অসম

assam

ETV Bharat / sukhibhava

Breast milk bank: কেৰালাৰ দুখনকৈ চিকিৎসালয়ত স্থাপন হ'ব মাতৃদুগ্ধ বেংক

কেৰালাৰ কোঝিকোডত স্তনদুগ্ধ বেংকৰ এবছৰৰ সফল পৰিচালনাৰ অন্তত তিৰুৱনন্তপুৰম আৰু থ্ৰিছুৰৰ মহিলা আৰু শিশু চিকিৎসালয়তো স্থাপন কৰা হ’ব মাতৃদুগ্ধ বেংক ৷ শনিবাৰে কেৰালা স্বাস্থ্য বিভাগে আনুষ্ঠানিকভাৱে জনালে এই কথা(Breast milk bank) ৷

By

Published : Sep 18, 2022, 9:52 AM IST

Breast milk bank success to be replicated in 2 more Kerala hospitals
কেৰালাৰ দুখনকৈ চিকিৎসালয়ত স্থাপন হ'ব মাতৃদুগ্ধ বেংক

কেৰালাৰ কোঝিকোডত স্তনদুগ্ধ বেংকৰ এবছৰৰ সফল পৰিচালনাৰ অন্তত শনিবাৰে কেৰালা স্বাস্থ্য বিভাগে ঘোষণা কৰে যে, তিৰুৱনন্তপুৰম আৰু থ্ৰিছুৰত(Thiruvananthapuram and Thrissur) থকা মহিলা আৰু শিশু চিকিৎসালয়তো একেধৰণৰ বেংক স্থাপন কৰা হ’ব(2 more Kerala hospitals) । ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে শনিবাৰে কোঝিকোড মাতৃদুগ্ধ বেংক পৰিদৰ্শন কৰাৰ পিছত কয় যে, এই বেংকে বহু মাতৃ আৰু শিশুৰ বাবে এক বৃহৎ সহায় আগবঢ়াব(Breast milk bank success to be replicated) ।

এই অত্যাধুনিক মাতৃদুগ্ধ বেংকৰ(Breast milk bank) সমগ্ৰ উদ্দেশ্য হৈছে স্তনপানৰ প্ৰসাৰৰ লগতে শিশু আৰু নতুন মাতৃসকলক সহায় আগবঢ়োৱা । এবছৰ পূৰ্বে মুকলি হোৱাৰ পিছৰে পৰা কোঝিকোডৰ মাতৃদুগ্ধ বেংকে এতিয়ালৈকে ১৮১৩টা শিশুক সহায় কৰিছে আৰু ১৩৯৭ গৰাকী মাতৃয়ে বেংকটোক মাতৃদুগ্ধ দান কৰিছে ।

ইফালে, জৰ্জে কয় যে, এই বেংকে শিশুক সংগ্ৰহ কৰা গাখীৰ যোগান ধৰে আৰু সকলো বাধ্যতামূলক পৰীক্ষা অত্যাধুনিক স্থানত সম্পন্ন কৰাৰ পিছত কোঝিকোড মেডিকেল কলেজ হাস্পতালৰ সৈতে সংযুক্ত লেবৰেটৰীত কৰা পৰীক্ষাৰ অন্তত এই পৰ্যন্ত ১,২৬,২২৫ মিলিলিটাৰ মাতৃদুগ্ধ সংগ্ৰহ কৰি ১,১৬,৩১৫ মিলিলিটাৰ বিতৰণ কৰা হৈছে । জৰ্জে কয় যে, অতি শীঘ্ৰেই তিৰুৱনন্তপুৰম আৰু থ্ৰিছুৰতো একেধৰণৰ বেংক মুকলি কৰা হ’ব ।

লগতে পঢ়ক:এক নতুন পদ্ধতিৰ তেজ পৰীক্ষাই ধৰা পেলাব বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰ

ABOUT THE AUTHOR

...view details