নতুন বছৰৰ বাবে মাজত মাত্ৰ এটা দিন বাকী ৷ এনে পৰিস্থিতিত নৱবৰ্ষ উদযাপনৰ বাবে সকলোৱে বিভিন্ন প্ৰস্তুতি কৰিছে ৷ নতুন বছৰৰ পাৰ্টিৰ সময়ত চকলেট খোৱাটো স্বাভাৱিক যদিও ডায়েবেটিছ ৰোগীক ইয়াৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয় ৷
এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ডায়েবেটিছ ৰোগীয়ে ডাৰ্ক চকলেট খাব পাৰেনে নে নাই ? আপোনাৰ তথ্যৰ বাবে জনাই দিও যে, বেছিভাগ চকলেট গাখীৰৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াত চেনিও প্ৰচুৰ পৰিমাণে থাকে ৷ ক’ক’ৰ তিতাভাৱ কমাবলৈ তাত চেনি যোগ কৰা হয় ৷ ইয়াৰ কাৰণে ইয়াত প্ৰচুৰ পৰিমাণে চৰ্বি আৰু কেলৰি থাকে ৷ ইয়াক গ্ৰহণ কৰাৰ পিছত স্বাভাৱিকভাৱে ওজন বৃদ্ধি পাব পাৰে আৰু কলেষ্টেৰলও বৃদ্ধি পাব পাৰে ৷ সেয়ে ডায়েবেটিছ ৰোগীয়ে ডাৰ্ক চকলেট খোৱা উচিত নে অনুচিত জানো আহক-
ডায়েবেটিছ ৰোগীয়ে ডাৰ্ক চকলেট খাব লাগেনে ?
ডাৰ্ক চকলেটত ৫০ৰ পৰা ৯০% ক’ক’ কঠিন পদাৰ্থ, ক’ক’ বাটাৰ আৰু চেনি থাকে ৷ আনহাতে মিল্ক চকলেটত ১০ৰ পৰা ৫০% ক’ক’ কঠিন পদাৰ্থ, ক’ক’ বাটাৰ, গাখীৰ আৰু চেনি থাকে ৷ ডাৰ্ক চকলেটত গাখীৰ ব্যৱহাৰ কৰা নহয় ৷ বহুতে যুক্তি আগবঢ়ায় যে ডায়েবেটিছ ৰোগীৰ বাবে ই নিৰাপদ কাৰণ ইয়াত চেনি কম থাকে, গাখীৰ নাথাকে আৰু লগতে ৭০ শতাংশ ক’ক’ও থাকে ৷
স্বাস্থ্য বিশেষজ্ঞৰ মতে, যিহেতু ইয়াত চেনি যোগ কৰা হয়, গতিকে ডায়েবেটিছ ৰোগীয়ে ইয়াৰ সেৱন কৰাটো পৰিহাৰ কৰিব লাগে ৷ ইয়াৰ উপৰিও ইয়াত পলিফিনল থাকে, যিয়ে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু গৱেষণাৰ পৰা দেখা গৈছে যে ই ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে ৷ ইয়াৰ উপৰিও শৰীৰে ইনচুলিন অধিক কাৰ্যক্ষমভাৱে ব্যৱহাৰ কৰাত সহায় কৰে ৷ কিন্তু ইয়াত আপোনাৰ ৰক্তশৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰিবলৈ যথেষ্ট নহয় ৷ এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীৰ বাবে ইয়াক নিৰাপদ বুলি ধৰিব নোৱাৰি ৷ ইয়াৰ পিছতো যদি আপোনাৰ অতিপাত মিঠা খাবলৈ ইচ্ছা কৰে তেন্তে আপুনি ইয়াক সীমিত পৰিমাণত সেৱন কৰিব পাৰে ৷