী উৎপন্ন হোৱা ফল-মূল গ্ৰহণ কৰিব লাগে ।
- ফ্ৰীজত ৰখা বস্তু,ময়দাৰ দ্বাৰা বনোৱা খাদ্য-সামগ্ৰী,ফাষ্টফুড,কাৰ্বনেটেড ড্ৰিংকছ,চিগাৰেট,চকলেট,মদ্য ব্ৰেড,জাংকফুড ইত্যাদি ত্যাগ কৰিব লাগে ।
- নিয়মিত ব্যায়াম আৰু খোজ কাঢ়িব লাগে ।
- খাদ্যত নহৰু আৰু পিঁয়াজ ব্যৱহাৰ কৰিব লাগে ।
- অতি উষ্ণ বা অতি ঠাণ্ডা খাদ্যবস্তু পৰিহাৰ কৰিব লাগে ।
- পাইখানা সদায় খোলোচা ৰাখিব লাগে । তাৰ বাবে আঁহ জাতীয় খাদ্যবস্তু যেনে-সেউজীয়া শাক-পাচলি,জৈৱিক ফল-মূল ইত্যাদি সেৱন কৰিব লাগে ।
- বেঙেনা,বিলাহী,দৈ আদি পৰিত্যাগ কৰিব লাগে ।
- নিয়মিত সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে,অন্যথা হজম প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয় ।
- ক্ল’ৰিন মিহলি পানীৰ পুখুৰীত সাঁতোৰা পৰিহাৰ কৰিব লাগে ।
- মহ মৰাৰ বাবে ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ পৰা আঁতৰি থাকিব লাগে ।
ছাইনাছাইটিছৰ বাবে কিছু ঘৰুৱা দিহা
- পানীত তুলসী পাত গৰম কৰি তাৰ গৰম ভাপ ল’লে সুফল পোৱা যায় ।
- পানী গৰম কৰি তাত পদিনা,ইউকেলিপটাছৰ তেল,লং তেল মিহলাই তাৰ দিনত দুবাৰকৈ ভাপ ল’ব লাগে । ভাপ লৈ উঠি নিমখ গৰম পানীৰে মুখৰ প্ৰক্ষালন কৰিব লাগে ।
- পিঁয়াজ কাটি গৰম পানীত দি তাৰো ভাপ ল’ব পাৰি ।
- এক চামুচ মিঠাতেল এক গিলাচ পানীত মিহলাই গৰম কৰি যেতিয়া পানীৰ পৰিমাণ আধা হৈ যায় তাক জুইৰ পৰা নমাই থৈ দিব লাগে। যেতিয়া পানীখিনিয়ে নাতিশীতোষ্ণ অৱস্থা পাব তেতিয়া তাৰ তিনি-চাৰি ফোটা পানী ড্ৰপাৰৰ সহায়ত নাকৰ ফুটাত দিব লাগে । নহ’লে কেৱল ১-২ টোপাল খালী মিঠাতেলো ব্যৱহাৰ কৰিব পাৰি ।
- ৫-৬ কোঁহ নহৰু থেঁতেলিয়াই লৈ তাৰ ঘ্ৰাণ ল’ব পৰা যায় ।
- অলপ পৰিমাণৰ হালধি হুড়ি জ্বলি থকা এঙাৰত জ্বলাই বা কাপোৰৰ টোপোলা বান্ধি জ্বলাই তাৰ ধোঁৱা শুঙিলেও আৰাম পোৱা যায় ।
- ১-২ চামুচ ডালচেনিৰ গুড়ি অলপমান গৰম পানী মিহলাই লেপ বনাই কপালত লগালে বন্ধ হৈ থকা নাক খোল খাই যায় ।
- অকণমান কুহুমীয়া নিমখ পানীৰে নাকৰন্ধ্ৰ প্ৰক্ষালন কৰিলে নাকৰ শ্লেষ্মা আৱৰণ আৰ্দ্ৰ হৈ থাকে আৰু নিমখ পানীয়ে বহুতো বেমাৰৰ বীজাণু ধ্বংস কৰাতো সহায় কৰে ।
মুখেৰে সেৱন কৰিব পৰা ঘৰুৱা ঔষধ:
- ১ চামুচ থেঁতেলিয়াই লোৱা নহৰু,
- ১ চামুচ হালধি গুড়ি আৰু দুচামুচ মৌ মিহলাই দি নে এবাৰ বা দুবাৰ খাব লাগে ।
- নেমুপানীত মৌ মিহলাই খালেও উপকাৰিতা পোৱা যায় ।
- কমলা টেঙাৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই পান কৰিলেও সুফল পোৱা যায় ।
- ৮-১০ টা তুলসী পাত,৮-১০ টা জালুকৰ গুড়ি আৰু অলপ পৰিমাণৰ আদা পানীত গৰম কৰি পানীখিনি ছেকি পেলাই সেৱন কৰিলেও সুফল পোৱা যায় ।
- চাৰিভাগৰ এক চামুচ ডালচেনিৰ গুড়ি এক চামুচ মৌৰ লগত মিহলাইও পান কৰিব পাৰি ।
ছাইনাছাইটিছৰ বাবে যোগাসন:
এজন যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানত তলত দিয়া যোগাসনসমুহ সামৰ্থ্য অনুসৰি কৰিলে ছাইনাছাইটিছ বেমাৰত সুফল পোৱা যায় । যেনে-কপালভাটি,জল নেতি, ঘৃত নেতি, জানু শীৰ্ষাসন, অৰ্থ মৎস্যেন্দ্ৰিয়াসন, ধনুৰাসন, চক্ৰাসন, সলভাসন, ভুজংগাসন, সৰ্বাংগাসন, হলাসন, শৱাসন, দ্যান (অতিকমেও ১০ মিনিট ইত্যাদি । ইয়াৰ উপৰি বহুতো আয়ুৰ্বেদ শাস্ত্ৰীয় আৰু পেটেণ্ট ঔষধৰ ব্যৱহাৰৰ দ্বাৰা এই বেমাৰটোৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায় ।
লগতে পঢ়ক:আমাৰ স্বাস্থ্যৰ বাবে এখনি ফুলনি বাগিচাৰ ভূমিকা জানি আচৰিত হৈ পৰিব আপুনি!