অসম

assam

ETV Bharat / sukhibhava

গ্ৰীষ্মকালত বাহিৰত খোজকাঢ়িবলৈ যোৱাটো মস্তিষ্কৰ বাবে ক্ষতিকাৰক ! - গৰম পৰিৱেশত এজন ব্যক্তিৰ জ্ঞান আহৰণৰ ক্ষমতা হ্ৰাস পায়

আপুনি যেতিয়া স্কুল বা কাৰ্যালয়ত থাকে, দুপৰীয়া আহাৰ খোৱাৰ পিছত বা বিৰতিৰ সময়ত খোজ কাঢ়ি ভালপায় নেকি ? বিশেষকৈ গৰমৰ দিনত আপুনি বাহিৰলৈ খোজ কাঢ়িবলৈ যায় নেকি ? শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে যে, গৰমৰ দিনত বাহিৰত বেছি খোজ কাঢ়িলে আপোনাৰ মস্তিষ্কৰ কাৰ্য-কলাপত (cognitive performance) প্ৰভাৱ পৰে ।

cognitive functions
গ্ৰীষ্মকালত বাহিৰত খোজকাঢ়িবলৈ যোৱাটো মস্তিষ্কৰ বাবে ক্ষতিকাৰক

By

Published : Mar 2, 2022, 2:24 PM IST

গৰম পৰিৱেশত এজন ব্যক্তিৰ জ্ঞান আহৰণৰ ক্ষমতা বা মস্তিষ্কৰ প্ৰদৰ্শন (cognitive performance) হ্ৰাস পায় । আচৰিত যেন লাগিলেও বিভিন্ন ধৰণৰ অধ্যয়নত এই কথা পোহৰলৈ আহিছে । ইফালে কমকৈ খোজকাঢ়িলে জ্ঞান আহৰণৰ ক্ষমতা বৃদ্ধি হয় । কিন্তু গৰমৰ দিনত যেতিয়া আপুনি খোজ কাঢ়িবলৈ যায় বা বহু শিক্ষাৰ্থী-কৰ্মচাৰীয়ে দুপৰীয়াৰ আহাৰৰ বিৰতিৰ সময়ত বেছিদূৰলৈ খোজকাঢ়ি যায়, তেতিয়া কি হয় ?

শেহতীয়া এক অধ্যয়নে পৰামৰ্শ দিয়া মতে, গৰম পৰিহাৰ কৰাটো প্ৰয়োজন । 'Building and Environment' ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি চুকুবা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে, গৰমৰ দিনত বাহিৰত খোজ কাঢ়িলে জ্ঞান আহৰণ ক্ষমতাৰ ক্ষতি হয় (Stroll in summers affect cognitive functions) ৷ তদুপৰি পৰ্যাপ্ত পৰিমাণে টোপনি নোযোৱা পুৰুষসকলৰ ক্ষেত্ৰতো একেই প্ৰভাৱ পৰে ।

যিসকলে নগৰীয়া অঞ্চলত যেনে- জাপানৰ দৰে চহৰবোৰত কাম কৰে বা অধ্যয়ন কৰে, তেওঁলোকৰ সাধাৰণতে গ্ৰীষ্মৰ মাহবোৰত ঘৰত শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে । যিয়ে মুখ্যতঃ শিকা আৰু উৎপাদনশীলতাৰ ওপৰত গৰমৰ নেতিবাচক প্ৰভাৱ প্ৰতিৰোধ কৰে । অৱশ্যে যাতায়াতৰ সময়ত বা বিৰতিৰ সময়ত গৰম পৰিৱেশৰ সংস্পৰ্শলৈ অহাটো অনিবাৰ্য ৷ কিন্তু এনে সংস্পৰ্শই জ্ঞান আহৰণৰ ক্ষমতাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে নে নাই এতিয়ালৈ জনা হোৱা নাই ।

লেখক তথা অধ্যাপক হিৰোয়ুকি কুচাকাই কয় যে, পূৰ্বে এই প্ৰভাৱসমূহৰ ওপৰত পৰীক্ষা কৰাৰ উদ্দেশ্যে বিশেষ জলবায়ু কক্ষ (Climate chambers) ব্যৱহাৰ কৰা হৈছিল । অৱশ্যে বাহিৰৰ গৰম আৰু ভিতৰৰ গৰমৰ মাজত যথেষ্ট পাৰ্থক্য আছে । তেওঁৰ মতে ৰেডিয়েশ্যন বা বিকিৰণ আৰু বতাহে তাপমাত্ৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় । সেয়েহে তেওঁ দাবী কৰে যে জ্ঞান আহৰণ বা প্ৰদৰ্শনৰ ওপৰত তাপ বা গৰমে কি ধৰণে প্ৰভাৱ পেলায়, তাক অধ্যয়ন কৰিবলৈ বাহিৰৰ পৰিৱেশত পৰীক্ষা কৰা উচিত ।

গৱেষকসকলে জাপানৰ নগৰীয়া অঞ্চলত অধ্যয়নটো চলাইছিল । কিয়নো শিক্ষাৰ্থী আৰু শ্ৰমিকসকলে গ্ৰীষ্মকালত সাধাৰণতে বিৰতিৰ সময়ত শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা বাহিৰৰ গৰম পৰিৱেশলৈ যোৱা দেখা যায় । তেনে ৯৬ গৰাকী শিক্ষাৰ্থীৰ ওপৰত অধ্যয়ন চলোৱা হৈছিল ।

শিক্ষাৰ্থীসকলে বাহিৰলৈ গৈ খোজকঢ়াৰ পূৰ্বে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত এটা সৰল গাণিতিক পৰীক্ষা কৰা হৈছিল । আনহাতে বাহিৰৰ পৰা ঘৰৰ ভিতৰত অহাৰ পাছত তেওঁলোকে দ্বিতীয়টো পৰীক্ষা দিছিল ৷ এই দুয়োটা পৰীক্ষাৰ ফলাফলৰ পৰিৱৰ্তনবোৰ সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰা হৈছিল । গৰম পৰিৱেশত খোজ কঢ়াৰ ফলত তেওঁলোকৰ মস্তিষ্কৰ প্ৰদৰ্শন বা জ্ঞান প্ৰদৰ্শনৰ ক্ষেত্ৰত প্ৰভাৱ পৰা দেখা গৈছিল ।

কেৱল গৰম পৰিৱেশত যোৱাৰ বাবেই তেওঁলোকৰ জ্ঞান আহৰণ ক্ষমতাৰ ক্ষতি হোৱা নাছিল । গৰমত খোজকঢ়া আৰু দুয়োটা পৰিৱেশৰ সংমিশ্ৰণেও প্ৰভাৱ পেলাইছিল । পৰীক্ষণৰ ক্ষেত্ৰত আন এটা কথা স্পষ্ট হৈ পৰিছিল যে ৫ ঘণ্টাতকৈ কম টোপনি যোৱা বিশেষকৈ পুৰুষসকলৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বেছি আছিল ।

গৱেষকৰ দলটোৱে আশা কৰা মতে, এই অধ্যয়নে জাপানৰ শ্ৰমিক আৰু শিক্ষাৰ্থীসকলৰ শিক্ষা উন্নত কৰাৰ লগতে উৎপাদনশীলতা বৃদ্ধি কৰাত সহায় কৰিব । ইয়াৰ লগে লগে ভৱিষ্যতে জলবায়ু পৰিৱৰ্তনৰ ফলত হ'বলগা প্ৰভাৱৰ প্ৰতি লোকসকল সজাগ হ'ব পাৰিব ।

লগতে পঢ়ক :ওলোটাকৈ খোজ কাঢ়িলে কি হ’ব পাৰে কেতিয়াবা ভাবি চাইছেনে ?

ABOUT THE AUTHOR

...view details