ক’ভিড 19 মহামাৰীয়ে আমাক শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ গুৰুত্ব সম্পৰ্কে ভাবিবলৈ বাধ্য কৰিছে ৷ বিভিন্ন বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত ব্যাহত হোৱা দৈহিক ক্ৰিয়া কলাপক ৰোধ কৰে আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাই ৷ বিশেষকৈ শীতকালত যেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু পৰিমাণে দুৰ্বল হৈ পৰে তেনেক্ষেত্ৰত আমাৰ দেহত চৰ্দী,জ্বৰ আদি ৰোগে অতি সহজেই আক্ৰমণ কৰে ৷ এই সময়ত বিভিন্ন নিউট্ৰিছনযুক্ত খাদ্য গ্ৰহণ কৰি আমি আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰো ৷ তলত কিছুমান বতৰৰ ফলৰ নাম উল্লেখ কৰা হ’ল যিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় আমাক নিৰোগী কৰি ৰখাতো সহায় কৰে ৷
কমলা
শীতকালীন এই ফলবিধত ভিটামিন A, ভিটামিন B, ভিটামিন Cৰ উপৰিও কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, কোলিন আদিৰে পৰিপূৰ্ণ ৷ কমলাই কলেষ্ট্ৰল ঘটোৱাৰ উপৰিও ওজন কমোৱাতো সহায় কৰে ৷ ইয়াৰ উপৰিও ই ছাল আৰু চুলিৰ বাবে যথেষ্ট উপকাৰী ৷ ভিটামিন Aৰ উপৰিও কমলাত থকা ভিটামিন Dয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷
কিৱি
যদিও কিৱি এবিধ বিদেশী ফল কিন্তু গোলকীকৰণৰ বাবে ই এতিয়া বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে অতি সহজে উপলব্ধ হৈ পৰিছে ৷ কিৱিত পটাছিয়াম, ভিটামিন C, ভিটামিন E, ভিটামিন Kক আদি কৰি কেইবাবিধো নিউন্ট্ৰিয়েন্টছ আছে ৷ ই দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে ৷ কিৱিত যথেষ্ট পৰিমাণে ফাইবাৰ, এন্টিঅক্সিডেন্ট, পটাছিয়াম থকাৰ উপৰিও ই এন্টি-ইনফ্লেমেটৰী, এন্টি-থ্ৰ’মবটিক হিচাপেও কাম কৰে যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও কিৱিয়ে হজমশক্তি বৃদ্ধি কৰে ৷
ডালিম
আমি সকলোৱে ডালিমৰ উপকাৰিতাৰ বিষয়ে অবগত ৷ ডালিম ফাইবাৰ, ভিটামিন K, ভিটামিন C, ভিটামিন B, আইৰণ, পটাছিয়াম, জিংক, অ’মেগা 6 ফেটী এচিডৰ আদিৰ দৰে নিউট্ৰিএন্টছৰে পৰিপূৰ্ণ ৷ ডালিমত থকা প্ৰতিৰোধ ক্ষমতাই ব্যক্তিৰ দেহক নিৰোগী কৰি ৰখাত সহায় কৰে ৷ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও ডালিমে কেনচাৰ প্ৰতিৰোধ কৰাৰ উপৰিও, ছাল আৰু চুলি স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ডালিমে ৰক্তচাপ নিয়ন্ত্ৰণৰ লগতে হৃদযন্ত্ৰণৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে ৷