জাতিলাও বা পানীলাও হৈছে এনেকুৱা এটা পাচলি যিটো সকলোৱে খোৱাটো পছন্দ নকৰে ৷ শাক-পাচলিৰ ভিতৰত মানুহে আলুক যিমানেই ভাল পায়, তাৰ বিপৰীতে সিমানেই বেয়া পায় পানীলাওক ৷ কিন্তু, পানীলাওৰ আছে বহুতো উপকাৰী গুণ, যিয়ে আমাৰ শৰীৰৰ বহু ৰোগ প্ৰতিৰোধত সহায় কৰে । বিশেষকৈ উচ্চ ৰক্তচাপত ভুগী থকা ৰোগীয়ে ইয়াক সেৱন কৰিব লাগিব ।
কাৰণ উচ্চ ৰক্তচাপ এনেকুৱা এটা সমস্যা যিয়ে আন সমস্যাক আমন্ত্ৰণ কৰে । যেনে হাৰ্ট এটেক আৰু তাৰ পিচত ষ্ট্ৰোক । এনে পৰিস্থিতিত লাও খোৱাৰ ফলত আপোনাৰ ৰক্তচাপৰ সমস্যা বা অন্যান্য ৰোগ বৃদ্ধি হ’বলৈ আৰম্ভ কৰা কাৰণসমূহ হ্ৰাস পাব । গতিকে, জানো আহক পানীলাওত এনে কি আছে যিটোৱে উচ্চ ৰক্তচাপত ভুগী থকা ৰোগীৰ বাবে মহৌষধ ৷
উচ্চ ৰক্তচাপত ভুগী থকা ৰোগীৰ বাবে কিয় উপকাৰী পানীলাও ?
১) কলেষ্টেৰল কম কৰে ফাইবাৰৰে সমৃদ্ধ পানীলাওৱে
লাওত ভাল পৰিমাণৰ ফাইবাৰ থাকে। অৰ্থাৎ প্ৰথমে ই চৰ্বিৰ বিপাকীয় ক্ৰিয়া দ্ৰুত কৰি তুলিব আৰু দ্বিতীয়তে ই শৰীৰত জমা হোৱাত বাধা দিব । তৃতীয়তে, শৰীৰত জমা হোৱা বেয়া চৰ্বিৰ কণা অৰ্থাৎ বেয়া কলেষ্টেৰল পৰিষ্কাৰ কৰাত সহায় কৰে পানীলাওৰ ফাইবাৰে । ইয়াৰ উপৰিও ই কম কেলৰিৰ বাবে ওজন বৃদ্ধি আৰু উচ্চ ৰক্তচাপ বৃদ্ধিত বাধা দিয়ে ।