অক্টোবৰ মাহতো সমগ্ৰ বিশ্বতে আন্তৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰা হয় ৷ স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলোৱা, এই ৰোগৰ পৰা আৰোগ্য হৈ উঠাসকলক সন্মান জনোৱা আৰু সমান্তৰালকৈ ইয়াৰ বিৰুদ্ধে যুঁজিবৰ বাবে আশা, সাহস আৰু জীয়াই থকাৰ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে গুলপীয়া ৰঙৰ ৰিবন ব্যৱহাৰ কৰা হয় ৷
ইটিভি ভাৰতৰ সুখীভৱই উষালক্ষ্মী স্তন কেন্সাৰ ফাইণ্ডেছনৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক তথা কিমছ-উষালক্ষ্মী স্তন কেন্সাৰৰ চেন্টাৰৰ অধ্যক্ষ ড৹ পি ৰঘু ৰামৰ সৈতে এই সম্পৰ্কত বাৰ্তালাপ কৰে ৷
বিশ্বজোৰা পৰিসংখ্যা
সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় 2.1 মিলিয়ন মহিলা স্তন কেন্সাৰত আক্ৰান্ত হয় ৷ মহিলাৰ ক্ষেত্ৰত সঘনে পৰিলক্ষিত হোৱা এই ৰোগৰ ফলত প্ৰতিবছৰে 6,50,000 লোকৰ মৃত্যু হয় ৷
ভাৰতীয় পৰিসংখ্যা
ভাৰতত প্ৰতিবছৰে 162,000 মহিলা স্তন কেন্সাৰত আক্ৰান্ত হয় ৷ ডিঙিৰ কেন্সাৰতকৈ এই ৰোগ ভাৰতীয় মহিলাৰ ক্ষেত্ৰত অধিক হোৱা দেখা পোৱা গৈছে ৷ আনহাতে, স্তন কেন্সাৰত আক্ৰান্ত হোৱা দুগৰাকী মহিলাৰ এগৰাকীকেই মৃত্যুক সাৱটি লয় ৷ ভাৰতত প্ৰতিবছৰে 87,000 মহিলাৰ স্তন কেন্সাৰত মৃত্যু হয় আৰু প্ৰতি 10 মিনিটত এগৰাকীৰ মৃত্যু হয় ৷ সজাগতাৰ অভাৱ আৰু সুপৰিকল্পিত ৰাষ্ট্ৰজোৰা স্তন কেন্সাৰ স্ক্ৰীনিঙৰ আয়োজন নকৰা বাবে এই ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলাব পৰা নাযায় ৷
কাল্পনিক
অধিকসংখ্যক স্তনৰ টেমুনাই কেন্সাৰ
সত্য
10 ভিতৰত 9 টা স্তনৰ টেমুনাই কেন্সাৰ নহয় ৷ কিন্তু স্তনত নতুন কিবা পৰিৱৰ্তন হৈছে নেকি সেই সম্পৰ্কে জ্ঞাত হ'বৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ৷ তিনি ধৰণৰ মূল্যায়ন - ক্লিনিকেল স্তন পৰীক্ষণ, দুই পক্ষীয় মেমোগ্ৰাফী (এক্সৰে') আৰু আল্ট্ৰা ছাউণ্ড আৰু বায়প্সী ৰিপোৰ্টৰ পৰা জানিব পৰা যায় এনে টেমুনা সাধাৰণ নে কেন্সাৰসদৃশ ৷
কাল্পনিক
স্তন কেন্সাৰ কেৱল বয়স্ক মহিলাৰ দেহত হয় ৷
সত্য
পশ্চিমীয়া দেশত পঞ্চাশোৰ্ধৰ মহিলাৰ স্তন কেন্সাৰ হোৱা পৰিলক্ষিত হয় ৷ কিন্তু ভাৰতত এই ৰোগ ইয়াতকৈও কম বয়সৰ মহিলাৰ মাজত দেখা পোৱা যায় ৷ 40-60 বছৰৰ ভিতৰৰ মহিলাসকলৰ মাজত ভাৰতত স্তন কেন্সাৰ হোৱা দেখা যায় ৷
কাল্পনিক
পুৰুষৰ স্তন কেন্সাৰ নহয়
সত্য