ভাৰতীয় ৰান্ধনীঘৰত ব্যৱহাৰ কৰা প্ৰতিটো মছলাৰে স্বাস্থ্যজনিত উপকাৰিতা আছে আৰু এইসমূহ প্ৰাচীন যুগৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে ৷ এই মচলাসমূহ কেৱল ভাৰতীয়ই নহয়, বিশেষজ্ঞ, চিকিৎসক আৰু গৱেষকসকলেও স্বীকৃতি দি আহিছে ৷ সেয়েহে, আমি মছলাসমূহৰ অন্যতম ইলাচীৰ বিষয়ে কিছু কথা শ্বেয়াৰ কৰিম ৷ ইলাচী সুগন্ধযুক্ত আৰু স্বাস্থ্যৰ বাবে উপযোগী ৷
ভাৰতৰ প্ৰায়বিলাক খাদ্যতে ইলাচীৰ ব্যৱহাৰ কৰা হয় ৷ হালোৱা, পায়স, চাহ, বিৰয়ানী আদিত সুগন্ধ আৰু স্বাদৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হয় ৷ দুই ধৰণৰ ইলাচী থাকে - সৰু আৰু সেউজীয়া ইলাচীবিধ চাহ আৰু মিঠাইৰ সোৱাদ বৃদ্ধি কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় ৷ আনহাতে, ডাঙৰ আৰু মুগা ৰঙৰ ইলাচীবিধৰ স্বাস্থ্যজনিত উপকাৰিতা আছে ৷ দুই ধৰণৰ ইলাচীৰে প্ৰকাৰ, ৰং আৰু সোৱাদ বেলেগ ৷ দুই ধৰণৰ ইলাচীৰে পুষ্টি, ফাইবাৰ আৰু তেল থাকে ৷ ইয়াৰ দ্বাৰা বহু ৰোগৰ পৰা মুক্ত হ'ব পাৰি ৷
ইলাচীৰ পুষ্টি
সেউজীয়া ইলাচী মিঠাই আৰু বিভিন্ন খাদ্য প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰাৰ লগতে উশাহত দুৰ্গন্ধ নাইকীয়া কৰে ৷ আনহাতে, মুগা ৰঙৰ ইলাচী মছলা হিচাপে ব্যৱহাৰ কৰা হয় ৷
ইলাচীৰ লাভালাভ
সৰু সেউজীয়া ইলাচী
*পেটৰ বিষ, বদহজম, বুকুৰ পোৰণি আদিৰ পৰা সেউজীয়া ইলাচীয়ে সহায় কৰে ৷
*ইয়াৰ দ্বাৰা কাঁহ, ডিঙি বিষ আদিৰ পৰা উপশম লাভ কৰিব পাৰি ৷
*হাপানি ৰোগীৰ বাবেও ই উপযোগী ৷
*দেহৰ বিপাক বৃদ্ধি কৰি ভোক লগাত সহায় কৰে ৷