গুৱাহাটী, 9 জানুৱাৰী: বৰ্তমান সময়ছোৱাত জ্যোতিষ শাস্ত্ৰ, ৰেইকী আদিৰ দৰে মানুহে আদৰি লৈছে টেৰট কাৰ্ডক ৷ বহুলোকে কল্পনা কৰে টেৰট কাৰ্ডে মানুহ এজনৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ ক'ব পাৰে ৷ কিন্তু এয়া আচলতে এটা ভ্ৰান্ত ধাৰণাহে ৷ টেৰট কাৰ্ড হৈছে এক গাইড লাইন ৷ টেৰট কাৰ্ডে ব্যক্তিজনৰ ব্যক্তিত্ব কেনেকুৱা, তেওঁৰ ভিতৰৰ মানুহজন কেনেকুৱা সেইটো জনায় ৷ লগতে মানুহজনক গাইড কৰি দিয়ে কোনটো কাম কৰিলে মানুহজনে ভাল ফলাফল লাভ কৰিব ৷
জ্যোতিষ বিজ্ঞান আৰু টেৰট কাৰ্ডৰ মাজত পাৰ্থক্য কি ?
জ্যোতিষী এগৰাকীয়ে জ্যোতিষ শাস্ত্ৰৰ দ্বাৰা এজন ব্যক্তি ভৱিষ্যৎ বা ভৱিষ্যতে ঘটিব পৰা ঘটনাৰ সন্দৰ্ভত জনোৱাৰ উপৰিও বিধান দিয়ে ৷ কিন্তু টেৰট কাৰ্ড ৰিডাৰ সকলে মানুহজনৰ ভিতৰৰ পৰা কি হৈ আছে সেইটো উলিওৱাৰ লগতে মানুহজনক ব্যক্ত কৰা হয় যে তেওঁৰ ভিতৰখনৰ কি হৈ আছে ৷ কিন্তু টেৰট কাৰ্ড ৰিডাৰ সকলে মানুহজনক কোনো বিধান নিদিয়ে ৷ এক কথাত কবলৈ গলে মানুহজনক মানসিক ভাৱে শক্তিশালী কৰাত সহায় কৰা হয় ৷