শেহতীয়া অধ্যয়নত পোহৰলৈ আহিছে যে ধূমপান আৰু সুৰাপানৰ উপৰিও মৌখিক যৌন সম্ভোগ (oral sex) আৰু একাধিক সংগীৰে যৌন সম্ভোগৰ দ্বাৰা হিউমেন পেপিলোমা ভাইৰাছ (HPV) সংক্ৰমণৰ ফলত ডিঙিৰ কৰ্কট ৰোগ হোৱা দেখা যায় । ব্ৰাচেলছ কৰ্কট পঞ্জীয়ন ফাউণ্ডেচনৰ মতে, ডিঙিৰ কৰ্কট ৰোগৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে ২০১৯ চনত ২,৭৬৬ টা নতুনকৈ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ ঘটনা পোহৰলৈ আহিছিল যিটো প্ৰতি বছৰে প্ৰতি ১,০০,০০০ জনসংখ্যাৰ ২৪.২ নতুন ৰোগ নিৰ্ণয়ৰ সমান । ৰোগীসকলৰ ভিতৰত পুৰুষৰ সংখ্যা আছিল সৰ্বাধিক ২,০৫৮ গৰাকী, আনহাতে মহিলা ৭০৮ গৰাকী ।
ইউজেড লিউভেনৰ (UZ Leuven) অধ্যাপক ডাঃ পিয়েৰ ডেলায়েৰে কয় যে শেহতীয়া বছৰবোৰত HPV ভাইৰাছৰ ফলত হোৱা ডিঙিৰ কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি পাইছে । পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত ইজনৰ পৰা সিজনলৈ যৌন সম্ভোগৰ ফলত এইচ.পি.ভি. সংক্ৰমণৰ দ্বাৰা মুখ গহ্বৰৰ কৰ্কট ৰোগ হ'ব পাৰে (Causes of throat cancer)। অধ্যাপকগৰাকীৰ মতে ডিঙিৰ কৰ্কট ৰোগ Oral sexৰ জৰিয়তে সংক্ৰমণ হ'ব পাৰে (Oral sex cause throat cancer)।
বেছিভাগ ক্ষেত্ৰতে, ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শৰীৰৰ পৰা ভাইৰাছটো আঁতৰ কৰে, কিন্তু কেতিয়াবা ভাইৰাছটো মুখ গহ্বৰৰ কোষবোৰত থাকি যায় । যাৰ ফলত দীৰ্ঘম্যাদী সংক্ৰমণ হ'ব পাৰে । ফলস্বৰূপে, কোষবোৰৰ পৰিৱৰ্তন হ'ব পাৰে আৰু ইয়াৰ পৰিণতি হ'ব পাৰে ডিঙিৰ কৰ্কট ৰোগ ।
ডেলায়েৰে লগতে কয় যে ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত মহিলাত কৈ পুৰুষৰ সংখ্যা অধিক । পুৰুষ আৰু মহিলাৰ অনুপাত প্ৰায় ৭০:৩০ । ইয়াৰ মুখ্য কাৰণ হৈছে পুৰুষসকল ধূমপান আৰু সুৰাপানৰ প্ৰতি অধিক আগ্ৰহী । অৱশ্যে, শেহতীয়া বছৰবোৰত মহিলাসকল অধিক আক্ৰান্ত হৈছে ।
ডিঙিৰ কৰ্কট ৰোগ ডিঙিৰ ভিতৰত বা চাৰিওফালে বিভিন্ন স্থানত হ'ব পাৰে । যেনে মুখৰ গহ্বৰ, নাকৰ ভিতৰত, টনচিলত বা জিভাৰ তলত । লক্ষণবোৰ প্ৰথমতে প্ৰায়ে অস্পষ্ট হয়, যাৰ বাবে ৰোগটো অন্তিম পৰ্যায়ত হে ধৰা পৰে ।