বৰ্তমান সময়ত বিশ্বব্যাপী ১০ জন ব্যক্তিৰ ভিতৰত ৪জনেই থাইৰইডৰ দৰে বিপদজনক ৰোগত আক্ৰান্ত ৷ মেদবহুলতা, হৰম’নৰ ভাৰসাম্যহীনতা আৰু বেয়া জীৱনশৈলীয়েই হৈছে এই ৰোগৰ মুখ্য কাৰণ ৷ থাইৰইড মূলত দুই প্ৰকাৰৰ ৷ থাইৰয়ড হৈছে ডিঙিৰ তলৰ অংশত অৱস্থিত পখিলাৰ আকৃতিৰ গ্ৰন্থি। ই ট্ৰাইঅ’ড’থাইৰ’নিন (T3) আৰু থাইৰ’ক্সিন (T4) হৰম’ন নিঃসৰণ কৰে । ইয়াক থাইৰয়ড হৰম’ন বোলা হয় । ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ কি আৰু আপুনি ইয়াৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰে, আজি এই বিষয়ে জানো আহক-
থাইৰইডৰ লক্ষণসমূহ
- হাত-ভৰিৰ কঁপনি
- চুলি সৰা আৰু পাতল হোৱা
- টোপনিৰ অভাৱ
- পেশীৰ বিষ আৰু দুৰ্বলতা
- উদ্বিগ্নতা আৰু খিংখিঙীয়া ভাব
- অত্যাধিক ঘাম ওলোৱা
- দ্ৰুত হৃদস্পন্দন
- বৰ্ধিত ভোক
- ওজন হ্ৰাস
- মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱ
থাইৰইডৰ মূল কাৰণ কি ?
- আনুবংশিক
থাইৰইড ৰোগো আনুবংশিক ৷ যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ এই ৰোগ আছে, তেনেহ'লে ই আপোনাৰ সংক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে ৷
- স্বাস্থ্যকৰ আহাৰৰ অভাৱ
সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় কাৰণ পুষ্টিৰ অভাৱৰ বাবেও এই সমস্যাৰ সৃষ্টি হ'ব পাৰে ৷ থাইৰইড ভিটামিন-ডি, আয়ডিন, জিংক, চেলেনিয়াম আৰু অন্যান্য পুষ্টিৰ অভাৱৰ ফলতো থাইৰইড ৰোগে দেখা দিব পাৰে ৷
- বয়স
বাঢ়ি অহা বয়সো এই ৰোগৰ মূল কাৰণ হ'ব পাৰে ৷ বিশেষকৈ বৃদ্ধ বয়সৰ মহিলাৰ ক্ষেত্ৰত এই সমস্যা যথেষ্ট বৃদ্ধি হোৱাৰ আশংকা থাকে ৷
- পাৰিপাৰ্শ্বিক কাৰকসমূহ