অসম

assam

ETV Bharat / sukhibhava

হাৰ্ট এটেকৰ পৰা প্ৰাণ ৰক্ষাৰ হেতুকে সমগ্ৰ দেশে শিকিব CPR

যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকত মৃত্যুৰ ঘটনা বৃদ্ধি পোৱাৰ পাছতে স্বাস্থ্য মন্ত্ৰণালয়ে লৈছে এক ডাঙৰ সিদ্ধান্ত ।

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 3:45 PM IST

Can CPR save you from a heart attack ?
হাৰ্ট এটেকৰ পৰা প্ৰাণ ৰক্ষাৰ হেতুকে সমগ্ৰ দেশে শিকিব CPR

যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকত মৃত্যুৰ ঘটনা বৃদ্ধি পোৱাৰ পাছতে স্বাস্থ্য মন্ত্ৰাণালয়ে লৈছে এক ডাঙৰ সিদ্ধান্ত ৷ ইয়াক হ্ৰাস কৰিবলৈ ভাৰত চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, ৬ ডিচেম্বৰৰ পৰা সমগ্ৰ দেশৰ ১০ লাখ লোকক একেলগে চিপিআৰ কৌশল শিকোৱা হয় ৷ ৬ ডিচেম্বৰৰ পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হয় চিপিআৰ শিকোৱাৰ কাৰ্যসূচী ৷

ক’ত চিপিআৰ শিকোৱা হয় কৌশল ?

সমগ্ৰ দেশতে ৬ ডিচেম্বৰৰ পুৱা ৯:৩০ বজাৰ পৰা চিপিআৰৰ কৌশল শিকোৱা হয় ৷ ইয়াত ১০ লাখ লোকক একেলগে চিপিআৰ প্ৰশিক্ষণ দিয়া হয়, যাতে হাৰ্ট এটেকৰ পৰা আৰু অধিক লোকৰ জীৱন ৰক্ষা কৰিব পৰা যায় ৷

চিপিআৰ কি ?

আগন্তুক সময়ত জিম, স্কুল-কলেজত CPR TECHNIQUE পাঠদান কৰি হাৰ্ট এটেক অহা ৰোগীৰ প্ৰাণ ৰক্ষা কৰিব পৰা যাব ৷ চিপিআৰৰ অৰ্থ হ’ল কাৰ্ডিঅ’পালমোনাৰী ৰিচাইচিটেচন ৷ এই কৌশলত ৰোগীৰ হৃদযন্ত্ৰত প্ৰবল চাপ দি পুনৰ আৰম্ভ কৰিব পাৰি ৷

চিপিআৰ কেনেকৈ দিয়া হয় ?

চিপিআৰ কৰিবলৈ প্ৰথমে ভুক্তভোগীক কঠিন পৃষ্ঠত শুবলৈ দিয়া হয় আৰু চিপিআৰ দিয়া ব্যক্তিজনক তেওঁৰ ওচৰত আঁঠু লৈ বহি লয় ৷ ভুক্তভোগীয়ে যাতে উশাহ-নিশাহত কোনো বাধা নাপায় তাৰ বাবে তেওঁৰ নাক আৰু ডিঙি পৰীক্ষা কৰা হয় যাতে ৷ যদি জিভাখন ওলোটা হৈ গৈছে তেন্তে আঙুলিৰ সহায়ত সঠিক স্থানলৈ অনা হয় ৷

ৰোগীৰ বুকুৰ মাজত হাতৰ তলুৱাখন ৰাখি পাম্প কৰি হেঁচা মাৰি ধৰা হয় ৷ এবাৰ বা দুবাৰ এনে কৰিলে হৃদস্পন্দন আকৌ আৰম্ভ হয় ৷ পাম্প কৰি থাকোঁতে আনখন হাত প্ৰথম হাতখনৰ ওপৰত ৰাখি আঙুলিৰে বান্ধি ল’ব ৷ হাত আৰু কঁকাল পোনে পোনে ৰাখক ৷

বুকুখন হাতৰ তলুৱাৰে ১-২ ইঞ্চি হেঁচা মাৰি ধৰিলে এক মিনিটত ১০০-১২০ বাৰ চাপ দিব পাৰি ৷ ২০ মিনিটৰ পৰা ৫০ মিনিটলৈকে এই কাম কৰিব পাৰিব, কিন্তু ইয়াৰ বাবে সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন ৷

লগতে পঢ়ক:শীতকালত আপুনিও গ্ৰহণ কৰে নেকি কমকৈ পানী ? তেন্তে আজিয়েই ত্যাগ কৰক এই অভ্যাস

ABOUT THE AUTHOR

...view details