অসম

assam

মাহেকীয়াৰ পিছতো আপোনাৰ পেটৰ বিষ হয় নেকি ? তেন্তে হ’ব পাৰে এই সমস্যা

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:04 PM IST

Lower abdominal pain: অধিকাংশ মহিলাই মাহেকীয়াৰ সময়ত পেটৰ বিষত ভোগে ৷ কিন্তু যদি এই সমস্যাটো মাহেকীয়াৰ বাহিৰে আন সময়তো বাৰে বাৰে হয়, তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে ৷ নাভিৰ চাৰিওফালে বা তল পেটৰ বিষ বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ ফলত হয় ৷আজি এই বিষয়ে জানো আহক-

careful ! Lower abdominal pain during periods is a cause of many serious diseases
মাহেকীয়াৰ পিছতো আপোনাৰ পেটৰ বিষ হয় নেকি ? তেন্তে হ’ব পাৰে এই সমস্যা

প্ৰকৃতিয়ে নাৰীক এক অনুপম শক্তি উপহাৰ দিছে । ইয়াৰ ফলস্বৰূপে নাৰীয়ে সন্তান জন্ম দি পৃথিৱীত মানৱ জীৱন সম্ভৱপৰ হৈছে । এগৰাকী কন্যা দহৰ পৰা তেৰ বছৰ বয়স হোৱাৰ লগে লগে শৰীৰত কিছুমান পৰিৱৰ্তনে দেখা দিয়ে । এই সময়ছোৱাতে কন্যাগৰাকীৰ প্ৰথম মাহেকীয়া বা ঋতুস্ৰাৱ হয় ।

এই সময়ছোৱাত অধিকাংশ মহিলাই পেটৰ বিষৰ যন্ত্ৰণাত ভোগে ৷ কিন্তু যদি এই সমস্যাটো মাহেকীয়াৰ বাহিৰে আন সময়তো বাৰে বাৰে হয়, তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে ৷ নাভিৰ চাৰিওফালে বা তল পেটৰ বিষ বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ ফলত হয় ৷আজি এই বিষয়ে জানো আহক-

তল পেটৰ বিষ হোৱাৰ কাৰণ-

মূত্ৰনলীৰ সংক্ৰমণ (ইউটিআই)

বহুসময়ত মহিলাৰ তলপেটত মূত্ৰনলীৰ সংক্ৰমণৰ বাবে বিষ হয় ৷ কম পানী খোৱাৰ বাবে পেটৰ সংক্ৰমণ হয়, যাৰ ফলত বিষ হয় ৷ প্ৰস্ৰাৱত জ্বলা পোৰা তথা সঘনাই প্ৰস্ৰাৱ হোৱাটো মূত্ৰনলীৰ সংক্ৰমণৰ লক্ষণ ৷

প্ৰজনন তন্ত্ৰত সংক্ৰমণ

প্ৰজনন তন্ত্ৰত সংক্ৰমণ হ'লে পেটৰ তলৰ বিষ হয় ৷ ই জৰায়ু, ফেলোপিয়ান টিউব আৰু ডিম্বাশয়ক প্ৰভাৱিত কৰিব পাৰে ৷ বহু সময়ত এই স্থানত সংক্ৰমণ হ’লে এজন ব্যক্তিৰ অৱস্থা ক্ষন্তেকতে গুৰুতৰো হ'ব পাৰে ৷সেয়েহে, যদি আপোনাৰ পেটৰ বিষ হয়, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব ৷

পেশীত আঘাত

পেশীত আঘাত পালেও আপুনি তল পেটত বিষ অনুভৱ কৰিব পাৰে ৷ কেতিয়াবা ব্যায়াম কৰা, নচা বা সাঁতুৰিলেও তল পেটত বিষ হয় ৷ গধুৰ বস্তু উঠোৱাৰ বাবেও তল পেটৰ বিষ হয় ৷

গেছ

গেছৰ সমস্যা থাকিলেও তল পেটত বিষ হয় ৷ ইয়াৰ বাবে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি গেছ-উপশমকাৰী ঔষধ গ্ৰহণ কৰা উচিত ৷ অধিকাংশ লোকেই পেটৰ বিষক সহজভাৱে লয় যদিও প্ৰকৃততে ই পৰৱৰ্তী সময়ত গুৰুতৰ ৰোগৰ কাৰক হ’ব পাৰে ৷ সেয়েহে পেটৰ বিষ হ’লে ততাতৈয়াকৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজনীয় ৷ অৱশ্যে, ঋতুস্ৰাৱৰ সময়ত মহিলাৰ পেটৰ বিষ হয় ৷ বহুসময়ত পিঠিৰ তলফালেও তীব্ৰ বিষ হয় ৷ অৱশ্যে, মাহেকীয়াৰ সময়ত পেটৰ বিষ হ’লে চিন্তা কৰাৰ একো কাৰণ নাই ৷ মাহেকীয়াৰ সময়ত এই সমস্যা একেবাৰেই স্বাভাৱিক ৷

লগতে পঢ়ক:চিয়া বীজ মিহলোৱা পানীত থকা এই আচৰিত গুণাগুণৰ বিষয়ে আপুনি জ্ঞাতনে ?

ABOUT THE AUTHOR

...view details