নিউজ ডেস্ক, 29 ডিচেম্বৰ:হঠাৎ শৰীৰৰ অংগবোৰ নীলা হৈ পৰিছে ৷ খালে বা কান্দিলে জিভাখন নীলা হৈ পৰিছে! এই বিৰল ৰোগবিধ শেহতীয়াকৈ পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ এটি ডেৰ-দুবছৰীয়া শিশুৰ দেহত দেখিবলৈ পোৱা গৈছিল ৷ অত্যধিক মাত্ৰাত নীলা হোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবে শিশুটিও অজ্ঞান হৈ পৰিছিল ৷ এনে অৱস্থাত তেওঁক দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ অনা হয় ৷ চিকিৎসালয়খনৰ অ’পিডি বিভাগত প্ৰথমে শিশুটিক প্ৰত্যক্ষ কৰিছিল চিকিৎসকে ৷ তাৰ পিছত এই ৰোগ ‘ব্লু বেবী চিণ্ড্ৰম’ বুলি ধৰা পৰে ৷ এই বিৰল ৰোগত আক্ৰান্ত হৈছিল পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ এটি শিশু ৷ এই ৰোগ ধৰা পৰাৰ পিছতে চিকিৎসকে শিশুটিৰ অপাৰেশ্যন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ চিকিৎসকে জনোৱা মতে, বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ ৷
মুৰ্ছিদাবাদৰ লালগোলাৰ বাসিন্দা মহম্মদ জাবিৰ শ্বেখ ৷ পেছাত কাঠমিস্ত্ৰী ৷ পুত্ৰৰ অসুস্থতাৰ বাবে তেওঁ দেশৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া হৈছিল ৷ অৱশেষত তেওঁ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কাষ চাপিল ৷ চিকিৎসক কৌশিক মুখোপাধ্যায়ৰ তত্বাৱধানত পুত্ৰৰ চিকিৎসা আৰম্ভ হয় ৷ ইকোকাৰ্ডিঅ’গ্ৰামকে ধৰি কেইবাটাও পৰীক্ষাৰ অন্তত শিশুটিৰ সোঁফালৰ হৃদযন্ত্ৰৰ সমস্যা হোৱা দেখা গ’ল ৷ হৃদযন্ত্ৰৰ কক্ষবোৰত ফুটা আছে ৷ ফলত অক্সিজেন নথকা তেজ অক্সিজেনযুক্ত তেজৰ লগত মিহলি হৈ পৰে ৷ ইয়াৰ ফলত শৰীৰত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পায় ৷ ইয়াৰ বাহিৰেও শিশুটিৰ ওঁঠ কাটি যোৱাৰ বাবে খাদ্যখিনি শ্বাসনলীলৈ যায় ৷ পৰ্যাপ্ত খাদ্য শৰীৰত প্ৰৱেশ কৰা নাছিল ৷
এই সকলোবোৰ সমস্যা দেখি ডাঃ কৌশিক মুখোপাধ্যায়ে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত ল’লে ৷ কিন্তু এটা সমস্যাও আছে ৷ কাৰণ শিশুটিৰ ওজন আছিল ৯ কেজি ৷ অস্ত্ৰোপচাৰৰ বাবে ১২ কেজি ওজনৰ প্ৰয়োজন ৷ কিন্তু এই সকলোবোৰৰ মাজতো চিকিৎসক আৰু তেওঁৰ সহায়কসকলে শিশুটিৰ হৃদযন্ত্ৰৰ মুকলি অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শিশুৰ সোঁ আৰু বাওঁ নিলয়ৰ মাজৰ ফুটাটো অস্ত্ৰোপচাৰৰ দ্বাৰা বন্ধ কৰি দিয়া হয় ৷ ইয়াৰ পিছত শিশুটিক কিছুদিন ভেন্টিলেশ্যনত পৰ্যবেক্ষণত ৰখা হৈছিল ৷
কি হয় ‘ব্লু বেবী চিণ্ড্ৰম’ ?
ব্লু বেবী চিনড্ৰম হৈছে কিছুমান শিশুৰ জন্মৰ কিছু সময়ৰ পিছতে আৰম্ভ হোৱা এটা অস্বাভাৱিক অৱস্থা । এই ৰোগত ছালৰ ৰং নীলা হয় যাক চাইন’ছিছ বোলা হয় | যেতিয়া ছালখন নীলা হৈ পৰে তেতিয়া ছালখন পাতল হৈ পৰে আৰু সাধাৰণতে ওঁঠ, কাণৰ গুৰি আৰু নখত এই ৰোগে দেখা দিয়ে । যদিও ব্লু বেবী চিনড্ৰম এক বিৰল ৰোগ, তথাপিও জন্মগতভাৱে বহু ধৰণৰ হৃদযন্ত্ৰৰ বিসংগতি বা পৰিৱেশ বা জিনীয় কাৰণত ইয়াৰ সৃষ্টি হ’ব পাৰে ।